শাৰদীয় সাহিত্য – মুনিন্দ্ৰ বৈশ্য

শাৰদীয় সাহিত্য

 মুনিন্দ্ৰ বৈশ্য, ওদালগুৰি

নীলিম আকাশ, নিৰ্মল মলয়া, চালে চকু ৰোৱা দিগন্ত ব্যাপ্ত সৌন্দৰ্য। প্ৰকৃতিৰ অনন্য সুন্দৰ ৰূপ। যেন এয়া বাস্তৱ নহয়, মায়া। এই মায়াবী ৰূপ ধাৰণ কৰিয়েই ধৰালৈ নামে শৰৎ। বোৱাই আনে দেহ-মন প্ৰাণচঞ্চল কৰি তোলা অপৰূপ সৌন্দৰ্যৰ নিজৰা। শৰতৰ এই বিশ্ব-বিমোহন ৰূপে কাৰোবাৰ হৃদয়ত অনুভৱৰ জোৱাৰ নুতুলিব, হ’বই নোৱাৰে। সেইবাবেইতো শৰৎ ঋতু-ৰাণী।

শৰৎ মানেই শুকুলা। নীলিম আকাশত শুকুলা মেঘৰ আচ্ছাদন, ধৰাৰ বুকুত বিবিধ ফুলেৰে বুটা বচা শেৱালি-কঁহুৱাৰ শুভ্ৰ দলিচা। শৰৎ মানেই ফুলৰ মেলা। ফুলবোৰেও যেন অধীৰ অপেক্ষাৰে চাই থাকে শৰতৰ আগমনলৈ। সাজু হৈ থাকে শৰতক আদৰিবলৈ, পাতে ফুলৰ মেলা। কঁহুৱাই পাৰি দিয়ে শুভ্ৰ দলিচা, শেৱালিয়ে তাত ছটিয়াই সুগন্ধ। খাল-বিল-সৰোবৰৰ জলৰাশিত ভেট-পদুমে পাতে সৌন্দৰ্যৰ প্ৰতিযোগিতা, অপৰাজিতাই গাঁঠে ৰং-বিৰঙৰ মালা, জবা-জুতিৰ অপৰূপ সৌন্দৰ্যই সানে ৰহণ।

শৰৎ আহিলে কৃষ্টিৰ পথাৰখনো সৃষ্টিৰে উপচি পৰে। শৰৎ কালত কবিৰ কলমেও আহৰি নাপায়; চিয়াঁহীবোৰ কবিতা হৈ নিগৰে। গীতিকাৰৰ শব্দবোৰে আপোনা আপুনি গীতৰ জন্ম দিয়ে, অনুপম সুৰৰ মূৰ্ছনাই স্বতঃস্ফূৰ্তভাৱে ঝংকাৰ তোলে সুৰকাৰৰ মৌন ওঁঠত। শৰতৰ আগমনত শিল্পীৰ তুলিকাও অশান্ত হৈ পৰে। সেইবাবেই হয়তো ভিনচেণ্ট ভেন গঘে কৈছিল― “As long as Autumn lasts, I shall not have hands, canvas, and colors enough to paint the beautiful things I see.” এয়াই শৰতৰ শক্তি, এয়াই শৰতৰ সৌন্দৰ্য। সেইবাবেইতো সুধাকন্ঠই শৰতক ‘ৰাণী’ আখ্যা দিছিল।

শেৱালি আৰু কঁহুৱা অবিহনে শৰৎ অৰ্থহীন। কঁহুৱা শৰতৰ জান, শেৱালি শৰতৰ মান। শেৱালি আৰু কঁহুৱাই শৰতক শুভ্ৰ সাজেৰে সজাই শুকুলা ডাৱৰৰ তলত নিৰ্মাণ কৰে আন এখন শুকুলা ডাৱৰ। শৰতৰ অপৰূপ সৌন্দৰ্যৰ কোলাত বহি সেয়ে কবিয়ে ৰচিছে কত কবিতা, গীতিকাৰে ৰচিছে কত গীত। সেইবাবেই অসমীয়া সাহিত্য আৰু গীতি-সাহিত্যৰ ভঁৰাল শেৱালি-কঁহুৱাৰ সুবাসেৰে সুবাসিত।

সৌ তাহানিতে অপ্ৰমাদী কবি মাধৱ কন্দলি শৰতৰ সৌন্দৰ্যত বিমুগ্ধ হৈ পৰিছিল। প্ৰকৃতিৰ অনবদ্য সৃষ্টি, সৌন্দৰ্যৰ অনুপম আকৰ চিত্ৰকূটৰ বৰ্ণনা দিওঁতে তেওঁ ৰামায়ণত জাই, জুতি, কাঞ্চন, তগৰ, বকুল, শেৱালি আদি শাৰদীয় ফুলৰ বৰ্ণনা দিছে এইদৰে―

জাই যুতি বকুল বন্দুলি কৰ্ণিকাৰ।
কাঞ্চন তগৰ কুন্দ শেৱালি মন্দাৰ।।

……..

ওড় পুষ্পমালি দুৱামালি আৰু মালি।
তামিল তুলসী মাধে মৰুৱা শেৱালি।

কবিৰত্ন সৰস্বতীকো শেৱালিয়ে মুহিছিল। মহাভাৰতৰ দ্ৰোণ পৰ্বৰ ‘জয়দ্রথ বধ’ত কৈলাস পৰ্বতৰ বৰ্ণনা দিওঁতে তেওঁ শৰতৰ প্ৰতীক শেৱালিৰ সৌন্দৰ্যৰ কথা বৰ্ণনা কৰিছে এইদৰে―

ফুলিল শেৱালি পৰে হালি জালি
ফুলে ভৰে ভাগে ডাল।
হেনয় শোভন বিচিত্র উদ্যান
ফুলে তথা সর্বকাল।।

মহাপুৰুষজনাই আকৌ ছয় ঋতুৰ ভিতৰত শৰৎ কালকেই আটাইতকৈ সুখৰ সময় আখ্যা দিছে। তেওঁৰ মতে―

শৰত সমান নাহি সুখকাল
হৰৈ দুখ অনুক্ৰমে।

……….

পৃথিৱীৰো সৱে কৰ্দ্দম গুচিল
ভৈ গৈল পথ সুচল।
য’ জলমানে সবে স্বচ্ছ ভৈল
শৰতে হৰিল মন।।

শৰৎ কালৰ ফৰিংফুটা জোনাক, তাতে শ্ৰীকৃষ্ণৰ ৰাসলীলা উপভোগৰ আনন্দ। এই আনন্দৰ জানো লেখা-জোখ আছে! গুৰুজনাই কৈছে―

শৰত কালৰ ৰাত্ৰি অতি বিতোপন।
ৰাসক্ৰিড়া কৰিবাৰ কৃষ্ণৰ ভৈল মন ।।
অখণ্ড মণ্ডল চন্দ্ৰ দেখিলন্ত হৰি ।
কুকুঁমে অৰুণ লক্ষ্মী মুখ পদ্ম সৰি ।।

বিহগী কবি ৰঘুনাথ চৌধাৰী শৰতৰ প্ৰেমত মোহাচ্ছন্ন। শৰতৰ বিদায়ে তেওঁক বিষাদগ্ৰস্থ কৰি তুলিছিল। সেয়ে তেওঁ শৰতৰ আগমনক লৈ ব্যাকুল হৈ লিখিছিল―

আকৌ এদিন আহিব শৰৎ
হাঁহিব শেৱালি পাহি
ঠেও ধৰি ধৰি কৰিব নৰ্তন
খঞ্জনী পখীতি আহি।

নীলিম আকাশত শুকুলা ডাৱৰ, তলত কঁহুৱাৰ শুভ্ৰ আচ্ছাদন; তাৰ মাজে মাজে তলসৰা শেৱালি। শৰতৰ এই বিশুদ্ধ শুভ্ৰতাত মুগ্ধ বনফুলৰ কবি যতীন্দ্ৰ নাথ দুৱৰা। সেয়ে তেওঁৰ কলমেৰে নিগৰিছে―

ভাল পাওঁ শৰতৰ শুকুলা ডাৱৰ
শৰতৰ শেৱালি সৰে তলে ভৰি
বুটলি আনোতা নাই।

তলসৰা শেৱালি গছকি বোৱাৰীৰ সাজত আপোনজনৰ গৃহত প্ৰৱেশ কৰা দিনটোৰ কথা জানো কোনোবাই পাহৰিব পাৰে! হেম বৰুৱাৰ ‘মমতাৰ চিঠি’ত ন-বোৱাৰী মমতাই বোৱাৰী জীৱনৰ প্ৰথম দিনটোৰ কথা সুঁৱৰিছে এনেদৰে―

সিদিনা আছিল কাতিৰ কুঁৱলী সনা
এটা মিঠা পুৱা
পদূলিত তলসৰা শেৱালিবোৰ উপচি আছিল।

কবিসকলৰ দৰে গীতিকাৰসকলো পিছ পৰি থকা নাই। গীতিকাৰৰ কল্পনাৰ দৃষ্টিত শৰৎ সদায় সমুজ্জ্বল। শৰতে গীতিকাৰৰ হৃদয়ৰ পৰা গীতৰ ছন্দ বোৱাই আনে। গীতিকাৰসকল শৰতৰ ৰূপত মন্ত্ৰমুগ্ধ। শেৱালি আৰু কঁহুৱাই তেওঁলোকৰ হৃদয়ত তোলে সংগীতৰ লহৰ। কোনোবা গীতিকাৰক যদি শৰতৰ সামগ্ৰিক ৰূপে আমনি কৰে, কাৰোবাক কঁহুৱাই অশান্ত কৰে। সেইদৰে শেৱালিৰ গোন্ধে আকৌ কোনো গীতিকাৰক স্থায়ী সুঘ্ৰাণ দি থৈ যায়।

শৰতে ভূপেন হাজৰিকা বেছিকৈয়ে প্ৰভাৱিত কৰিছিল। কেতিয়াবা যদি শৰতৰ অপৰূপ সৌন্দৰ্যত আত্মবিভোৰ হৈ পাৰিছিল, কেতিয়াবা আকৌ কঁহুৱাই তেওঁক অশান্ত কৰি তুলিছিল। শৰতক ঋতুৰ ৰাণী আখ্যা দি সেয়ে তেওঁ গাইছিল―

শাৰদী ৰাণী তোমাৰ হেনো নাম
তুমি মোৰ নিচেই আপোন
সদ্যস্নাতা ৰূপহী মোৰ
পুৱতি নিশাৰ সপোন।

সেইদৰে দিগন্ত বিস্তৃত কঁহুৱাৰ শুভ্ৰ আচ্ছাদন দেখি সুধাকন্ঠৰ মন অশান্ত হৈ পৰিছিল। কিন্তু তেওঁৰ এই অশান্ত মনতো প্ৰেমে খোপনি পুতিব এৰা নাছিল। সেয়ে তেওঁ গীতৰ মাজেৰে কৈছিল―

কঁহুৱা বন মোৰ অশান্ত মন
অলফুল হাতেৰে লোৱা সাৱটি
এঠি ক্ষণ যেন মুকুটাকে ধন
এনেয়ে হেৰুৱালে নাহে উভতি।

প্ৰেয়সীৰ ৰূপ-লাবন্য কঁহুৱা আৰু শেৱালিৰ লগত ৰিজনী দি সুধাকণ্ঠই গাইছিল―

তোমাৰ উশাহ কঁহুৱা কোমল
শেৱালি কোমল হাঁহি
হাঁহিয়ে হৃদয় হৰিলে শুনাই
এটি কিবা মিঠা বাঁহী।
শাৰদীয়া চেনেহীৰে কঁকাল ইমান লাহী।

আহিন মাহৰ জোনাক নিশাৰ সৌন্দৰ্যই সুকীয়া। তলসৰা শেৱালি, গাত নিয়ৰৰ ক্ষুদ্ৰ টোপাল, তাতে জোনাকে আঁকি দিয়ে হীৰা যেন উজ্জ্বলতা। পাৰ্বতী প্ৰসাদ বৰুৱাক এই ছবিয়ে বাৰুকৈ আকৃষ্ট কৰিছিল। সেয়ে তেওঁ লিখিছে―

আহিন মহীয়া শেৱালি সৰিলে
নিয়ৰত তিতিলে বন,
জোনাকত উপঙিল
কিহবাৰে ৰাগী
কেনেবা কৰিলে মন !

শেৱালি, নিয়ৰ আৰু আহিনৰ সম্পৰ্ক যুগমীয়া। এই ট্ৰিবেণী সংগমে সৃষ্টি কৰা সৌন্দৰ্যই কোনো অনুভৱী ব্যক্তিৰে হৃদয়ত খুন্দা নমৰাকৈ নাথাকে। নৱকান্ত বৰুৱাও তাৰ ব্যতিক্ৰম নাছিল। বীৰেন দত্তই কণ্ঠ নিগৰোৱা গীতটিত সেয় নৱকান্ত বৰুৱাই লিখিছিল―

সৌ পথাৰৰ কঁহুৱা ফুল
নীল আকাশত কোনে সজালে
আহিনক কোনে আনে
নিয়ৰে জনালে শেৱালিয়ে আৰু
শেৱালিয়ে ক’লে
নিয়ৰে আনে।

হীৰেন ভট্টাচাৰ্যৰ কলমেৰে শৰৎ-শেৱালিৰ গুণানুকীৰ্তন নোহোৱাকৈ জানো থাকিব পাৰে! শেৱালিক লৈ ৰচনা কৰা আটাইতকৈ বিখ্যাত গীতটোৱেই হয়তো সৃষ্টি হৈছে হীৰেন ভট্টাচাৰ্যৰ কল্পনাৰ দৃষ্টিৰে। লোকানাথ গোস্বামীৰ সুৰীয়া কণ্ঠত গীতটোৱে সোণত সুৱগা চৰাইছে―

আমোলমোল শেৱালীৰ গোন্ধ
যাওঁ বুলি যাবই নোখোজে চোন
চকুৱে চকুৱে চাব পৰা হ’লে
দেখিলোহেঁতেন বেলিৰ মুখৰ ৰং
তোমাৰ শিৰৰ সেন্দুৰকণ।

বিশ্ব সাহিত্যৰ ভঁৰাল চহকী কৰাত শৰতৰ অৱদান অপৰিসীম। শৰতক লৈ যে অকল গীত আৰু কবিতাই ৰচনা হৈছে তেনে নহয়; গল্প আৰু উপন্যাসেও শৰতক আঁকোৱালি লৈছে। ইতিহাসে ঢুকি পোৱাৰ আগৰে পৰাই সাহিত্যৰ অনুপম উৎস হিচাপে পৰিগণিত হৈছে শৰৎ। বিশেষকৈ শাৰদীয় ফুল কঁহুৱা আৰু শেৱালিৰ সুবাসত বিশ্ব সাহিত্যৰ ভঁৰাল আমোলামোলাই আছে, থাকিব অনাদি অনন্ত কাললৈ।