শিক্ষাবিদ ৰামেশ্বৰ শইকীয়াৰ শ্ৰদ্ধাঞ্জলি-গ্ৰন্থ ‘সচ্চিদানন্দ’ উন্মোচন

শিক্ষাবিদ ৰামেশ্বৰ শইকীয়াৰ শ্ৰদ্ধাঞ্জলি-গ্ৰন্থ ‘সচ্চিদানন্দ’ উন্মোচন

মানৱ জীৱনৰ ঋণ শুঁজিব পাৰি পৰোপকাৰেৰে—ডঃ দেৱজিৎ শইকীয়া ; 
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজ্যিক পুৰস্কাৰপ্ৰাপক অৱসৰী শিক্ষক, বিশিষ্ট সমাজ সেৱক, সাহিত্যসেৱী ডাঃ ৰামেশ্বৰ শইকীয়াৰ শ্ৰদ্ধাঞ্জলি-গ্ৰন্থ ‘সচ্চিদানন্দ’ আজি উন্মোচন কৰা হয়। শিক্ষাবিদগৰাকীৰ মৃত্যুৰ ষাণ্মাসিক তিথি উপলক্ষে আজি তেওঁৰ বিহিমপুৰ সত্ৰৰ বাসগৃহত অনুষ্ঠিত মাংগলিক কৰ্মৰ প্ৰাকমুহূৰ্তত আয়োজন কৰা স্মৃতিচাৰণ তথা গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে মাজুলী জিলা সাংবাদিক সন্থাৰ সভাপতি তথা সম্পাদনা সমিতিৰ সভাপতি দিবাকৰ শইকীয়াই। আৰম্ভণিতে বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে চামগুৰি সত্ৰ ৰাৱণাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দিলীপ চন্দ্ৰ মহন্তই। শিল্পী তুলিকা শইকীয়াৰ এটি গীতেৰে সভাখন শুভাৰম্ভ কৰা হয়। শ্ৰদ্ধাঞ্জলি-গ্ৰন্থৰ সম্পাদকদ্বয় ডঃ ব্ৰজেন চন্দ্ৰ নেওগ আৰু লোহিত শইকীয়াই আঁত ধৰা সভাত মুখ্য বক্তাৰ ভাষণ দিয়াৰ লগতে ‘সচ্চিদানন্দ’ শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই। প্ৰায় তিনিশ পৃষ্ঠাৰ গ্ৰন্থখনি উন্মোচন কৰি অধ্যক্ষ  ডঃ শইকীয়াই কয়, “সমাজৰ ওচৰত নিধৰুৱা হৈ এই জীৱন পাৰ কৰাটো সহজ কথা নহয়। মানৱ জনমৰ ঋণ শুঁজিব পাৰি কেৱল পৰোপকাৰৰ জৰিয়তেহে। বহুমুখী প্ৰতিভাৰ গৰাকী ৰামেশ্বৰ শইকীয়াই তেওঁৰ ৬৫ বছৰীয়া জীৱনত সমাজৰ কোনোটো ক্ষেত্ৰতে অপৰিশোধণীয় ঋণ থৈ যোৱা নাই।” সভাৰ আৰম্ভণিতে ৰামেশ্বৰ শইকীয়াৰ পৰিয়ালৰ হৈ সহধৰ্মিণী জ্যোতি শইকীয়াই সকলোকে আদৰণি  জনায়। পুত্ৰ ৰামানুজ ৰঞ্জন শইকীয়াই পিতৃৰ পৰা জীৱনত পোৱা আদৰ্শ শিক্ষাৰ বিষয়ে উল্লেখ কৰে। সভাত মাজুলী জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি শিক্ষাবিদ বিপিন শইকীয়া, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰভাত বুঢ়াভকত, জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰুৱাই ৰামেশ্বৰ শইকীয়াৰ জীৱনাদৰ্শ সম্পৰ্কে বক্তব্য আগ বঢ়ায়। সভাত চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মিণ্টুমণি দুৱৰীয়া, শিক্ষাবিদ উপেন বৰা, নিৰ্মল চন্দ্ৰ বৰা, পূব মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ দীপক বৰা, জীৱেশ্বৰ বৰা, সোমেশ্বৰ শইকীয়া, দধিৰাম বৰুৱা, কমল চন্দ্ৰ কলিতা, প্ৰমোদ বৰা, লক্ষেশ্বৰ শইকীয়া, উপেন বৰা, প্ৰদীপ শইকীয়া, প্ৰভাত গোস্বামী, বৰ্ণালী কলিতা বৰা, নোমল শইকীয়া, ৰামনাথ বৰা, দেৱৰ্ণা বৰা, নয়নমণি দত্ত, তুলতুল শইকীয়া প্ৰমুখ্যে দুই শতাধিক লোক উপস্থিত থাকে।