শিক্ষাবিদ লীল বাহাদুৰ ছেত্ৰীৰ বিয়োগত অসম সাহিত্য সভাৰ শোক প্ৰকাশ

শিক্ষাবিদ লীল বাহাদুৰ ছেত্ৰীৰ বিয়োগত অসম সাহিত্য সভাৰ শোক প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন মূৰব্বী অধ্যাপক, ১৯৮৭ চনত “ব্ৰহ্মপুত্ৰকো ছেও ছাও” নামৰ নেপালী ভাষাৰ উপন্যাস গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা প্ৰাপক প্ৰখ্যাত উপন্যাসিক, কেইবাখনো মূল্যবান উপন্যাস ৰচনা কৰি আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰা নেপালী ভাষাৰ জনপ্ৰিয় উপন্যাসিক, একেধাৰে কবি, নাট্যকাৰ, প্ৰৱন্ধকাৰ, গল্পকাৰ, নেপালী ভাষা আৰু সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াই ২০২০ চনত ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰা অসমৰ বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ লীল বাহাদুৰ ছেত্ৰীৰ ৯২ বছৰ বয়সত তেওঁৰ গুৱাহাটীৰ বি.বৰুৱাৰোডৰ মৰিশালিস্থিত নিজা বাসভৱনত ১৩ মাৰ্চত হোৱা বিয়োগৰ বাতৰি পাই অসম সাহিত্য সভাই গভীৰ দুখ প্ৰকাশ কৰিছে। অসমৰ সমাজ জীৱন বিশেষকৈ গোৰ্খা সমাজক নব্য চিন্তা চেতনাৰে উজ্জীৱিত কৰি ৰখা ছেত্ৰীৰ বিয়োগ অসমৰ জাতীয় জীৱনৰ বাবে অপূৰণীয় ক্ষতি।অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী, উপ-সভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই সভাৰ তৰফৰ পৰা পদ্মশ্ৰী ছেত্ৰীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷