শাৰদীয় দুর্গোৎসৱ
কবিতা শর্মা, নতুন দিল্লী
পূজা পালেহি … এই কথাষাৰতে যেন অদ্ভুত এক যাদু আছে। আকাশে – বতাহে এক শীত – শীত অনুভৱ, শেৱালি ফুলৰ মিঠা গোন্ধে, কহুৱাবনৰ মুক্ত নাচোন, মেঘমুক্ত নিৰ্মল আকাশ আৰু মনৰ ভিতৰত এক মৃদু উত্তেজনাৰ অনুভূতি … নহবই বা কিয়? বছৰৰ যিটো ঋতুৱে প্ৰকৃতিক সজাই-পৰাই মনোৰম আৰু মোহনীয় কৰি পৃথিৱীৰ বুকুলৈ অপাৰ সৌন্দর্য্য কঢ়িয়াই আনে, জীৱ -জড় সকলোতে আনন্দ আৰু ৰঙৰ মেলা পাতি জগত জোনালীময় কৰি তোলে, যাক কোৱা হয় শাৰদী ৰাণী, সেই স্নিগ্ধ শৰত কালতে মৰতলৈ দেবী দুর্গাৰ আগমন ঘটে। অনুষ্ঠিত হয় শাৰদীয় দুর্গা পূজা ..
ধর্মীয় ভাবে দুর্গাপূজা মাতৃ দুৰ্গাৰ মহিষাসুৰ ৰূপী অশুভ শক্তি ৰ ওপৰত শুভ শক্তিৰ বিজয়ৰ প্রতীক। “দুর্গা” শব্দটোৰ অন্তর্নিহিত অর্থ হ’ল – ‘দ’ আখৰে দৈত্য নাশক, ‘উ’ কাৰে বিঘ্ন নাশক, ‘ৰেফ’ ৰে ৰোগ নাশক, ‘গ’ আখৰে পাপ নাশক, ‘আ’ কাৰে ভয় তথা শত্রু নাশক। অর্থাত দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয় নামৰ শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে দুর্গা। দেৱীৰ ন-বিধ ৰূপ হ’ল – শৈলপুত্রী, ব্রহ্মচাৰিণী, চন্দ্ৰঘন্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্রী। দুর্গাপূজাক সাধাৰণতে নৱৰাত্ৰি বুলিও কোৱা হয়। মহালয়াৰ পবিত্ৰ ক্ষণত দেৱীৰ মর্ত্যলৈ আগমন হোৱাৰ লগে লগে আৰম্ভ হয় নৱৰাত্ৰিৰ। নৱৰাত্ৰি শুক্লা প্ৰতিপদ তিথিত আৰম্ভহৈ নৱমীত সমাপ্ত হয়। ৯ দিনত ভগৱতী দুর্গা দেৱীৰ ৯টা ৰূপৰ পূজা কৰা হয় আৰু চণ্ডী পাঠ কৰা হয়। পূজাৰ এই পবিত্র অনুষ্ঠানত ধূপ-ধূণা আৰু হোমৰ সুবাসে, ডবা – কাহ – শংখ – ঘণ্টাৰ মধুৰ ধ্বনিয়ে মানুহৰ অন্তৰে অন্তৰে স্বৰ্গীয় পবিত্রতা সানি দিয়ে। হিংসা-দ্বেষ-কপটতা সকলো বিসর্জন দি ভক্ত সকলে দেৱীৰ চৰণত মূৰ দোৱাই , শক্তি – বিদ্যা – বুদ্ধি-ঐশ্বর্য-বিভূতিৰ কামনা কৰে। মানুহৰ উদুলি মুদুলি পৰিৱেশত পূজা মণ্ডপ যেন বৈকুণ্ঠধামত পৰিনত হয়। দশমী তিথিৰ দিনা দেৱী মাৰ বিসৰ্জন কৰাৰ পাছত দুর্গা পূজাৰ অন্ত পৰে।
ভাৰতৰ বিভিন্ন ৰাজ্যত ধুমধামকৈ এই পূজা অনুষ্ঠিত কৰা হয়। বিশেষকৈ অসমকে ধৰি পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, ত্ৰিপুৰা আদি ৰাজ্যত দুর্গা পূজাৰ পয়োভৰ বেছি।
অসমত দেৱী পূজাৰ প্ৰচলন হাজাৰ বছৰৰো পুৰণি। এই ইতিহাস কোঁচ ৰাজ্যৰ সময়ৰ পৰা আৰম্ভ হৈছিল। দৰঙী ৰজা বলিনাৰায়ণে ১৬১৪ খৃষ্টাব্দত প্ৰথম খন ৰাজকীয় ৰাজহুৱা দুর্গা পূজা পাতিছিল। কোঁচ ৰাজ্যৰ পৰা পূজাৰ বিধি শিকি আহোম ৰাজবংশৰ প্ৰতাপ সিংহই মাটিৰ প্ৰতিমা সজাই দুর্গা পূজাৰ প্ৰচলন কৰিছিল। পূর্বতে দুর্গা পূজাত অসমীয়া সমাজৰ অংশ গ্ৰহণ কিছু কম আছিল। ইয়াৰ কাৰণ হ’ল পৌৰাণিক মূলৰ অসমীয়া সমাজৰ প্ৰায় অর্ধেক লোকে বৈষ্ণৱ পন্থী আৰু মহাপুৰুষীয়া ধৰ্মৰ। যিহেতু দুর্গা পূজাত বলি বিধান আছে, সেয়ে বৈষ্ণৱ সকলৰ অংশ গ্ৰহণ কম আছিল। কিন্তু সময় বাগৰাৰ লগে লগে এনে অসমীয়া লোক সকলেও দুর্গা পূজা উলহ -মালহেৰে উদযাপন কৰিবলৈ লৈছে। বর্তমান সময়ত দুর্গা পূজাৰ কথা নজনা লোক প্রায় নাই বুলি কলেও অত্যুক্তি কৰা নহয়। দুর্গা পূজা প্রকৃতপক্ষে এক ধর্মীয় অনুষ্ঠান যদিও বর্তমান সময়ত সকলো শ্ৰেণীৰ মানুহে সহযোগিতা কৰাৰ ফলত ই এক উদাৰ সামাজিক অনুষ্ঠানত পৰিনত হৈছে। অগণন মানুহৰ মহা মিলনৰ এই মহোৎসৱে ইয়াৰ পৰিসৰ এনে ব্যাপক কৰি তুলিছে যে ইয়াক সমূহীয়া জাতীয় উৎসৱ হিচাপে গন্য কৰিব পৰা যায়।
অসমীয়াৰ জাতীয় উৎসৱ বহাগ বিহুৰ যি আনন্দ -উচ্ছাস, যি উলহ-মালহ, অপৰিমেয় উৎসাহ উদ্দীপনাৰ যি স্বতঃস্ফূর্ত আৰু জীৱন্ত প্ৰকাশ, দুর্গা পূজাত এই সকলোবোৰৰেই মূৰ্ত প্ৰতিফলন ঘটে। জাতীয় উৎসৱৰ যোগেদি একোটা জাতিৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ সামগ্রিক পৰিচয় স্পষ্টভাবে প্রকাশিত হয়। জীৱনৰ ব্যথা -বেদনা, সুখ-দুখ আদি পৰিহাৰ কৰি, মনৰ কলুষ-কালিমা – সংকীর্ণতা আতৰাই বৃহৎ কল্যাণৰ উদ্দেশ্যৰে মানুহে জাতীয় উৎসৱ সমূহত মিলিত হয়।
আমাৰ দেশত দুর্গাপূজাক কোৱা হয় শাৰদীয় উৎসৱ। এই উৎসৱৰ সন্মিলনত আমি অনুভৱ কৰোঁ “আমি” হোৱাৰ বোধ – উপলব্ধি, সেয়েহে সকলো ধর্ম – বর্ণ মানুহৰ স্বতঃস্ফূর্ত অংশ গ্রহণত দুর্গোৎসৱ হৈ উঠে সাৰ্বজনীন শাৰদীয় উৎসৱ। এই সার্বজনীনতাই সকলো সংকীর্ণতা আৰু ভেদাভেদ পাহৰাই, আমাক ইজনে সিজনৰ সৈতে মিলিত হোৱাৰ শক্তি প্ৰদান কৰে। ঠিক যিদৰে ঈদ , বৰদিন, বুদ্ধ পূর্ণিমা, হোলী, শংকৰদেৱৰ জন্মোৎসৱ ইত্যাদি ধৰ্মীয় আচাৰ সমূহ হৈ উঠে উৎসৱমুখৰ। ধৰ্মীয় আচাৰ-বিচাৰৰ উৰ্দ্ধত উঠি এনে উৎসৱ সমূহে ঘোষনা কৰে মানুহৰ মাজৰ মিলনৰ আহ্বান, কঢ়িয়াই আনে পৰস্পৰৰ বন্ধুত্ব পূৰ্ণ সম্পৰ্কৰ এক অমোঘ বার্তা …
উৎসৱৰ সৈতে গভীৰ যোগসুত্ৰ আছে শান্তিৰ। পাৰস্পৰিক শ্ৰদ্ধা, সন্মান আৰু সহমর্মিতাৰ পৰা সামাজিক শান্তিৰ যি পৰিৱেশ বিৰাজ কৰে সেয়ে উৎসৱৰ আনন্দক দুগুণে বঢ়াই তোলে। কিন্তু একশ্ৰেণীৰ স্বাৰ্থান্বেষী মানুহে কৌশলেৰে সদায়েই ধৰ্মীয় আচাৰ আৰু উৎসৱৰ মাজত বিৰোধ স্থাপন কৰি উৎসৱ আৰু শান্তিৰ পৰিৱেশক বিঘ্নিত কৰাৰ চেষ্টাত নিয়োজিত থাকে। সামাজিক মাধ্যমতো সচৰাচৰ এনে ধৰণৰ বিতৰ্কই তোলপাৰ লগাই থকা দেখা যায়। এই কথা পাহৰিলে নহব যে ধৰ্ম নিজৰ – নিজৰ, কিন্তু উৎসৱ সকলোৰে। আমাৰ দেশৰ সংস্কৃতিৰ অনন্য বৈশিষ্ট্য হৈছে, প্রতিটো ধর্মীয় উৎসৱত অন্য ধৰ্মৰ মানুহে আন্তৰিকতাৰে অংশ গ্ৰহণ কৰা আৰু উৎসৱৰ আনন্দ ভগাই লোৱাৰ প্ৰৱনতা। সকলোৱে নিজৰ ধৰ্ম চৰ্চা কৰা দৰকাৰ, কিন্তু লগতে এই কথাও মনত ৰখা উচিত যে ধৰ্ম সাধনাৰ মূলমন্ত্ৰ হৈছে মনুষত্বৰ সাধনা।
ধর্মীয় উৎসৱ উদযাপনৰ মাজেৰে আমি জাগ্রত কৰিব পাৰো মানবধৰ্ম আৰু মানবীয় মূল্যবোধ। অশুভ শক্তি বিনাশৰ বাবে অগ্রনী ভূমিকা পালন কৰিবলৈ মানুহক লাগিব মুক্তচিন্তা কাৰণ মুক্তচিন্তাই হে মানুহৰ দৃষ্টি ভঙ্গী উদাৰ কৰে আৰু একতাত বিশ্বাস কৰিবলৈ শিকায়। বিশ্বৰ প্ৰধান ধৰ্মৰ মৌলিক দৰ্শন অভিন্ন। অহিংসা, মৈত্ৰী আৰু সাম্য যিকোনো ধৰ্মৰ মূল উপজীব্য। আমাৰ সমাজত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰিবলৈ হলে সাম্প্রদায়িক সম্প্ৰীতি ৰক্ষা কৰিব লাগিব। জাতি -বর্ণ – ধর্ম নির্বিশেষে সকলোৰে মাজত সম্প্ৰীতিৰ বন্ধনক দৃঢ় কৰিব লাগিব। নিজৰ ধৰ্মক যেনেকৈ আমি সকলোৱে ভাল পাওঁ, ঠিক তেনেকৈয়ে অন্য সম্প্ৰদায়ৰ ধৰ্মীয় বিশ্বাসৰ প্ৰতিও ৰাখিব লাগিব অটল শ্রদ্ধা।
সময়ৰ পৰিৱৰ্তনৰ লগে লগে দুর্গা পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো আমোেল পৰিৱৰ্তন ঘটিছে। বর্তমান সময়ত পূজা ইমান জাকজমকতাৰে পতা হয় যে, পূজাৰ আধ্যাত্মিকতাতকৈ আড়ম্বৰপূৰ্ণতাইহে বেছি গুৰুত্ব পোৱা যেন অনুভৱ হয়। কোনে কিমান জাকজমকতাপূর্ণ মণ্ডপ সাজিব পাৰে তাৰেই যেন অঘোষিত প্রতিযোগিতা চলে। লাখ – লাখ টকাৰ শৰাধ কৰি বনোৱা হয় মণ্ডপ। মণ্ডপৰ বাহিৰৰ কাষৰীয়া ঠাইৰ পৰা আৰম্ভ কৰি চৌহদৰ ভিতৰত হৰেক ৰকমৰ দোকান পোহাৰৰ ভিৰ। বিভিন্ন মিঠাইৰ ওপৰিও আ-অলঙ্কাৰ, পুতলা, বেলুন আদিৰে দোকান পোহাৰ উপচি থাকে। আগৰ গুৰু গম্ভীৰ দুৰ্গা স্তোত্ৰৰ পৰিৱৰ্তে এতিয়া পূজা থলীত শুনো “ডিজে বক্সৰ ” কাণ তাল মৰা শব্দ। মুঠতে পূজাও যেন হৈ পৰিছে ব্যৱসায়িক ভিত্তিত। পূজা আহিলে পুঁজিপতি ব্যৱসায়ীৰ আনন্দ বাঢ়ে। সাঁচতীয়া টকাকেইটা পুঁজিপতিক গটাই দি সিহঁতৰ জালত আমি হাবুডুবু খাওঁ। হলেও সাধাৰণ শ্ৰেণীৰ মানুহৰ সপোনবোৰ একেই থাকে। ভাবিলে আচৰিত হওঁ যে লাখ লাখ টকাৰ শৰাধ কৰি বাহুল্য কৰাৰ কি প্রয়োজন? দেৱীমাই জানো এনে বিলাসিতা বিচাৰে? দশমীৰ দিনা দেৱীমাৰ বিসর্জন হয়। এই নিয়ম পূৰ্বৰ পৰাই আছিল যদিও বিসর্জন পর্ব ইমান ডাঙৰ নাছিল। কিন্তু বৰ্তমানৰ বিসর্জন প্রক্রিয়াত “ডিজে” ৰ কাণ তাল মৰা শব্দৰ তালে তালে গাড়ীৰ সন্মুখত বা ওপৰত সুৰাৰ নিচাত পুৰুষ- মহিলাৰ নৃত্যৰ পয়োভৰ অত্যন্ত দৃষ্টিকটু যেন অনুভৱ কৰোঁ। বিসর্জন থলীতো মানুহৰ অতিমাত্ৰা কোলাহল, হেঁচা-ঠেলাৰ অনাঙ্কাক্ষিত পৰিৱেশৰ সৃষ্টি হয়। বিসৰ্জনৰ পাছত নদীত প্ৰতিমাৰ জৰিয়তে হোৱা প্ৰদূষণৰ আঘাত। এনে ধৰণৰ কথা বিলাকত পূজা কমিটি সকলে গুৰুত্ব দিয়াতো অতি প্রয়োজন।
পূজা আমাৰ কাম্য। কিন্তু ইয়াৰ পৰা যাতে দেশৰ অর্থনৈতিক ব্যৱস্থা তললৈ নাযায়, পৰিৱেশ বিনষ্ট নহয় ইয়াৰ বাবে সমিতি বিলাকে লক্ষ্য ৰাখিব লাগিব আৰু আমিও সজাগ হব লাগিব। চৰকাৰেও এনেবোৰ অৱস্থা ৰোধ কৰিবলৈ কিছু বিহিত ব্যৱস্থা লোৱা উচিত।
সময় চিৰপ্ৰবাহমান। সময়ৰ লগে লগে হোৱা পৰিৱৰ্তনক আমি কেতিয়াও ৰুধিব নোৱাৰো। আমি মাত্র কামনা কৰোঁ শান্তিৰ এক সেউজ বাতাৱৰণ, য’ত সকলোৱে মুক্ত মনে উদ্যাপন কৰিব পাৰোঁ শাৰদীয় দুর্গাপূজা। পংকিলতাৰ পৰা আঁতৰি আহি নিৰিবিলি পৰিৱেশত কটাব পাৰোঁ এসন্ধ্যা। দেৱীৰ নামত ব্যৱসায় নহওঁক, গৃহযুদ্ধ নহওঁক, ধর্মীয় সংঘাট নহওঁক। দুর্গা পূজাৰ আয়োজন যেন অসমৰ সকলো মানুহৰ সন্মিলিত আয়োজনলৈ পৰিনত হয়। সকলো মানুহে ধর্মীয় ভেদাভেদ পাহৰি যেন এক সমন্বিত আয়োজনত নিজকে ব্ৰতী কৰি তোলে। শাৰদীয় দুর্গাপূজা তেতিয়াহে ৰূপান্তৰিত হব শাৰদীয় দুর্গোৎসৱলৈ।
সমূহ অসমবাসী ৰাইজলৈ দুর্গাপূজা উপলক্ষে মোৰ আন্তৰিক শুভকামনা জনালোঁ।