শিক্ষক নিযুক্তিৰ দাবী

শিক্ষক নিযুক্তিৰ দাবী জংগী আন্দোলন গঢ়ি তোলাৰ দাবী শিক্ষক-কৰ্মচাৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  সদৌ অসম ২০২১-২২-২৩ বৰ্ষত প্ৰাদেশিকৃত স্নাতক মহাবিদ্যালয়কে ধৰি উচ্চ প্ৰাথমিক বিদ্যালয়লৈকে সৰ্বস্তৰৰ অনা শিক্ষক কৰ্মচাৰী সকলৰ যৌথ মঞ্চৰ গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেল আয়োজন কৰে৷সংবাদ মেলত তেওঁলোকৰ দীৰ্ঘ দিনীয়া দাবী সমূহৰ বিষয়ত এক সংবাদ মেল সম্বোধন কৰে।মূল দাবী হ’ল ২০১৮ চনৰ সংশোধনী খিনি অহা অক্টোবৰ মাহত প্ৰাদেশিকীকৰণ সংশোধনী নতুন আইন খনত স্নাতক মহাবিদ্যালয়, উচ্চতৰ প্ৰাথমিক বিদ্যালয়, জ্যেষ্ঠ প্ৰাথমিক বিদ্যালয়,উচ্চ মাধ্যমিক বিদ্যালয় আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত প্ৰায় ৩১৮৯ জন অনা শিক্ষক কৰ্মচাৰীৰ পদ নিয়ামীয়া পদত উন্নীত কৰণ আৰু অসমৰ মহাবিদ্যালয়, জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মৃত্যু বৰণ কৰা, অৱসৰ লোৱা অনা শিক্ষক কৰ্মচাৰী খিনিক ১০ লাখ টকাৰ গ্ৰেচুইটি প্ৰদান কৰা। অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক বাৰম্বাৰ আবেদন কৰাৰ পিছতো একো নকৰিলে। গতিকে তেওঁলোকৰ চৰকাৰৰ প্ৰতি আহ্বান, এই দাবী সমূহ অহা ছেপ্টেম্বৰ মাহৰ বাজেট অধিবেশনত যদি কোনো এক সিদ্ধান্ত লৈ ধাৰ্য্য নকৰে তেন্তে এক জঙ্গি আন্দোলন, দিছপুৰ ঘেৰাও কাৰ্য্যসূচী আদি কৰিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। সংবাদ মেলত সম্পাদক মহিদুল কবিৰ, উপ সভাপতি আনিছুৰ ৰহমান, মুখ্য সাংগঠনিক সম্পাদক নৃপেন তালুকদাৰ, সদস্য কৃষ্ণ কান্ত তালুকদাৰকে আদি কৰি কেবাজনো ব্যক্তি উপস্থিত থাকে৷