শাৰীৰিক অসুস্থতাক নেওচি ভোটদান গৰিমা গার্গৰ

pc NewsDrum

শাৰীৰিক অসুস্থতাক নেওচি ভোটদান গৰিমা গার্গৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্রতিকূল বতৰৰ লগতে  শাৰীৰিক অসুস্থতাক নেওচি কাহিলিপাৰাৰ ভগদত্তপুৰ ভোটগ্রহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে গৰিমা শইকীয়া গার্গে। অসুস্থ শৰীৰে পুৱাৰ ভাগতে কাহিলীপাৰাৰ দক্ষিণগাঁও প্রাথমিক বিদ্যালয়ত গৰিমা শইকীয়া গার্গে ভোটদান সাব্যস্ত কৰে। গৰিমা শইকীয়া গাৰ্গৰ লগত উপস্থিত থাকে ভগ্নী পামী বৰঠাকুৰ। ভোটাধিকাৰ সাব্যস্ত গৰিমা শইকীয়া গার্গে কয় যে শৰীৰ সুস্থ নহয়, কালি চিকিৎসাৰ পৰা ঘৰলৈ আহিছো। আগতে মই সদায় জুবিনৰ সৈতে ভোটদান কৰিবলৈ আহিছিলো। ভোটদান সকলোৰে গণতান্ত্রিক অধিকাৰ, আমাৰ সকলোৰে এইটো দায়িত্ব। সেয়ে অসুস্থ দেহাৰে হ’লেও আজি ভোটদান কৰিবলৈ আহিছো। আনহাতে, জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত তেওঁ কয় যে ন্যায়ৰ বাবেই আমি খুঁজি আছো। আশা কৰিছে সোনকালে এটা ৰিজাল্ট ওলাব।

সুদূৰ মুম্বাইৰ পৰা আহি এআইডিচিৰ ভোটগ্রহণ কেন্দ্রত পৰিয়ালৰ সৈতে  ভোটাধিকাৰ সাব্যস্ত কৰা শিল্পী মহন্তই কয় যে উন্নয়ন মই দেখিছোঁ। পূৰ্বৰ তুলনাত এইবাৰ ভোটগ্রহণ কেন্দ্রত যথেষ্ট সুবিধাও দিছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজত নাই যদিও কামবোৰ স্থবিৰ হ’ব নালাগে। সকলোৱে নিজৰ কাম কৰিবই লাগিব। এইবছৰ অলপ খেলিমেলি হ’ব যদিও জীৱনৰ গতি ৰুদ্ধ কেতিয়াও হ’ব নালাগে।  সংবাদ মাধ্যমৰ সন্মুখত জুবিনক লৈ বিভিন্ন ৰাজনৈতিক দলসমূহে কৰা ৰাজনীতিকৰণৰ প্ৰসংগত তেওঁ কয় যে কোনে কি কৈছে সেইটো ডাঙৰ কথা নহয়, জুবিনৰ ন্যায় আমি বিচাৰি আছো। সোনকালে আমাক ন্যায় লাগে। লগতে এইবাৰ বিহুমঞ্চত পাপনক দেখা নাযাব বুলিও জনায় কণ্ঠশিল্পীগৰাকীয়ে। পাপনে কয় যে জুবিনৰ অনুপস্থিতিয়ে এইবাৰ যে বিহুত এক শূন্যতা অনুভৱ হ’ব।