শিকাৰহাটীত তিনিদিনীয়া শ্ৰীকৃষ্ণৰ জীৱন্ত ৰাস মহোৎসৱৰ সফল সামৰণি
মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত শিকাৰহাটী সত্ৰৰ কীৰ্ত্তন ঘৰ প্ৰাঙ্গণত তিনিদিনীয়াকৈ অনুষ্ঠিত সপ্তম বাৰ্ষিক শ্ৰীকৃষ্ণৰ ৰাস মহোৎসটিৰ যোৱা নিশা সফল সামৰণি পৰে। এই তিনিদিনীয়া ৰাস মহোৎসৱটি যোৱা ১৫ নৱেম্বৰ,২২ নৱেম্বৰ আৰু যোৱা নিশা ২৩ নৱেম্বৰত অনুষ্ঠিত কৰা হয়। এই উপলক্ষে ১৫ নৱেম্বৰ প্ৰথমদিনা পুৱা গছপুলি ৰোপন,সন্ধিয়া বন্তি প্ৰজ্বলন কৰে সত্ৰাধিকাৰ যোগেন চন্দ্ৰ অধিকাৰীয়ে। ২২ নৱেম্বৰৰ পুৱা আই বাপসকলৰ নাম প্ৰসংগ, ভাগৱত শোভাযাত্ৰা আদি উলিওৱা হয়। সন্ধিয়া মঞ্চ মুকলি কৰে অসম ফুটবল সন্থাৰ যুটীয়া সম্পাদক হিমাংশু শ্বেখৰ বৈশ্যই, বিশিষ্ট অতিথি হিচাপে থাকে ৰাণী ভোলাগাঁও গাঁও পঞ্চায়তৰ সভাপতি মঃ চিৰাজ আলীকে ধৰি বহুকেইজন বিশিষ্ট লোক। নিশা নাম শ্ৰীকৃষ্ণৰ ৰাসলীলা উপলক্ষে অঞ্চলটোৰ যুৱক যুৱতী,বিশিষ্ট অভিনেতাৰ দ্বাৰা জীৱন্ত ৰূপত ৰাসলীলা প্ৰদৰ্শন কৰা হয়। এই ৰাসলীলাৰ প্ৰদৰ্শনৰ প্ৰাকক্ষণত গায়ন-বায়নৰ খোলবাদন কৰা হয়। যোৱা নিশা সামৰণিতো গায়ন বায়নৰ খোলবাদনৰ পিচত শ্ৰীকৃষ্ণৰ ৰাসলীলা জীৱন্ত ৰূপত প্ৰদৰ্শন কৰা হয়। উল্লেখ্য যে,দক্ষিণ কামৰূপৰ একমাত্ৰ জীৱন্ত ৰূপত প্ৰদৰ্শন কৰা শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ শিকাৰহাটী সত্ৰ ৰাস উদযাপন সমিতিৰ অন্যতম। শিকাৰহাটী সত্ৰ ৰাস উদ্যাপন সমিতিৰ সভাপতি ডাঃ কনক চন্দ্ৰ তালুকদাৰ,কাৰ্যকৰী সভাপতি যদুৰাম কলিতা, সম্পাদক সঞ্জয় দাস,সহঃ সম্পাদক প্ৰাঞ্জল কলিতাকে ধৰি আন বিষয়ববীয়া তথা উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে,অঞ্চলটোত শ্ৰীকৃষ্ণৰ নাট ভাওনা প্ৰচলন কৰাৰ বাবেই এই পদক্ষেপ হাতত লোৱা বুলি কয়।