শিক্ষক ভিক্টৰ দাসক গ্ৰেপ্তাৰ

শিক্ষক ভিক্টৰ দাসক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ দদৰা-পছৰীয়াৰ শিক্ষক তথা কোচিং গুৰু ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰে। AS 01DV 5125 বাহনখন গৈ আছিল গুৱাহাটীৰ পৰা হাজো পথেৰে। নিশা দদৰা উচচতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত ভিক্টৰ দাসে পথ আগচি ধৰি বাহনখন আক্রমণ কৰাৰ লগতে গাড়ীৰ লোকজনকো আক্রমণ কৰে ভিক্টৰ দাসে। ঘটনাৰ পিছত আক্রমণৰ বলি হোৱা লোকজনে দদৰা আৰক্ষীক এজাহাৰ দাখিল কৰে। এজাহাৰ পোৱাৰ পিছতে নিশাই দদৰা আৰক্ষী উপস্থিত হয় ভিক্টৰ দাসৰ বাসগৃহত। দদৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত অধিক্ষক অৰ্জুন তালুকদাকো বেয়াকৈ মাৰধৰ কৰে। তাৰ পিছতে আৰক্ষীৰ বৃহৎ দল এটাই। নিজ বাসগৃহৰ পৰা ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰে। এতিয়া থানাৰ আলহী শিক্ষক ভিক্টৰ দাস।