শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ… তাহানিৰ আৰু এতিয়াৰ
মানসী মিশ্ৰ
শৰৎ আকৌ আহিছে এক অনামী অনুভৱ হয়। বাৰিষাৰ মেঘে ঢকা ক’লা আকাশ ফৰকাল হৈ উঠিছে। বৰ্ষাৰ উৎকট গৰমৰ পিছত কিছু পৰিমাণে এক ভাল লগা অনুভৱ। সঁচাকৈয়ে ছয়টা ঋতুৰ ভিতৰত শৰৎ ঋতু এক ভাল লগা ঋতু। কিয়নো গ্ৰীষ্ম, বৰ্ষাৰ এই দীঘলীয়া সময়ছোৱাত হোৱা উৎকট গৰমে মানুহক যথেষ্ট কষ্টত ৰাখে। ধাৰাষাৰ বৰষুণৰ ফলত হোৱা প্লাৱনে জনজীৱনৰ বহু ক্ষতি কৰে। বিভিন্ন ঠাইত মানুহ আৰু অন্যান্য জীৱ জন্তুৰো আলৈ আথানি হয়। এই আমনিদায়ক পৰিস্থিতিৰ পিছতে শৰৎ আহে আৰু ইয়াৰ লগে লগে বতৰৰো পৰিবৰ্তন হয়। উৎকট গৰমৰ শাম কাটে। আকাশ ফৰকাল হয়। নিশা শেৱালি ফুল। শেৱালিৰ আমোলমোল সুবাসে মানুহৰ মনত আনন্দৰ লহৰ তোলে। শেষ নিশাৰ নিয়ৰ টোপোলবোৰে পুৱাতেই শুভ্ৰ শেৱালিৰ পাহিত টোপাল টোপালকৈ জিলিকি এক অনন্য সুন্দৰ পৰিবেশৰ সৃষ্টি কৰে। দৰাচলতে প্ৰকৃতিয়ে আনি দিয়া এই বিনন্দীয়া পৰিবেশে মানুহৰ মনত কব নোৱাৰাকৈয়ে এক সুখানুভূতিৰ সৃষ্টি কৰে।
শৰতৰ এই বিনন্দীয়া পৰিবেশৰ মাজতেই আমাৰ মাজলৈ শাৰদীয় দুৰ্গোৎসৱ আহে। বতৰৰ এই সুন্দৰ পৰিবৰ্তন, তাৰ মাজতে ই উছৱৰ আগমন মানুহৰ মনটোক সঁচাকৈয়ে এক অনন্য আনন্দ প্ৰদান কৰে। আচলতে বতৰৰ লগত মানুহৰ মনৰ যথেষ্ট সম্পৰ্ক থাকে। এটি সুন্দৰ, ফৰকাল বতৰৰ আগমণৰ লগে লগে মানুহৰ মনত উছৱৰ আনন্দও অধিক হয়। সঁচাকৈয়ে আহিন মানেই যেন উছৱৰ বতৰ, শৰৎ ঋতু মানেই উছৱৰ বতৰ। বিশ্বকৰ্মা পূজাৰে আৰম্ভ হোৱা উৎসৱৰ ধাৰাটো ৰাস মহোৎসৱৰ লগে লগে সামৰণি পৰে। সেয়েহে বছৰটোৰ পৰা আহিবলগীয়া বছৰটোৰ সেই উৎসৱ পাৰ্বণৰ সময়লৈ সৰুৰে পৰা ডাঙৰলৈ মানুহে নানা সপোন সিঁচি থৈ দিয়ে। গতিকে সময়ৰ গতিত আকৌ সেই সময়খিনি আহি উপস্থিত হ’লে সকলোৱে আশা কৰি থাকে যে কিদৰে সেই সময়খিনি ৰঙ, আনন্দৰে পাৰ কৰিব পৰা যায়, নিৰাপদভাৱে অতিবাহিত কৰিব পৰা যায়।
এই শাৰদীয় দূৰ্গাপূজা আহিলেই মনটো পলকতে শৈশৱলৈ উৰি গুছি যায়। সচাঁকৈয়ে শৈশৱৰ কৈশোৰৰ সেই দিনবোৰত দূৰ্গা পূজা আহিলেই এমাহমান আগৰে পৰাই মনটো আনন্দৰে ভৰি পৰে। সেই সময়ত দূৰ্গা পূজা বুলিলেই আমি অপেক্ষা কৰিছিলোঁ মা-দেউতাৰ সৈতে নতুন কাপোৰ কিনা সেই দিনটোলৈ। কিমান যে ভাললগা দিন আছিল সেইটো। সেইসময়ত পূজা আৰু বিহুৰ বতৰতে আমি একোযোৰ নতুন কাপোৰলৈ অপেক্ষা কৰি থাকোঁ। এতিয়াৰ দৰে ধনী দুখীয়া বুলি কথা নাই সেইসময়ত সকলোৱে পূজা, বিহু ইত্যাদিত এযোৰ কাপোৰেই কিনিছিল আৰু খুব বেছি দুযোৰ কাপোৰ। গতিকে তাতে আমাৰ আনন্দৰ সীমা নোহোৱা হয় কিয়নো সেইসময়ত এতিয়াৰ দৰে বিধে বিধে কাপোৰৰো প্ৰচলন নাছিল আৰু যেতিয়াই প্ৰয়োজন হয় তেতিয়াই নতুন কাপোৰ কানি লোৱা ব্যৱস্থৰো প্ৰচলন নাছিল। গতিকে পূজাৰ কাপোৰ কিনি ঘৰলৈ অনাৰ পিছত পূজা আহি পোৱাৰ সেই দিনটোলৈকে মাজে মাজে সাজযোৰ লিৰিকি বিদাৰি চাই আকৌ পূজাৰ সময়ত পিন্ধিবলৈ সযতনে সাঁচি ৰাখোঁ। ইয়াতেই এক বুজাব নোৱাৰা আনন্দ জড়িত হৈ থাকে। মা-দেউতাহঁতৰ সৈতে পূজাস্থলীত ভক্তিভাৱেৰে পূজা কৰিবলৈ যোৱা সেইদিনবোৰলৈ মনত পৰিলে এতিয়াও আনন্দত শিহৰিত হৈ উঠে। সেইসময়ত আজিৰ দৰে ইমান পূজাৰ সংখ্যাও নাছিল। এতিয়াৰ তুলনাত সংখ্যা হিচাপত পূজাৰ সংখ্যাও কম আছিল আৰু বৰ্তমান সময়ৰ দৰে আলোকসজ্জা আৰু আধুনিকতাৰ পয়োভৰ বহু পৰিমাণে কম আছিল।
কিন্তু একোটা জনবসতি এলেকাত স্থানীয় এলেকা একোটাত স্থানীয় দূৰ্গাপূজা অনুষ্ঠিত হয় আৰু সেইখন সেই এলেকাৰ সকলো মানুহৰ আপোন ঘৰৰ দূৰ্গা পূজাৰ দৰে। ইয়াত পূজা ভাগ সুচাৰুৰূপে সম্পাদন কৰিবলৈ স্থানীয় সকলো মানুহেই দেহে কেহে খাটি পূজাভাগ সুচাৰুৰূপে সম্পাদন কৰা হয়। স্থানীয় ৰাইজৰ দান বৰঙণিৰে এই পূজাভাগ সম্পাদিত কৰা হয়। ইয়াৰোপৰি শুভাকাংক্ষী, অন্যান্য পৰিচিত লোকসকলেও নিজৰ ইচ্ছানুসৰি দান বৰঙণি আগবঢ়ায় আৰু এই সকলোখিনি মিলিয়েই এই পাঁচদিনীয়া দূৰ্গা পূজাখন সফল ভাৱে সম্পাদিত হোৱাত সহায় কৰে। এতিয়াৰ আৰু তেতিয়াৰ দূৰ্গা পূজা অনুষ্ঠিত কৰাৰ এই ডাঙৰ প্ৰভেদটোৱেই আছিল যে এতিয়াৰ পূজা এখনত পূজা অনুষ্ঠিত কৰাৰ বিনিময়ত আয়োজক কমিটিয়ে এই দান বৰঙণি সংগ্ৰহৰ নামত নিৰিখ বান্ধি দিয়ে আৰু বেছিভাগ ক্ষেত্ৰতে এই নিৰিখ সকলো শ্ৰেণীৰ লোকৰ বাবে একে ধৰণৰ হয়। আনকি সেই স্থানীয় এলেকাৰ বাসিন্দা সকলৰ উপৰিও আন আন লোকৰ ক্ষেত্ৰতো পূজাৰ এই বৰঙণি নিৰ্দিষ্ট কৰি দিয়া হয় আৰু ইয়াৰ ফলত মানুহ বহুসময়ত বিমোৰত পৰা দেখা যায়। সকলো মানুহৰে সকলো সময়ত অৰ্থনৈতিক স্বচ্ছলতা একেধৰণৰ নাথাকে গতিকে এই লোকসকলৰ ক্ষেত্ৰত একপ্ৰকাৰৰ অসুবিধাৰ সৃষ্টি হয়। পূজাভাগ সফলতাৰে আৰু সুন্দৰকৈ সমাধা হওঁক বুলি নিজৰ ইচ্ছানুসৰি মুক্তহস্তে দান বৰঙণি আগবঢ়ায় আৰু সেইবাবে এই ক্ষেত্ৰত ইমান ধৰাবন্ধা নিয়ম বান্ধি দিয়া অথবা জোৰ জুলুম কৰা ব্যৱস্থাটো উচিত নহয় বুলি ভাবোঁ।
আজিৰ সময়ত নগৰ মহানগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চল সমূহত সকলোতে পূজাস্থলী অথবা পূজা মণ্ডমৰ সংখ্যা বহুত বাঢ়ি গ’ল। পূজাৰ দিনকেইটাত এই প্ৰতিখন পূজামণ্ডপত যথেষ্ট সংখ্যক লোকৰ সমাগম হয় এনেকুৱা একোটা সময় আহে যিটো সময়ত জনসাধাৰণক নিয়ন্ত্ৰণ কৰিবলৈ একপ্ৰকাৰ অসুবিধাজনক হৈ পৰে। কিন্তু প্ৰায় দুই দশক, দেৰ দশক আগলৈকে এইধৰণৰ পৰিস্থিতি এটা অহা নাছিল। ৰাজ্যৰ ভিন্ন প্ৰান্ত, লগতে মহানগৰীতো পূজাৰ সংখ্যা এতিয়াৰ দৰে নাছিল। মহানগৰীক বাদ দি ৰাজ্যৰ অন্যান্য প্ৰান্তত অনুষ্ঠিত হোৱা পূজা সমূহ স্থানীয় পূজাৰ দৰে আছিল আৰু সেইসমূহত এজনে আনজনক ভালদৰে চিনি পাইছিল। গতিকে কোনোবাই কিবা অসুবিধাত পৰিলেও এজনে আনজনক পৰিয়ালৰ সদস্যৰ দৰে সহায় কৰিছিল। পূজা মণ্ডপ সমূহ যথেষ্ট শৃংখলাবদ্ধ আছিল আৰু প্ৰতিখন পূজা বহুত নিয়াৰিকৈ সম্পাদিত হৈছিল।
আমাৰ শৈশৱ, কৈশোৰ আৰু প্ৰাক্ যৌৱনৰ দিনৰ দূৰ্গোৎসৱৰ দিনসমূহলৈ যদি মনত পেলাওঁ তেন্তে পূজা মণ্ডপসমূহত ঘাইকৈ এক আধ্যাত্মিক আৰু গাম্ভীৰ্য্যপূৰ্ণ পৰিৱেশে বিৰাজ কৰিছিল। প্ৰায় প্ৰতিখন পূজা মণ্ডপতে সন্ধিয়া সময়ত আৰতিৰ অনুষ্ঠান, বিভিন্ন নামৰ অনুষ্ঠান , ওজাপালি, ঢুলীয়া, খুলীয়া আদিৰ বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰা হয় যিটো সময়ত সেই পৰিৱেশত এক ভক্তিভাৱৰ সৃষ্টি হয় আৰু এই অনুষ্ঠান সমূহ উপভোগ কৰি মানুহে এক ভক্তিৰসত বুৰ যাব পাৰে। বহুদিনলৈ তেওঁলোকে এক মানসিক আনন্দ লাভ কৰি থাকে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে বিভিন্ন মানসিক চাপৰ পৰা নিজকে মুক্ত কৰিব পাৰে। কিন্তু সময়ৰ পৰিবৰ্তনৰ লগে লগে এই দিশসমূহৰ বহুখিনি পৰিৱৰ্তন হ’ল। এতিয়া শাৰদীয় দূৰ্গোৎসৱৰ সময়ত সৌন্দৰ্য্য প্ৰতিযোগিতাৰ হে আয়োজন কৰা হ’ল। গতিকে সাজপোছাক, সৌন্দৰ্য্যক লৈ প্ৰতিখন পূজাস্থলীত এই কথাসমূহক লৈহে মানুহ অধিক ব্যস্ত হৈ পৰা দেখা যায়। একোখন এনে আধ্যাত্মিক স্থলীত সৌন্দৰ্য্য প্ৰতিযোগিতাই ইয়াৰ এই গুৰু গম্ভীৰ পৰিৱেশটো আনফালে ধাবিত কৰা দেখা যায়। বিশেষকৈ দূৰ্গা পূজাৰ দৰে একোটা সাৰ্বজনীন আধ্যাত্মিক অনুষ্ঠানক সৌন্দৰ্য্য প্ৰতিযোগিতাৰ নামত বাণিজ্যিকীকৰণ কৰাহে দেখা গৈছে। মানুহক একতাৰ ডোলেৰে বান্ধি এক আধ্যাত্মিক মনোভাৱ জগাই তোলাত এই দূৰ্গাপূজাই সমাজত এক সৱলভূমিকা গ্ৰহণ কৰি আহিছে। গতিকে সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন হ’লেও আমি দূৰ্গাপূজাৰ এই নিজস্বতা অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিব লাগে।
আমাৰ সমাজখনত আন্যায়, অনীতি, বিশৃংলতা ইমান বাঢ়ি গৈছে গতিকে এই সমূহ ৰোধ কৰাৰ বাবে মানুহৰ মাজত আধ্যাত্মিক ভাৱধাৰা জগাই তোলাৰ যথেষ্ট প্ৰয়োজনীয় হৈ পৰিছে। গতিকে সমাজত মানুহৰ মাজত আধ্যাত্মিক চিন্তা চেতনা জগাই সমাজখনক সুন্দৰ আৰু শৃখংলাবন্ধ ভাৱে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ সমাজখনৰো এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমাৰ সমাজখনেই এই ভূমিকা নিষ্ঠাৰে পালন কৰি সমাজখনক সুন্দৰ কৰি ৰখাত সহায় কৰক।