শিক্ষক দিৱসৰ কথাৰে- ইকবাল হুছেইন

শিক্ষক দিৱসৰ কথাৰে

শিক্ষক এগৰাকী প্ৰজ্বলিত বন্তিৰ দৰে, যিয়ে নিজে উমি উমি জ্বলি আনৰ মাজত পোহৰ বিলায়। এগৰাকী শিক্ষাগুৰুৰ ধৈৰ্য, ত্যাগ, প্ৰেৰণা আৰু উদাৰতা অনস্বীকাৰ্য। ছাত্র-ছাত্রী তথা সমাজত তেওঁলোকৰ অনৱদ্য অৱদান অনন্য, অতুলনীয়। সেয়ে তেওঁলোকৰ সন্মানাৰ্থে প্ৰতি বছৰেই শিক্ষক দিৱস পালন কৰি অহা হৈছে। আজি ৫ ছেপ্তেম্বৰ, শ্ৰদ্ধাৰ শিক্ষক সকলৰ সন্মানাৰ্থে সমগ্র দেশজুৰি উলহমালহেৰে পালিত হয় শিক্ষক দিৱস। প্ৰতি বছৰ ৫ ছেপ্টেম্বৰৰ দিনা শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলক সন্মান প্ৰদৰ্শন কৰাৰ লগতে শৈক্ষিক ক্ষেত্ৰখনলৈ বা সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক পুৰস্কৃত কৰা হয়। শিক্ষকসকল হৈছে সমাজৰ পিতামহস্বৰূপ৷ শ্ৰদ্ধাৰ শিক্ষক সকলে প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে জীৱনৰ অতি মূল্যবান সময় শিশুৰ সৈতে অতিবাহিত কৰে৷ সেইহেতুকে সমাজ এখনত প্ৰকৃত মানৱ সম্পদ সৃষ্টি কৰাৰো মূল দায়িত্ব শিক্ষকসকলৰ ওপৰতেই পৰে৷ কেৱল সাধাৰণ শিক্ষা প্ৰদানেই শিক্ষকসকলৰ মূল উদ্দেশ্য নহয় বৰঞ্চ নৈতিকতা, মূল্যবোধৰ শিক্ষা দিয়াৰ সমান্তৰালকৈ একো একোজন শিক্ষাৰ্থীক উদাৰবাদী আৰু ধৰ্মনিৰপেক্ষ মানৱৰূপে গঢ়ি তুলিবলৈ একান্ত মনে চেষ্টা কৰে৷ প্ৰখ্যাত শিক্ষাবিদ ড০ ৰাধাকৃষ্ণণে বিশ্বাস কৰিছিল যে, শিক্ষাৰ্থীসকলক যদি সঠিক পদ্ধতিৰে গুণগত শিক্ষা দিয়া হয় তেন্তে সমাজৰ পৰা অনেকো অপশক্তিক বিনাশ কৰিব পৰা যাব৷ তেওঁৰ বক্তব্যত যি শিক্ষাৰ কথা উল্লেখ কৰিছিল সেই শিক্ষাৰ অন্তৰালত কেৱল স্কুলীয়া শিক্ষাই নাছিল। তেওঁ ছাত্ৰ-ছাত্ৰী সকলৰ মানৱীয় উৎকৰ্ষ সাধনৰ লগতে নৈতিকভাৱে সুস্থ-সৱল, সচেতন আৰু সহিষ্ণুতাপৰায়ণ কৰি গঢ়ি তোলাৰ ওপৰত জোৰ দিছিল বা তেনে শিক্ষা প্ৰদানৰ কথাহে কৈছিল৷ শিক্ষাদান মানেই পাঠ্যপুথিৰ শিক্ষা নহয়৷ বিদ্যালয়ৰ সাধাৰণ শিক্ষাই ছাত্ৰ এজনক ডিগ্ৰী প্ৰদান কৰিব পাৰিব ঠিকেই কিন্তু মানৱীয় উৎকৰ্ষতাৰ শিক্ষা প্ৰদান কৰিব নোৱাৰিবও পাৰে৷ সেয়ে আজিৰ এই পৱিত্ৰ শিক্ষক দিৱসৰ দিনা প্ৰয়াত ভূতপূৰ্ব ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণে শিক্ষাৰ ওপৰত আলোকপাত কৰা প্ৰতিটো কথাকে আমাৰ শিক্ষক, ছাত্র-ছাত্রী সকলোৱে অনুধাৱন কৰিব লাগিব৷ আজিৰ এই কঠিন আৰু এশএবুৰি বেমেজালিৰে পৰিপূৰ্ণ সমাজখনত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী অনেক প্ৰত্যাহ্বানৰ সন্মূখীন হ’বলগীয়া হৈছে। হিংসা, ঘৃণা, নিন্দা, ইৰ্ষা তথা শত্ৰুতাৰ ভাইৰাছে ছানি ধৰা সমাজখনত অপৰাধ-অপকৰ্ম তথা অসামাজিক কাৰ্যকলাপৰ মাত্রাও আকাশ চুইছেগৈ। বিশেষকৈ ধৰ্মীয় মাদকতা আৰু ড্ৰাগছৰ দৰে প্ৰাণঘাটি নিচাজাতীয় দ্ৰব্যই আমাৰ ছাত্ৰ-ছাত্ৰীৰ লগতে উঠি অহা প্ৰজন্মক বিপথগামী কৰাই নহয় তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰাচ্ছন্ন কৰি তুলিছে। ড্ৰাগছৰ দৰে মাৰাত্মক নিচাজাতীয় দ্ৰব্যৰ কৰাল গ্ৰাসত পৰি উঠি অহা বহুতো তেজাল ডেকা লৰা ঘুণীয়া হৈছে। মৃত্যুৰ দুৱাৰডলিত কেৰমেৰাই পৰা ড্ৰাগছ আসক্ত অনেকো যুৱপ্ৰজন্ম কেৱল মাদক দ্ৰব্যৰ বাবেই আধাতে পঢ়া-লিখা সামৰি এতিয়া তিল-তিলকৈ মৃত্যুৰ ক্ষণ আছে। বহু অমায়িক, মেধাবী, সম্ভাৱনাময় চফল যুৱক-যুৱতী তথা বিদ্যাৰ্থীয়ে ৰাগীয়াল দ্ৰব্যৰ সন্মুখত আত্মসমৰ্পন কৰি নিজৰ সুখী ঘৰ-সংসাৰ খনকো জীয়াতু ভুগাইছে। গতিকে আজিৰ এই পৱিত্ৰ দিৱসৰ দিনাই শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱক সকলেও সকলো ধৰণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি দেশৰ ভৱিষ্যত প্ৰজন্মক মানৱ সম্পদ ৰূপে গঢ়ি তুলিবলৈ ঐক্যবদ্ধ হৈ ড্ৰাগছ আৰু ধৰ্মীয় মাদকতাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়াৰ সংকল্প ল’ব লাগিব, তেহে ড০ ৰাধাকৃষ্ণণক প্ৰকৃত সন্মান আৰু শিক্ষক দিৱসৰ উদ্দেশ্য স্বাৰ্থক হ’ব।

ইকবাল হুছেইন