“শিক্ষক দিৱসৰ আৰু কিছু কথা ” – ছেলিমা বেগম

“শিক্ষক দিৱসৰ আৰু কিছু কথা “

ছেলিমা বেগম, নগাঁও

পাঁচ চেপ্তেম্বৰ তাৰিখে আমাৰ গোটেই ভাৰতত শিক্ষক দিৱস পালন কৰা হয়। এই পাঁচ চেপ্তেম্বৰ তাৰিখে সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মগ্ৰহণ কৰিছিল তামিল নাডুৰ তিৰোট্টানি নামে ঠাইত। সৰ্বপল্লী ৰাধাকৃষ্ণণ এজন আদৰ্শ শিক্ষক আছিল। তেখেতৰ শিক্ষা আজি আমাৰ সমাজত জিলিকি আছে। ৰাধাকৃষ্ণণৰ বাণী মানি শিক্ষক সমাজখন আজিও আগবাঢ়ি আছে । তেখেতৰ শিক্ষা আছিল এক অমূল্য সম্পদ। ছাত্ৰ-ছাত্ৰীৰ মন জয় কৰাই আছিল তেখেতৰ মূল উদ্দেশ্য। ছাত্ৰ-ছাত্ৰীৰ লগতে সকলো সময়তে বন্ধুত্ব স্থাপন কৰি পাঠদান দিছিল। ছাত্ৰ-ছাত্ৰীৰ ঘৰত গৈ পাঠদান দিছিল। ছাত্ৰ ছাত্ৰীয়ে খুব ভাল পাইছিল আৰু তেখেতে ছাত্ৰ ছাত্ৰীসকলক বৰ মৰমৰে শিকাইছিল। তেখেত এগৰাকী সুদক্ষ দাৰ্শনিক পণ্ডিত আছিল, ৰাজনৈতিক জগতত তেখেতৰ নাম জিলিকি আছে। সুচাৰুৰূপে নিজ দেশ খন চলাই নিছিল, দেশৰ বাবে তেখেতে বহুতো কষ্ট কৰিবলগীয়া হৈছিল। দেশৰ উন্নতিৰ বাবে সদায় চেষ্টা কৰিছিল তামিল নাডুৰ জনসাধাৰণৰ পৰা অভূতপূৰ্ব সঁহাৰি পাই আহিছিল। তেখেতৰ সৎ কৰ্ম আৰু সৎ প্ৰচেষ্টাৰ দ্বাৰা জনপ্ৰিয়তা হৈ নিজকে সত্যতাৰ পৰিচয় দিব পাৰিছিল। সৰ্বপল্লী ৰাধাকৃষ্ণণ ডাঙৰীয়াই ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি আছিল ৰাজনৈতিক জগতত তেখেতৰ নাম ইতিহাসৰ পাতত জিলিকি আছে। ভাৰতৰ ইতিহাসৰ পিষ্ঠাত এই জনা শিক্ষকৰ নাম যুগে যুগে জীয়াই থাকক এয়া আমাৰ মনৰ প্ৰাৰ্থনা।

আজি আমি তেখেতক আত্মাৰ শান্তি বিচাৰি আল্লাহৰ ওপৰত দোৱা মাগিছোঁ যাতে আমাৰ সমাজত আৰু এনে বহুসংখ্যক শিক্ষক জন্ম লৈ শিক্ষা জগতখন আগুৱাই নিয়ে যেন। আমাৰ মাজত এনেকুৱা বহুতো আদৰ্শ মান শিক্ষক গঢ়ি উঠে যেন। এনে এজন মহান ব্যক্তি ৰাজনৈতিক জগতত প্ৰৱেশ কৰি দেশৰ লগতে সমাজৰ ভাল ফল দেখুৱাব আবাদী।

সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হয় ১৮৮৮চনৰ ৫ চেপ্তেম্বৰ তাৰিখে আৰু মৃত্যু হয় ১৯৭৫চনৰ ১৭ এপ্ৰিলত। ৰাধাকৃষ্ণণে নিজেই কৈ থৈ গৈছে মোৰ জন্ম দিনটোত গোটেই ভাৰতত শিক্ষক দিৱস উপলক্ষে পালন কৰি শিক্ষাৰ মৰ্য্যদা প্ৰদান কৰে যেন । পাঁচ চেপ্তেম্বৰ তাৰিখে এই জনা শিক্ষা গুৰু ৰাধাকৃষ্ণণ বহুত বহুত শুভেচ্ছা জনালোঁ লগতে গোটেই বিশ্ববাসীৰ শিক্ষক সকলক শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ।