শিক্ষকৰ বদলিকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা শিক্ষামন্ত্রীৰ

শিক্ষকৰ বদলিকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা শিক্ষামন্ত্রীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- শিক্ষকৰ বদলিকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। ইয়াৰ সমান্তৰালভাৱে প্রাথমিক-মাধ্যমিক পর্যায়ত শিক্ষক নিযুক্তিৰ পদক্ষেপৰ বিষয়েও তেওঁ সদৰী কৰে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্রকাশ কৰা মতে, গ্রীষ্ম বন্ধৰ পূৰ্বে ৰাজ্যত সম্পন্ন হ’ব শিক্ষকৰ বদলিকৰণ প্রক্রিয়া। ‘নিপুণ অসম অভিযান’ সঠিকভাৱে ৰূপায়ণৰ লক্ষ্যৰে আয়োজন কৰা এখন তিনিদিনীয়া কর্মশালা মুকলি কৰাৰ পাছত সংবাদ মাধ্যমৰে হোৱা অনানুষ্ঠানিক বার্তালাপত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে আইন মতে গৰম বন্ধৰ আগতে সকলো বদলি সম্পন্ন হ’ব লাগে। এতিয়া গৰম বন্ধ আহি আছে। গৰম বন্ধৰ আগে আগে যিখিনি আইনমতে সিদ্ধ, অর্থাৎ বদলি হোৱাৰ যোগ্য সকলোৱে নির্দেশনা লাভ কৰিব। ‘শিক্ষাসেতু’ৰ শিক্ষকৰ বদলিৰ আবেদন প্ৰক্ৰিয়াত কিছু সময়ৰ প্ৰয়োজন হ’ব বুলিও তেওঁ মন্তব্য কৰে। শিক্ষক নিযুক্তি প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰ দি শিক্ষামন্ত্রীগৰাকীয়ে কয় যে ইতিমধ্যে নিযুক্তি সম্পর্কীয় এটা বিজ্ঞাপন প্রকাশ পাইছে। প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত আবেদন-পত্ৰ গ্ৰহণ কৰা হ’ল। মাধ্যমিক পৰ্যায়ৰ কাৰণে এটা পৰীক্ষা অনুষ্ঠিত হ’ব। ইতিমধ্যে ইয়াৰ ৰোড মেপ প্রস্তুতৰ বাবে আমি ছেবাক দায়িত্ব দিছোঁ। নির্বাচনী আচৰণবিধি বলবৎ থকাৰ পৰিপ্ৰেক্ষিতত এই প্রক্রিয়াটো বন্ধ আছিল। এতিয়া নিৰ্বাচনী আচৰণবিধি প্ৰত্যাহাৰ হোৱাৰ লগে লগে প্ৰক্ৰিয়াটো আৰম্ভ হ’ব বুলি তেওঁ মন্তব্য কৰে। উল্লেখ্য যে ‘নিপুণ ভাৰত অভিযান’ৰ লগত সংগতি ৰাখি ৰাজ্যত ‘নিপুণ অসম অভিযান’ ৰূপায়ণৰ পদক্ষেপ গ্ৰহণ কৰিছে। শিক্ষা বিভাগে ইয়াৰ অংশ হিচাপে এখন তিনিদিনীয়া কৰ্মশালাৰ আয়োজন কৰিছে। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি বলৱৎ হোৱাৰ লগে লগে প্রাথমিক শিক্ষাত অন্তর্ভুক্ত হৈছে বিভিন্ন ধৰণৰ নতুন নতুন দিশ। বিশেষকৈ খণ্ড প্রাথমিক শিক্ষা বিষয়াসকলৰ ওপৰত প্ৰশাসনিক দায়িত্বভাৰ ন্যস্ত থকাৰ উপৰি তেওঁলোক শৈক্ষিক বিষয়াৰূপেও চিহ্নিত হৈছে। এনেধৰণৰ দিশসমূহ সামৰিয়ে শিক্ষা বিভাগে এই কর্মশালাখন আয়োজন কৰিছে।