শিক্ষক ইন্দ্ৰ কান্ত বৈশ্যক কৃতী শিক্ষকৰ বঁটা প্ৰদান

শিক্ষক ইন্দ্ৰ কান্ত বৈশ্যক কৃতী শিক্ষকৰ বঁটা প্ৰদান

বিশ্বজিৎ বৈশ্য, বংশৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  কামৰূপ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগ, কামৰূপৰ উদ্যোগত ৫ ছেপ্টেম্বৰ’২৫ তাৰিখত আমিনগাঁও বায়োটেক পাৰ্ক প্ৰেক্ষাগৃহত ৬৪ তম সংখ্যাক শিক্ষক দিৱস পালন কৰা হয়। হাজো শিক্ষা খণ্ড শুৱালকুছি থানা বংশৰ ক্লাছটাৰৰ অন্তৰ্গত বংশৰ ভৃংগেশ্বৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ইন্দ্ৰ কান্ত বৈশ্যক” জিলা কৃতী শিক্ষক বঁটা” প্ৰদান কৰে। উল্লেখ্য যে – অসম গাঁৱ ৰক্ষী বাহিনী সাহসী বটা (১৯৯০),বিশ্ব জ্যোতি ক্লাবৰ পৰা বিশিষ্ট সমাজকৰ্মী বটা(২০১১),অসম সাহিত্য সভাৰ স্বৰ্ণ শাখা সদৌ বংশৰ লক্ষ্মী সাহিত্য সভাৰ পৰা কৰুণা কান্ত দাস সাংস্কৃতিক বটা(২০১৮), ক্ৰিয়েটিভ ডান্স একাডেমী,বংশৰৰ পৰা ” ঘোষক” বঁটা (২০১৯),নৱৰূপ নাট্য গোষ্ঠী,বাক্সা(বি টি এ বি)ৰ সাংস্কৃতিক কৰ্মী বটা(২০২০),চুৰীয়া ফাউণ্ডেশ্যনৰ পৰা ‘সন্মানীয় অতিথি ‘ হিচাপে সম্বৰ্ধিত(২০২২), সদৌ বংশৰ ৰঙালী বিহু সন্মিলন সোণালী জয়ন্তী উদযাপন ৰ পৰাওলগনি পত্ৰ(২০২২),New Express24ৰ পৰা ‘সমাজ কৰ্মী ‘ বঁটা (২০২৪), কামৰূপ জিলাৰ শ্ৰেষ্ঠ BLO বঁটা (২০২৫),৪৮তম্ শ্ৰী শ্ৰী কৃষ্ণৰ সুৱৰী মহোৎসৱ শ্ৰী শ্ৰী গোপাল থান,আমবাড়ীৰ পৰা ‘কৃতজ্ঞতা পত্ৰ'(২০২৫), শুৱালকুছি যুৱ নৱজাগৰণ সংঘৰ পৰা ‘বিশিষ্ট সমাজকৰ্মী তথা শিক্ষক ‘বটা(২০২৫) লাভ কৰে। বিদ্যালয় খনত বিদ্যাৰম্ভ, বিষ্ণু ৰাভা দিৱস, জ্যোতি দিৱস, ভূপেন্দ্ৰ দিৱস, গণৰাজ্য দিৱস, স্বাধীনতা দিৱস, শিক্ষক দিৱস, শিশু দিৱস, শৈক্ষিক মেলা, খেল ধেমালি, বাৰ্ষিক বঁটা বিতৰণি,মাতৃ গোট,শনিবৰীয়া ক্লাব, ছাত্ৰ সংসদ আৰু সমাজৰ সমল ব্যক্তিৰ দ্বাৰা বিভিন্ন শৈক্ষিক সভা অনুষ্ঠিত কৰি আহিছে। উক্ত সভাত অসম অগ্নি আৰু দুৰ্যোগ প্ৰশাসন সেৱাৰ উপসঞ্চালক, বিশিষ্ট কবি নন্দ সিং বৰক’লা, কামৰূপ জিলাৰ উন্নয়ণ আয়ুক্ত সুশান্ত কুমাৰ দত্ত, অতিৰিক্ত জিলা আয়ুক্ত সুজতাগগৈ, কামৰূপ বিদ্যালয় সমূহৰ পৰিদৰ্শক তপন কুমাৰ কলিতা, জিলা আঁচনি বিষয়া(সমগ্ৰ শিক্ষা) ফুলপাহি নাথে বক্তব্য ৰাখে।