শিক্ষক দিৱস আৰু কিছু আনুসংগিক চিন্তা – নিবেদিতা হাজৰিকা

শিক্ষক দিৱস আৰু কিছু আনুসংগিক চিন্তা

নিবেদিতা হাজৰিকা,
লখিমপুৰ

৫ ছেপ্টেম্বৰ – সমগ্ৰ শিক্ষক সমাজৰ বাবে এক বিশেষ দিন।অৰ্থাৎ শিক্ষক সকলৰ সন্মানাৰ্থে  পালন কৰা এটা দিৱস।  সেই দিনটোতে বিশিষ্ট শিক্ষাবিদ, পণ্ডিত , দাৰ্শনিক তথা ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী  ৰাধাকৃষ্ণণ দেৱৰ জন্ম বাৰ্ষিকী আৰু সেই বিশেষ দিনটোতে  জ্ঞানৰ  খনিকৰ, নীৰৱ সেৱক তথা সমাজৰ অভিভাৱক স্বৰূপ শিক্ষক সকলক শ্ৰদ্ধা জনোৱা হয়। ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱৰ  জন্মোৎসৱত শিক্ষকৰ  বৰঙণি স্মৰণ কৰা , তেওঁলোকৰ ত্যাগ  তথা আদৰ্শক সন্মান জনোৱাৰ লগতে শিক্ষকতা বৃত্তিৰ মহত্বক উপলব্ধি কৰাৰ লগতে শিক্ষক সকলৰ সন্মানাৰ্থে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়।

শিক্ষক এডাল মমবাতিৰ দৰে ,যিয়ে নিজে জ্জ্বলি আনক পোহৰায়। শিক্ষকতা এনে এটি বৃত্তি যিটো বৃত্তিত সবাতোকৈ অধিক সন্মান পোৱা যায় আৰু সন্মান প্ৰদৰ্শন কৰা দেখা যায়। এগৰাকী ব্যক্তিৰ তৃতীয় নয়ন হৈছে শিক্ষা আৰু যি সকলে জ্ঞানৰ বন্তিৰে এগৰাকী ব্যক্তিৰ তৃতীয় নয়ন প্ৰদীপ প্ৰজ্জ্বলিত কৰে তেওঁলোকেই হৈছে  শিক্ষক। এগৰাকী শিক্ষক  অবিহনে জীৱনত কোনেও সাৰ্থকতা লাভ কৰিব নোৱাৰে। জীৱনৰ বাটত বিভিন্ন স্তৰত আমাৰ প্ৰত্যেককে ভিন্ন শিক্ষকৰ প্ৰয়োজন হয়। জ্ঞানৰ খনিকৰে জ্ঞানৰ পোহৰেৰে আলোকিত হৈ আনকো উজ্জ্বলাই তোলে। সেই বাবেই শিক্ষকতা বৃত্তিক এক মহান বৃত্তি আৰু শিক্ষক সকলক  সমাজ তথা দেশৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি অভিহিত কৰা হয়।

কিন্তু শিক্ষকতাৰ দৰে মহান বৃত্তিত নিয়োজিত হৈ থকা শিক্ষক সকলৰ মানসিক সুস্থতাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দেখা নাযায়।  অথচ ই এটা অতি প্ৰয়োজনীয় বিষয়।শিক্ষকৰ শিক্ষাদান  কৰ্ম  সফল হ’বলৈ  হ’লে শিক্ষক জনৰ মানসিক সুস্থতাৰ ওপৰত  বিশেষ ধ্যান দিয়াটো খুবেই প্ৰয়োজনীয়।কিয়নো , মানসিক ভাবে  সুস্থ-সৱল  ব্যক্তি এজনেহে যিদৰে কোনো এটা কাম সুস্থ ভাবে সম্পন্ন কৰিব পাৰে, ঠিক সেইদৰে শিক্ষক এজন সুস্থ হৈ থাকিলেহে শিক্ষাৰ্থীক সুস্থ ভাবে পাঠদান কৰাবলৈ সক্ষম হ’ব।

শিক্ষকৰ মানসিক সুস্থতাৰ যত্ন লোৱাটো এক দীৰ্ঘম্যাদী  প্ৰক্ৰিয়া । শিক্ষকৰ মানসিক দিশৰ লগত বহু কথা নিৰ্ভৰ কৰে। ই এটা অতি স্পৰ্শকাতৰ বিষয়।শিক্ষক সকলক  মানসিক চাপৰ পৰা সকাহ দিয়া, শিক্ষকৰ মানসিক দিশৰ উন্নতি ঘটোৱা আদি বিষয় সমূহ কোনো কাৰণতে  উলাই কৰিব নোৱাৰি বা উলাই কৰিব পৰা বিষয় নহয়।শিক্ষকৰ  মানসিক সুস্থতাৰ দিশটো সাধাৰণতে উলাই কৰা বা অৱহেলা কৰাৰ  ফলত শিক্ষকৰ শিক্ষণ কাৰ্য,কৰ্মস্থলীত,  বিদ্যালয়ৰ পৰিৱেশ তথা ব্যক্তিগত জীৱনত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰাৰ পূৰ্ণ সম্ভাৱনা থাকে।

শুনিবলৈ আচহুৱা যেন লাগিলেও এটা কথা সঁচা যে , শিক্ষকতা  বৃত্তিটো এটা চাপপূৰ্ণ পেছা ।যিয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হয়।শ্ৰেণী কক্ষত সুকলমে পাঠ দান কৰোৱা, শিক্ষাৰ্থীৰ চাহিদা পূৰণ কৰা, পৰীক্ষাৰ চাপ,প্ৰশাসনিক কাম-কাজ( চৰকাৰী শিক্ষকৰ), অভিভাৱক সকলৰ আশা-প্ৰত্যাশা পূৰণ কৰাৰ দৰে বিভিন্ন চাপ থাকে শিক্ষক সকলৰ ওপৰত।এই ধৰণৰ চাপৰ ফলত শিক্ষকৰ মানসিক তথা শাৰীৰিক দিশৰ ওপৰত প্ৰভাৱ পৰাটো নিত্যান্তই স্বাভাৱিক।এই ধৰণৰ চাপ কেতিয়াবা মানসিক অৱসাদৰ কাৰণো হৈ পৰে।

শিক্ষকৰ বৃত্তিটো ওপৰে -ওপৰে চালে সকলোতকৈ মসৃণ আৰু বিশেষ কষ্টৰ বৃত্তি যেন বোধ হয়।  প্ৰকৃততে এই বৃত্তিটো একেবাৰেই চাপমুক্ত নহয়,বৰঞ্চ ই এক চাপ যুক্ত বৃত্তিহে। এই বৃত্তিৰ লগত জড়িত থকা সকল শাৰীৰিক তথা মানসিক  ভাবে সুস্থ হৈ থকাটো একান্ত প্ৰয়োজনীয়।অন্যথা শিক্ষণৰ মান হ্ৰাস, ছাত্ৰ-ছাত্ৰীৰ সৈতে সম্পৰ্ক গঢ় লৈ উঠাৰ সমস্যা, শাৰীৰিক -মানসিক ভাবে দুৰ্বল কৰি তোলা, নিজ বৃত্তিৰ প্ৰতি শ্ৰদ্ধা তথা আকৰ্ষণহীনতা আদিৰ দৰে বিভিন্ন সমস্যা উদ্ভৱ হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ বাবে শিক্ষকে  ব্যায়াম, যোগ, ধ্যান আদিৰ দৰে বিষয় সমূহৰ লগত জড়িত হৈ মানসিক  তথা শাৰীৰিক  বিকাশ সাধন কৰিব পাৰে আৰু প্ৰয়োজন হ’লে মনোবিজ্ঞানী বা চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে বা ল’ব লাগে।

শিক্ষক সকলো মানুহ ,যন্ত্ৰ নহয়। ইয়াত চৰকাৰী -বেচৰকাৰী বুলি কথা নাই। চৰকাৰী সকলে চৰকাৰী দৰমহা লাভ কৰিছে আৰু ব্যক্তিগত খণ্ডৰ সকলে সামান্য পাৰিতোষিকৰ বিনিময়ত শিক্ষাদানত ব্ৰতী হৈ আছে। কিন্তু কোনোৱে চাপমুক্ত হৈ কাম কৰিব পৰা নাই। শিক্ষক সকলক চাপমুক্ত কৰি ৰাখিবলৈ বা মানসিক সুস্থতাৰ বাবে কোনো ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই ।অথচ মানৱ সম্পদ গঢ়োতা, জ্ঞানৰ খনিকৰ ,নীৰৱ সেৱক সকলে নীৰৱে নিজ দায়িত্ব-কৰ্তব্য পালনত ব্ৰতী হৈ আছে।শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত এই মহান ত্যাগী সকললৈ মোৰ সহস্ৰ প্ৰণাম।