শাৰদী – লিলিমা চহৰীয়া

শাৰদী

লিলিমা চহৰীয়া
দেওমৰনৈ, দৰং

শাৰদী…

তুমি শান্তিৰ অলকানন্দা,
কোমল মেঘৰ বুকু ফালি
নিয়ৰৰ মুকুতা পিন্ধি ভূৱন ভুলোৱা
ৰূপহী কইনা যেন সদ্যোস্নাতা।
শাৰদী…
শৰতৰ আকাশৰ
স্নিগ্ধ জোনাক তুমি,
ৰামধেনু বিৰিঙা
সেউজীয়া দলিচাৰ সুকোমল পাহি।
শাৰদী…
তোমাৰ পৰশতেই লয়লাস লাসে
ছেও ধৰি ধৰি নাচে
নৈপৰীয়া চঞ্চলা কহুঁৱা,
মন মতলীয়া কৰি
চৌপাশে সুবাস বিলোৱা
যেন সুগন্ধি তুমি হাচনাহানা।
শাৰদী…
তুমি প্ৰতীক্ষাৰ হেঁপাহ,
বেদনাসিক্ত নিশাটিত
শেৱালিৰ শুভ্ৰতাৰে
মোৰ পদূলিত আঁকিলা
আলফুলীয়া আল্পনা।