শিক্ষক দিৱস
বিশ্বজিৎ বৈশ্য
বংশৰ (শুৱালকুছি)
সমগ্ৰ দেশতে ৫ চেপ্তেম্বৰ তাৰিখে শিক্ষক দিৱস পালন কৰা হয় ৷ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম বাৰ্ষিকীত শিক্ষক দিৱস হিচাপে পালন কৰা হয় ৷এই উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন বিষয়ত ভাষণ প্ৰদান কৰি শিক্ষক সকলক সম্ভাসন জনায়, লগতে শিক্ষকলৈ বিভিন্ন উপহাৰ আগবঢ়ায় ৷ ৫ ছেপ্তেম্বৰৰ দিনটোত প্ৰতি বছৰে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ে বিদ্যালয়ে আয়োজন কৰা দেখা যায় বিভিন্ন কাৰ্যসূচীৰ আকৰ্ষণ। সমাজ জীৱনতো তেওঁলোকে বিশেষভাৱে জড়িত হোৱা দেখা যায়। আনহাতে,শিক্ষকসকল কেৱল ছাত্ৰ-ছাত্ৰীৰ মাজত জ্ঞানৰ বাহকেই নহয়, তেওঁলোক একো একোগৰাকী দেশৰ ভৱিষ্যৎ নাগৰিকসকলৰ দিক-নিৰ্দেশক । এই কামত তেওঁলোক সদায় ব্ৰতী থাকি জ্ঞানৰ পোহৰ বিলাই ছাত্র-ছাত্রীৰ লগতে সমাজৰো বিভিন্ন দিশত কাম- কাজৰ জড়িয়তে আগবঢ়াই নিয়া দেখা যায়।