শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে ড্ৰেছ কোড নিৰ্ধাৰণ কৰি দিলে শিক্ষা বিভাগে
ৰঙিলী বাৰ্ত্তাসেৱা- বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে ড্ৰেছ কোড নিৰ্ধাৰণ কৰি দিলে শিক্ষা বিভাগে। শিক্ষক-শিক্ষয়িত্ৰীসকলে শালীনতাবোধ বজাই ৰখা সাজ-পোছাক পিন্ধিহে বিদ্যালয়লৈ আহিব লাগিব। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগে গুৰুত্বপূৰ্ণ নির্দেশনা জাৰি কৰিছে। ই-২৯৬১৮৬/৩ নম্বৰৰ নিৰ্দেশনাটোত কোৱা হৈছে যে শিক্ষা প্ৰতিষ্ঠানৰ একাংশ শিক্ষকে নিজ পছন্দ মতে পোছাক পৰিধান কৰাটো অভ্যাসত পৰিণত হোৱা দৃষ্টিগোচৰ হৈছে। যিটো ৰাজহুৱাভাৱে গ্রহণযোগ্য নহয় । শিক্ষকসকল, বিশেষকৈ কৰ্তব্যৰ সময়ত সকলো দিশৰ পৰা শালীনতা বজাই ৰখাৰ উদাহৰণ হোৱাটো আশা কৰা হয়। সেয়েহে কৰ্তব্যৰ স্থানত শিষ্টাচাৰ, শালীনতা আৰু গাম্ভীর্যতা বজাই ৰখাকৈ এক ‘ড্ৰেছ ক’ড’ অনুসৰণ কৰাটো প্ৰয়োজনীয়। এনে প্ৰেক্ষাপটত সকলো শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষাগুৰুৰ বাবে বিদ্যালয় শিক্ষা বিভাগে এক ‘ড্ৰেছ ক’ড’ নিৰ্ধাৰণ কৰি দিছে। সেই অনুসৰি শিক্ষকসকলে কৰ্তব্যৰ সময়ত জীন্ছ, টি ছাৰ্ট আদিৰ দৰে ‘কেজুৱেল ড্রেছ’ পিন্ধিব নোৱাৰিব। তেওঁলোকে কেৱল পিন্ধিব পাৰিব ফৰ্মেল ড্ৰেছ হৈ। শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত শালীনতা বজাই ৰখা ছেলোৱাৰ ছুইট, শাড়ী আৰু মেখেলা-চাদৰৰহে অনুমতি দিয়া হৈছে। নিষেধাজ্ঞা আৰোপ কৰা হৈছে জীন্ছ, টি ছাৰ্ট, লেগিংছ আদিৰ দৰে ‘কেজুৱেল ড্ৰেছ’ৰ ক্ষেত্ৰত । তদুপৰি শিক্ষক- শিক্ষয়িত্ৰী উভয়ে পৰিষ্কাৰ-শালীনতাবোধ থকা সংযত কাপোৰ পৰিধান কৰাটো নিশ্চিত কৰিব লাগিব। উক্ত ‘ড্ৰেছ ক’ড’ উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও স্পষ্ট কৰি দিয়া হৈছে নির্দেশনাটোত। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে বিদ্যালয়সমূহত কিছু শৃংখলা থাকিব লাগে। এই শৃংখলাৰ বাবেই স্কুল ৰুল বুকৰ ব্যৱস্থা কৰা হৈছে। স্কুল ৰুল বুক মতে পৰিপাটি সাজ-পোছাক পিন্ধি শিক্ষক-শিক্ষয়িত্রীসকল বিদ্যালয়লৈ আহিব লাগে। বিদ্যালয়ৰ অন্য কৰ্মচাৰীসকলকো মাৰ্জিত সাজ-পোছাক পিন্ধি আহিবলৈ তেওঁ আহ্বান জনায় ৷

