শিক্ষক দিৱস
দিপ্তী মনি গোস্বামী
লখিমপুৰ (লালুক)
ভাৰত মাতাৰ তুমি বৰেণ্য নন্দন
তুমি সৰ্বপল্লী ৰাধাকৃষ্ণণ,
বীৰাস্বামীৰ ঔৰষজাত
স্বিতাম দেৱীৰ উদৰস্থিত
তুমি ভাৰতৰ সু সন্তান।
তুমি জ্ঞানৰ আকৰ
তুমি প্ৰজ্ঞাৰ খনিকৰ
পাণ্ডিত্যৰ স গৰ্ভা বিশাল সাগৰ
জ্ঞান সাধনাৰ বাটকটিয়া
তুমি বন্দিত মহাসাগৰ।
কৰ্মযোগী দাৰ্শনিক তুমি
যোগ শ্ৰেষ্ঠ মনিষী,
বিৰল প্ৰতিভাৰে অলংকৃত তুমি ভাৰত ৰত্ন
তোমাৰ জ্ঞান সাগৰৰ নাই আদি অন্ত।
ব্যক্তিত্বৰ চানেকিৰে ইতিহাসৰ পাতত
লিখি গ’লা তুমি নিজৰ নাম,
লভিলা দেশৰ প্ৰথম নাগৰিকৰ সন্মান
আজিও জিলিকি আছে হৈ বিদ্যমান।
শৈক্ষিক পাদ প্ৰদেশত তুমি চিৰ নমস্য
তাত নাই কোনো সন্দিহান,
তোমাৰ বলতে প্ৰজ্ঞাৰ সাধকবোৰ হৈ বলীয়ান
তোমাৰ জন্ম তিথি সদায় হৈ আছে উদযাপন
শিক্ষক দিৱস নামৰ নাম দি বিশেষণ।।