“শিক্ষক দিৱস” এটি সমীক্ষা – নাছিৰ আহমেদ

“শিক্ষক দিৱস” এটি সমীক্ষা 
নাছিৰ আহমেদ,
শিমলাবাৰী গোৱালপাৰা
প্ৰতি বছৰে ভাৰতৰ প্ৰান্তে প্ৰান্তে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত বা বিভিন্ন বেচৰকাৰী সংস্থাৰ তত্বাৱধানত বিভিন্ন শিক্ষানুষ্ঠান তথা প্ৰশাসনিক কাৰ্যালয় সমূহত ভাৰতৰ প্ৰাক্তন প্ৰেছিডেন্ট , দাৰ্শনিক তথা শিক্ষাবিদ ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিৱস ৫ই চেপ্তেম্বৰ” শিক্ষক দিৱস” হিচাপে  জাকজমকতাৰে উদ্ যাপন কৰি আমাৰ দেশত ঢাক ঢোল বজাই কৃতি শিক্ষক সকলক সম্বৰ্ধনা জনোৱা হয়।(তাতো আকৌ ৰাজনীতি কৰণৰ মাজেদি ) যেতিয়া আদৰ্শৱান, নিষ্ঠা সহকাৰে শিক্ষাদান কৰা শিক্ষক বা শিক্ষয়িত্ৰী এগৰাকীয়ে ৰাজ্যিক বা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কৃতি শিক্ষক  হিচাপে সম্বৰ্ধনা পায়, তেতিয়া আনন্দত আমাৰ বুকু ফুলি উঠে।কিন্তু, যেতিয়া আমি দেখিবলৈ পাওঁ- দিনটোৰ বেছিভাগ সময়  শিক্ষক এগৰাকীয়ে অফিচে অফিচে টহল দি ফুৰা, মন্ত্ৰী, বিধায়কৰ পদূলি শুঙা, লেজ ধৰি ঘূৰা, পাৰ্টিৰ মিটিঙত লেকচাৰৰ বখলা মেলা , বিদ্যালয়ত মাজে মাজে ভূমুকি মৰা  শিক্ষক গৰাকীয়ে ৰাজ্যিক বা ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা লাভ কৰে, তেতিয়া এইবোৰ ভেকোঁভাওনা  যেন নেলাগে নে? যি কি নহওঁক,বছৰত এবাৰ শিক্ষকক সম্বৰ্ধনা জনোৱাৰ বাহিৰে শিক্ষক সকলৰ বাবে চৰকাৰে নো এতিয়ালৈকে এনে কি  অভিলাষী আঁচনি গ্ৰহণ কৰিছে বাৰু? ২০০৫ চনৰ পিছত নিযুক্তি পোৱা শিক্ষক সকলৰ” নতুন পেন্সন আঁচনি “য়ে তেওঁলোকৰ ভৱিষ্যৎ অনিশ্চিত কৰি তুলিছে। তাৰ আগৰ শিক্ষকসকলেও অৱসৰ কালীন ধন আদি সংগ্ৰহ কৰোঁতে ৰঙা ফিটাৰ মেৰপেঁচত পৰি যথেষ্ট হাৰাশাস্তি ভূগিব লগা হয়। দুৰ্ঘটনাগ্ৰস্ত কোনো শিক্ষক আহত বা নিহত হ’লে তৎক্ষণাত কোনো ধৰণৰ আৰ্থিক সাহায্য  চৰকাৰী ভাৱে আগবঢ়োৱা দেখা নাযায়। শিক্ষক সকলৰ পৰিয়ালৰ বাবে খাদ্য, বস্ত্ৰ, শিক্ষা, স্বাস্থ্য আৰু বাসস্থানৰ বাবে কোনো ব্যৱস্থা এতিয়া লৈকে চৰকাৰে লোৱা নাই ।শিক্ষকৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ-কন্যা বা  পত্নীয়ে উচ্চ শিক্ষিত হোৱা সত্ত্বেও খুব কমেই চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হয়। নিজ হাতে গঢ়া বহু বিদ্যালয়ৰ শিক্ষক বা শিক্ষয়িত্ৰীয়ে বিনা দৰমহাৰে অৱসৰ গ্ৰহণ কৰাৰ কথা চিন্তনীয় বিষয়। এনেকি ঋণৰ দুৰ্বিসহ  বোজা সহিব নোৱাৰি বহুত শিক্ষকে আত্মহত্যাৰ পথ বাচি লব লগা হৈছে এইখন অসম মুলুকত । তেওঁলোকৰ পৰিয়ালৰ কথা ভৱা মানুহতো নায়েই।অথচ,শিক্ষক সকলক অন লাইন আৰু অফ লাইনত ছাত্ৰ-ছাত্ৰীক নিয়মীয়াকৈ শিক্ষাদান কৰাৰ উপৰিও বিভিন্ন ধৰণৰ চৰকাৰী নিৰ্দেশ ,যেনে – লোকপিয়ল আৰু অৰ্থনৈতিক গণনা কাৰ্যৰ উপৰিও পঞ্চায়তৰ পৰা বিধানসভা আৰু লোকসভাৰ নিৰ্বাচনৰ সকলো দায়িত্ব পালন কৰিব লগা হয়। শিক্ষকসকলে এই দায়িত্ব পালন কৰাত সামান্য হীন-দেঢ়ি হলেই ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক তথা ৰাইজ, শিক্ষা-বিভাগৰ কৰ্তৃপক্ষ , ৰাইজৰ প্ৰতিনিধি আৰু মন্ত্ৰীৰ দ্বাৰা তেওঁলোকে ভৰ্ৎসনা আৰু কঠোৰ শাস্তিৰ সন্মূখীন হ’ব লগা হয়গৈ। অৱশ্যে কিছুমান তথাকথিত শিক্ষকে শিক্ষকতা বৃত্তিৰ দৰে মহান দায়িত্ব সুকলমে পালন নকৰি নানা ধৰণৰ  কুকৰ্মত যেনে মদ,ভাং, ড্ৰাগচ সেৱন আৰু ব্যৱসায় , নাৰী সৰবৰাহ  ; এনেকি ফুল কুমলীয়া ছাত্ৰীক ধৰ্ষণ , দুৰ্নীতি আদিত লিপ্ত হোৱা দেখা যায়। ধিক! এইধৰণৰ শিক্ষকৰ মানসিকতাক!যি কি নহওঁক, আগৰ যুগত আমাৰ দেশত ৰজাসকলে পণ্ডিত সকলক মাটি -ভেটি, সোণৰ মোহৰ, সা-সম্পত্তি ,যান বাহন দি ,গৃহ নিৰ্মাণ কৰি, স্বাস্থ্য সুৰক্ষা দান কৰি সামগ্ৰিক ভাবে নিৰাপত্তা দান কৰিছিল । এতিয়াও পাশ্চাত্য দেশসমূহত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পৰা বিশ্ববিদ্যালয়ৰ শিক্ষকসকললৈকে অন্যান্য বিভাগৰ কৰ্মচাৰীৰ তুলনাত বেছি দা-দৰমহা আৰু অধিক সুবিধা দান কৰা দেখা যায়। অথচ, আমাৰ দেশ তথা আমাৰ অসম ৰাজ্যৰ ৰাজ্যিক চৰকাৰে নতুন পেন্সন নীতিৰ আধাৰত শিক্ষকসকলক অন্ধকাৰ ভৱিষ্যতৰ পিনে ঠেলি দিয়াৰ উপৰিও অমঞ্জুৰি-প্ৰাপ্ত শিক্ষক, অনিয়মীয়া, কন্ট্ৰাকচুয়েল  শিক্ষক নিযুক্তি আৰু বৰ্তমান টিউটৰ শিক্ষক হিচাপে নিযুক্তি দিয়া  শিক্ষকসকলে ন্যুনতম দৰমহাৰে সংসাৰৰ মহাভাৰ  পালন কৰিবলৈ গৈ বাৰে বাৰে উজুটি খাব লগীয়া হৈছে।  তেওঁলোকে প্ৰাইভেট টিউচন কৰি সংসাৰৰ জোৰা -টাপলি মাৰিবলৈগৈও চৰকাৰৰ কঠোৰ নিষেধাজ্ঞাৰ সন্মুখীন হৈছে। যাৰ ফলত বেছিভাগ শিক্ষকৰ কুলাই পাচিয়ে নধৰা দুখ হৈছে।এনে ক্ষেত্ৰত, বৰ্তমান চৰকাৰে প্ৰতেক বছৰ ৫ই চেপ্তেম্বৰ দিনা ডঃ সৰ্ব্বপল্লী ৰাধা কৃষ্ণণক সন্মান প্ৰদৰ্শন কৰি শিক্ষক সমাজক সম্বৰ্ধনা জনালেই নহ’ব   ; শিক্ষক সকলক সম্পূৰ্ণ নিৰাপত্তা দান কৰি তেওঁলোকৰ শাৰীৰিক, মানসিক ,বুদ্ধিমত্তাৰ বিকাশৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টিৰ বাবে চৰকাৰে আগবাঢ়ি অহা উচিত। তেতিয়াহে আমি শিক্ষক সকলৰ পৰা দ্বিতীয় এজন ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ ,ডঃ জাকিৰ হুছেইন আদি মহা পণ্ডিত, দাৰ্শনিক লাভ কৰিব পাৰিম।