শিক্ষক দিৱস – ৰশ্মি ৰেখা  দুৱৰা

শিক্ষক দিৱস
ৰশ্মি ৰেখা  দুৱৰা
গুৰুৱে হৈছে মহান আত্মাৰ ব্যক্তি
জ্ঞানেৰে পূৰ্ণতম
যি নিজে জ্বলি আনক পোহৰ বিলাই
যাক দিয়া যায়
পিতৃ মাতৃতকৈয়ো উচ্চ স্থান।
অন্ধকাৰ নাশ কৰি পোহৰৰ পথত
অগ্ৰসৰ হোৱাৰ পথ দেখুওৱা জনেই গুৰু
মানৱ সভ্যতা বিকাশতো
শিক্ষাৰ অশেষ গুৰুত্ব।
সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিনটোতেই
আবিৰ্ভাৱ হৈছিল শিক্ষক দিৱসৰ।
হে গুৰু প্ৰণামো তোমাক …
প্ৰত্যেক জন গুৰুকে স্মৰণ কৰোঁ
আজিৰ দিনটোৰ প্ৰতিটো প্ৰভাততে।
শিক্ষাই জীৱনৰ প্ৰাণকেন্দ্ৰ
গুৰুক শ্ৰদ্ধা জনায়
পদাংক অনুসৰণ কৰিয়ে
জীৱনৰ সুফল প্ৰাপ্তি হওঁ,
সেইয়ে আজি শুভক্ষণত
সকলো গুৰুলৈ সশ্ৰদ্ধ প্ৰণাম।