শাৰদীয় অনুভৱ
ছেলিমা বেগম, নগাঁও
শাৰদীয় স্নিগ্ধ জোনাকত সকলোৰে মনত পৰিবৰ্তন আহে। শাৰদীয় শেৱালি ফুলৰ গোন্ধ সকলো প্ৰিয়,এক মিঠা মিঠা গোন্ধৰে শৰৎ কালত মন- প্ৰাণ ব্যাকুল হৈ পৰে। পথাৰখন শুৱনি হৈ উঠে সেউজীয়া পথাৰখন গৰ্ভৱতী হয়। শৰালি, বগলী উৰি শাৰদীয় শৰৎ ঋতুৰ আগজাননী দিয়ে।খাল,বিল নৈ সমূহ বৰ্ষা কালক বিদায় দি পানী মেটেকা আদি জলজ ফুল ফুলি সৌন্দৰ্য বৃদ্ধি কৰে। তাতে আকৌ বগা কৈ বগলী উৰি শাৰদীয় শৰৎ ঋতুৰ উমান দিয়ে।চয় ঋতুৰ তৃতীয় ঋতু, ভাদ মাহৰ শেষৰ ঋতু। উত্তৰ গোলাৰধত চেপ্টেম্বৰ আৰু দক্ষিণ গোলাৰধৰ গ্ৰীষ্ম আৰু শীত কালৰ মধ্যৱতিত শৰৎ ঋতুৰ আগমন ঘটে। এই ঋতু আৰম্ভ হোৱাৰ লগে লগে দিন চুটি, দীঘল হয়। বৰষুণৰ পৰিমাণ কমি বতৰ নাতিশীতোষ্ণ হয়। গছৰ পাতবোৰ সৰিবলৈ ধৰে ,শেৱালি ফুল ফুলে বকুল ফুল ফুলে। নদীৰ পাৰত কঁহুৱা বন ফুলে। দূৰ্গা পূজা, লক্ষ্মী পূজা, কালী পূজা, কাতি বিহু পালন কৰা হয়। শৰৎ ঋতুক সকলো ঋতুৰ ৰাণী বুলি কোৱা হয়। শৰৎ কেৱল এটা শব্দৰ ঋতু নহয় শৰত হৈছে আনন্দৰ এখন নৈ, আশাৰ বতৰা শৰতে কঢ়িয়াই আনে এটি সৌন্দৰ্য্য প্ৰতীক। শৰৎ বুলি কলেই মোৰ মনলৈ আহে অবুজ শিহৰণ স্নিগ্ধ শেৱালি ফুলৰ সুবাসে মন মতলীয়া কৰে শেৱালি ফুলৰ বতৰে মন মোৰ দিশ হাৰা কৰে। দুৱৰি বনৰ মাজত বিচাৰি পাওঁ নিয়ৰৰ মুকুতা।শৰৎ আহিলে প্ৰকৃতিৰ বুকুত সৌন্দৰ্য্য বৃদ্ধি পায়। শেৱালি ফুল ফুলি শৰৎ ঋতুত সন্ধ্যা সময়ত শেৱালিৰ গোন্ধ কি যে মিঠা মিঠা। শৰতৰ শেৱালি বিষয়ে সিন্ধু ধৰ্ম পুথিত উল্লেখ আছে। শেৱালি ফুলৰে নানা পূজা কৰা হয়।কবি সকলে কবিতা লিখিবলৈ ব্যাকুল হৈ থাকে। কঁহুৱা বিৰিণা ফুল ফুলি শৰৎ কালত নৈসৰ্গিক দৃশ্য আকৰ্ষণীয় কৰে । এই শৰৎ কালতে আমাৰ অসমত কাতি বিহু পালন কৰা হয়। শৰৎ মানেই আনন্দৰ উৎসৱ। এই শাৰদীয় শৰৎ কালত পোহৰৰ উৎসৱ পালন কৰা হয়।শাৰদীয় শৰৎ কালত নিয়ৰ পৰি চাৰিওফালে বিয়পি থাকে। শৰৎ ঋতুত গৰমৰ প্ৰকোপ লাহে লাহে কমি আহে, ঠাণ্ডা নামি আহে ধৰাৰ বুকুত। নিয়ৰত তিতি দুবৰি বনবোৰ সৌন্দৰ্য বৃদ্ধি কৰে।নিয়ৰৰ টোপাল বনাবলৈ পৰিলে পুৱাৰ কিৰণ পৰি জিলমিল কৰে। নাতিশীতোষ্ণ বতৰত মানুহৰ মাজত বেমাৰ আজিৰ কম কৈ দেখা দিয়ে।