শিক্ষাহে দিলে সংস্কাৰ নিদিলে – মুনিন্দ্ৰ বৈশ্য

Pc CSRBox

শিক্ষাহে দিলে সংস্কাৰ নিদিলে

মুনিন্দ্ৰ বৈশ্য, ওদালগুৰি

ব্যক্তিৰ সমষ্টিয়েই পৰিয়াল, পৰিয়ালৰ সমষ্টিয়েই সমাজ। গতিকে ব্যক্তিগত পৰ্যায়ত ঘটা সৰু-বৰ প্ৰতিটো নেতিবাচক ঘটনাই সমাজত বিৰূপ প্ৰভাৱ পেলায়। কোনোবাটো ঘটনাই কমকৈ প্ৰভাৱ পেলায় আৰু কোনোবাটোই বেছিকৈ। বেছিকৈ প্ৰভাৱ পেলোৱা ঘটনাবোৰ কেতিয়াবা ইমানেই ভয়ংকৰ হৈ পৰে যে, প্ৰচণ্ড কঁপনি তুলি এই ঘটনাবোৰে সমাজখন তল-ওপৰ কৰি থৈ যায়, মানুহৰ মন-মগজ কাবু জোকাৰি যায়, এটা দৈত্যকায় ভয়ৰ বীজ সকলোৰে মনত গুজি থৈ যায়।

বন্দনা কলিতাৰ জঘন্য ‘ডাবল মাৰ্ডাৰ’ কাণ্ডৰ পৰা আৰম্ভ কৰি পো-জীৰ চূড়ান্ত মানৱতা বিৰোধী কাণ্ডৰ বাবে কিছুদিন আগতে অত্যন্ত মৰ্মান্তিকভাৱে অকাল মৃত্যুক আঁকোৱালি লোৱা যোৰহাটৰ অনুপমা দত্তৰ ঘটনাটোলৈকে হিচাপবিহীন কৰুণ, মৰ্মান্তিক আৰু জঘন্য ঘটনাৰ আমি জীৱন্ত সাক্ষী। পুত্ৰ-কন্যাৰ দ্বাৰা পিতৃ-মাতৃ হত্যা, পিতৃ-মাতৃৰ দ্বাৰা পুত্ৰ-কন্যা হত্যা, পুত্র-বোৱাৰীৰ দ্বাৰা শাহু-শহুৰ নিৰ্যাতন, বৃদ্ধ লোকৰ হাতত ফুলকোমলীয়া কিশোৰী ধৰ্ষিতা, বয়োজ্যেষ্ঠ মহিলাক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা, নৱজাতকৰ মৃত্যু কামনা কৰি ৰাজপথ-হাবিয়নীলৈ দলিওৱা আদি জঘন্য ঘটনাবোৰে সমাজৰ প্ৰতিজন ব্যক্তিকে শংকাৰ সাগৰলৈ নিক্ষেপ কৰে। চিন্তাৰ জগতত তোলপাৰ লগায়। ফলত সমাজৰ প্ৰতিজন ব্যক্তিয়ে কথাবোৰ গুৰিৰ পৰা নতুনকৈ ভাবিবলৈ লয়। চৌপাশে এটা প্ৰবল জন-জাগৰণৰ সৃষ্টি হয়। প্ৰত্যেকেই নিজকে বাৰে বাৰে প্ৰশ্ন কৰিবলৈ বাধ্য হয়― কেৰোণটো কোনখিনিত?

কিন্তু অতি পৰিতাপৰ কথা, শেষত আমি সকলোৱে বিচাৰি পাওঁ এটাই মাথোঁ উত্তৰ― “শিক্ষাহে দিলে, সংস্কাৰ নিদিলে।” ঠিক “তোৰ ছাগলী ভাল হ’লে হেঙাৰ ভাঙি আনৰ বাৰীত সোমাব যায় নেকি?” জাতীয় এটা তৰল ধাৰণা। এই উত্তৰটোতেই শেষ হয় আমাক খেদি ফুৰা প্রচণ্ড ভয়টো, শান্ত হৈ পৰে হয় উত্তেজিত মন-মগজ আৰু অন্ত পৰে সমাজত উদ্ভৱ হোৱা প্ৰবল জন-জাগৰণ। তাতোকৈ ভয়ংকৰ কথাটো হৈছে সেই উত্তৰটোতে ইতি পৰে আমাৰ চিন্তাৰ পৰিসৰ। তাতকৈ এখোজো গভীৰতালৈ আমি চিন্তা কৰিব নোৱাৰোঁ। কাৰণ অধিক গভীৰতালৈ আমি চিন্তা কৰাৰ প্ৰয়োজন অনুভৱ নকৰোঁ, আনৰ ঘৰ-সংসাৰত কি ঘটিছে আৰু কি ঘটিবলৈ গৈ আছে তাক লৈও মূৰ ঘমাবলৈ ইচ্ছা নকৰোঁ। না ব্যক্তি বিশেষে তেনে কৰিছে, না দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে কৰিছে। কোনেও কৰা নাই।

ধৰি লৈছোঁ সন্তানক মাক-দেউতাকে সংস্কাৰ নিদিলে, নাইবা দিব পৰা নাই। কিন্তু তাৰ অৰ্থ এইটো নেকি যে সন্তানক ধৰ্ষণকাৰী-বলাৎকাৰী হ’বলৈ মাক-দেউতাকে শিক্ষা দিছে? চোৰ-ডকাইত, হত্যাকাৰী-সন্ত্ৰাসবাদী হ’বলৈ মাক-দেউতাকে শিক্ষা দিছে? বেশ্যাগিৰী কৰিবলৈ, বেশ্যাগামী হ’বলৈ মাক-দেউতাকে শিকাইছে? শহুৰ-শাহুক অপমান কৰিবলৈ জীয়েকক মাক-দেউতাকে ঘৰতেই শিকাই পঠিয়াইছে? অশ্লীল ভিডিও প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰিবলৈ মাক-দেউতাকে শিকাইছে? বৃদ্ধ অৱস্থাত বলিয়া কুকুৰৰ দৰে ব্যৱহাৰ কৰিবলৈও সন্তানক কি মাক-দেউতাক, অভিভাৱকেই শিক্ষা দিছে?

নিশ্চয় দিয়া নাই। যদি সেয়াই হ’লহেঁতেন, তেন্তে একেখন ঘৰৰে এটা সন্তান সাধু হৈ আনটো সন্তান কুলাংগাৰ নহ’লহেঁতেন। শিশুৰ পৰা বৃদ্ধলৈকে সমাজৰ কোনেও কেতিয়াও নিজকে সংস্কাৰী বুলি দাবী কৰিব নোৱাৰিলেহেঁতেন। প্ৰতিজন লোকেই অসংস্কাৰী হ’লহেঁতেন, প্ৰতিজন লোকেই দোষী হ’লহেঁতেন। আৰু তেতিয়া সমাজখন চোৰ-ডকাইত, ধর্ষণকাৰী-বলাৎকাৰী, হত্যাকাৰী-অত্যাচাৰীৰে ভৰি পৰিলেহেঁতেন।

তেনেহ’লে আমি কি যুক্তিত সমাজত সঘনাই ঘটি থকা এনেবোৰ অমানৱীয় ঘটনাৰ বাবে বাৰে বাৰে পিতৃ-মাতৃ, অভিভাৱকক জগৰীয়া কৰি থাকোঁ? কোনে দিলে আমাক সেই অধিকাৰ? সেই অধিকাৰ আমাৰ নাই। তথাপিও আমি জোৰ যবৰদস্তি অধিকাৰ সাব্যস্ত কৰিছোঁ। বিচাৰৰ কাঠগৰাত সকলোতকৈ আগতে তেওঁলোককে থিয় কৰাইছোঁ। বাৰে বাৰে তেওঁলোককে ধিক্কাৰ দিছোঁ, অপমান কৰিছোঁ। কিয়?

এই পন্থা আমি লৈছোঁ এইবাবেই, কাৰণ ইয়াতকৈ সহজ উত্তৰ আমাৰ হাতত নাই। নিজক ধোৱা তুলসীৰ পাত সজাবলৈ কাৰোবাক ফাণ্ডত বজাবই লাগিব, নিজে দোষমুক্ত হ’ব লাগিলে আনক দোষাৰোপ কৰিবই লাগিব― এয়াই আমাৰ চৰিত্ৰ, এয়াই আমাৰ বিষয়বস্তু বিশ্লেষণৰ নমুনা, এয়াই আমাৰ চিন্তাৰ গভীৰতা।

কিন্তু আমি চিন্তাৰ পৰিধি সেইখিনিলৈকে বিস্তাৰ কৰিব পৰা নাই যে, এনে এটা সহজ উত্তৰত আশ্ৰয় লৈ আমি আমাৰ আচল দায়িত্ব আৰু কৰ্তব্যৰ পৰা পলাই ফুৰিছোঁ। আমি এইটোও উপলব্ধি কৰিব পৰা নাই যে, সমাজত ঘটি থকা এনেবোৰ সমাজবিৰোধী মৰ্মন্তুদ ঘটনাই আমাৰ দুৰ্বলতা, কেৰোণ আৰু অভাৱসমূহকেই আঙুলিয়াই দি আমাক বাৰে বাৰে সাৱধান বাণী শুনাই আছে। অথচ আমি তাৰ স্থায়ী সমাধান সূত্ৰ আৱিষ্কাৰ কৰাৰ প্ৰয়োজন অনুভৱ কৰা নাই। আনৰ ঘৰত যি হয় হৈ থাকক তাত মোৰ কি আহে যায়― এনে এটা পলায়নবাদী মনোভাৱ লৈ সামাজৰ প্ৰতি থকা দায়বদ্ধতাক আওকাণ কৰি আছোঁ। আমাৰ এনে পালয়নবাদী মানোভাৱে সমাজৰতো একো উপকাৰ সধা নায়েই, নিজৰ ঘৰখনৰো কোনো উপকাৰ কৰা নাই। বৰঞ্চ ব্যক্তি, পৰিয়াল আৰু সমাজখনৰ ঘোৰ অন্যায় সাধিছোঁ। আজিৰ যুগৰ মানুহৰ আটাইতকৈ ডাঙৰ ভুল সেইটোৱেই।

তাৰেই পৰিণতিত সমাজত এনেবোৰ অমানৱীয় ঘটনা বাৰে বাৰে ঘটি আছে। তাক লৈ কিছুদিন ধৰি সৰব চৰ্চা চলে, হোৱাই-নোহোৱাই কাৰোবাক গোৱাল গালি দিয়ে, দোষাৰোপ কৰে, অমুক হ’ল তমুক হ’ল বুলি চিঞৰ বাখৰ কৰে। বৰ বৰ হৰফেৰে কাকত ভৰি পৰে, টিভিত টক স্ব’ হয়, চিঞৰ-বাখৰ হয়, লাহে লাহে বিষয়টো তল পৰে, তাৰ পিছত সকলো গতানুগতিক। আকৌ এটা নতুন ঘটনা ঘটে, কিছুদিন ব্যাপক হাৰত চৰ্চা হয়, বায়ু-পানী গৰম কৰি তোলে, তাৰ পিছত সকলো পাহৰণিৰ গৰ্ভত বিলীন হয়, যেন একোৱেই ঘটা নাই। এনে এটা বৃত্তাকাৰ চক্ৰত চলি আছোঁ আমি, চলাই চলাই আছোঁ নিজক, চলাই আছোঁ পৰিয়ালটো আৰু চলাই আছোঁ সমাজখন। তথাপিও আমি বিষয়বস্তুৰ গভীৰতালৈ নাযাওঁ। আমাৰ ভুল ক’ত, কেৰোণ কি, অভাৱ কি তাক বিচাৰ-বিশ্লেষণ কৰি নাচাওঁ, আগ্ৰহ প্ৰকাশ নকৰোঁ। বেজাৰ লগা কথা, এই মৰ্মন্তুদ বিষয়বোৰে সমাজবিজ্ঞানী, মনোবিজ্ঞানীসকল আৰু গৱেষকসকলৰো চিন্তাৰ জগতত প্ৰভাৱ পেলাব পৰা নাই, নাই পৰা মানৱতাবাদী দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰো। যাৰ ফলস্বৰূপে বিষয়টো গৱেষণাৰ বিষয়বস্তু হৈ উঠা নাই।

অ হয়, নিউটনৰ তৃতীয় গতি সূত্ৰৰ দৰে প্ৰতিটো ঘটনাৰ আঁৰত একো একোটা বেলগ বেলেগ কাৰণ নিহিত থাকে। যিদৰে বন্দনা কাণ্ডৰ লগত অনুপমা কাণ্ডক ৰিজাব নোৱাৰি। যিদৰে ৰিজাব নোৱাৰি গুৱাহাটীৰ প্ৰখ্যাত আৰু উচ্চ শিক্ষিত চিকিৎসক দম্পত্তিয়ে সংঘটিত কৰা কাণ্ডটোৰ লগত জোনমণি ৰাভা-কাণ্ড। কিন্তু মানৱ সমাজলৈ প্ৰচণ্ড ভাবুকি কঢ়িয়াই অনা এই ধৰণৰ প্ৰতিটো ঘটনাৰ লগত কিছুমান উমৈহতীয়া কাৰণ জড়িত থাকে। আৰু সেই কাৰণবোৰ বিচাৰ-বিশ্লেষণ কৰাৰ দায়িত্ব আমাৰ সকলোৰে― ইয়াত জাত-পাতৰ কথা নাই, কথা নাই শিক্ষিত-অশিক্ষিতৰ আৰু কথা নাই ধনী-দুখীয়া, ৰাজঘৰ-প্ৰজাঘৰৰ।

শেষত এটা কথাই কওঁ, সংস্কাৰ এনেকুৱা বস্তু নহয় যে ইয়াক দিলেহে কোনোবাই ল’ব পাৰিব, নিদিলে নোৱাৰিব। সংস্কাৰ এনে এটা দূৰ্লঙঘ্য বস্তুও নহয় যে শৈশৱতে নল’লে প্ৰাপ্তবয়স্কত আৰু লোৱা অসম্ভৱ। কথাটো মুঠেও সত্য নহয়। তেনে হোৱাহেঁতেন দস্যু ৰত্নাকৰ মহৰ্ষি বাল্মীকি হ’ব নোৱাৰিলেহেঁতেন, জধামূৰ্খ কালিদাসো হ’ব নোৱাৰিলেহেঁতেন মহাকবি।