শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট – ড°বুলজিৎ বুঢ়াগোহাঁই

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

ড°বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা   তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়

বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ টেষ্ট  আয়োজন কৰাৰ নামত শিক্ষাৰ্থীসকলৰ পৰা যোগাযোগৰ তথ্য সংগ্ৰহ কৰে। এই তথ্য সংগ্ৰহ কৰাৰ পিছত, সেই চেণ্টাৰসমূহে স্কলাৰশ্বিপ টেষ্টৰ ভিত্তিত প্ৰতিযোগিতামূলক পৰীক্ষাৰ কোচিঙৰ মাচুলত কিছু শতাংশ ৰেহাই দিয়া বুলি ঘোষণা কৰে। তাৰ পিছত, নামভৰ্তিৰ সময় সীমা বান্ধি দি  শিক্ষাৰ্থীসকলকক বাৰে বাৰে ফোন কৰি যোগদান কৰিবলৈ  অনুৰোধ কৰে। এই পৰিস্থিতিত শিক্ষাৰ্থীসকলে এটা কথা স্পষ্টকৈ উপলব্ধি কৰা উচিত — কেৱল মাচুল ৰেহাই পোৱা বুলি কোনো কোচিং চেণ্টাৰত নামভৰ্তি কৰা উচিত নহয়। উল্লেখযোগ্য যে, প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হ’বলৈ কোচিং ল’বই লাগিব বুলি কোনো কথা নাই।  কোচিঙৰ সহায় নোলোৱাকৈয়ে বহু শিক্ষাৰ্থীয়ে স্ব-অধ্যয়ন আৰু সঠিক পৰিকল্পনাৰে সফলতা লাভ কৰে। যদি কোনো শিক্ষাৰ্থীয়ে কোচিং চেণ্টাৰত নামভৰ্তি কৰিবলৈ মনস্থ কৰে, তেন্তে তাৰ আগতে চেণ্টাৰটোৰ শিক্ষাদানৰ গুণগত মান, শিক্ষকবৃন্দৰ অভিজ্ঞতা,পূৰ্বৰ ফলাফল, পাঠ্যক্ৰমৰ গঠন আৰু বিষয়বস্তু  , আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল শিক্ষাৰ্থীগৰাকীৰ ব্যক্তিগত লক্ষ্য আৰু ব্যক্তিগত শিক্ষণ প্ৰয়োজনীয়তা ভালদৰে বিশ্লেষণ কৰি সিদ্ধান্ত লোৱাটোৱেই  বুদ্ধিমানপূৰ্ণ আৰু দীৰ্ঘদৃষ্টি সম্পন্ন পদক্ষেপ হ’ব।