শাৰদীয় বতৰত শ্ৰীমা খাউণ্ডৰ দুটি গীত উন্মোচন

শাৰদীয় বতৰত শ্ৰীমা খাউণ্ডৰ দুটি গীত উন্মোচন

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা– গোলাঘাটৰ কছাৰীহাটৰ বনগাঁওস্থিত বোপাৰাম বৰা সংঘত শ্ৰীমা খাউণ্ডৰ “মৌ মিঠা চাৱনি” আৰু “আই সমান” শীৰ্ষক দুটি গীতৰ উন্মোচন হৈ যায় শতাধিক ৰাইজৰ উপস্থিতিত।

গাম্ভীৰ্যপূৰ্ণ এই উন্মোচনী সভা খনত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি গীত দুটি উন্মোচন কৰাৰ লগতে ভাষণ প্ৰদান কৰে গোলাঘাট উন্নয়ন প্ৰাধিকৰণৰ সভাপতি সঞ্জীৱ দাস, গোলাঘাট দেৱৰাজ মহাবিদ্যালয় ৰ প্ৰাক্তন অধ্যাপক অমৰেন্দ্ৰ দত্ত, ৰিলায়েন্স চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ অধক্ষ্য প্ৰিয়ংকা শইকীয়া দাস, বোপাৰাম বৰা সংঘৰ সভাপতি দেৱ প্ৰসাদ বৰা আৰু বিশিষ্ট উকীল নিলপদ্ম আচাৰ্যই।