শাহু-বোৱাৰীৰ  সম্বন্ধ – চন্দ্ৰ শেখৰ পৰাজুলী

শাহু-বোৱাৰীৰ  সম্বন্ধ
 চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
শাহু-বোৱাৰীৰ সম্বন্ধ কেনে হোৱা উচিত এইবোৰ বিষয়ত হয়তো বহুতো মানুহৰে মতানৈক্য থাকিব পাৰে। কাৰণ প্ৰতিখন ঘৰতে প্ৰায়বোৰ শাহুৱে সদায় নিজৰ ঠাইত ঠিক থাকিব বিচাৰে। আনহাতে বোৱাৰী এগৰাকীয়ে নিজৰ ঠাইত সদায় শ্ৰেষ্ঠ বুলি ভাবে। সেয়েহে মই আগতিয়া এই কথা উল্লেখ কৰি দিওঁ যে, মই ‌যদিও এজন পুৰুষ তথাপিও মই কেৱল মাক বা শাহুৰ পক্ষে মাত মাতিবলৈ লৈছে বা কেৱল বোৱাৰী বা পন্তীৰ পক্ষ লৈছোঁ বুলি কোনেও ভুল ভ্ৰান্তিবোৰ মনতে পোষণ কৰি নাথাকিব। কাৰণ মই এই আলোচনাৰ জৰিয়তে প্ৰকৃত সত্য কথাবোৰৰ আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ।চাওঁক আমাৰ সমাজত প্ৰচলিত নিয়ম অনুসৰি ছোৱালী এজনীক বিয়া কৰায় এখন ঘৰত বোৱাৰী ৰূপত প্ৰবেশ কৰা হয়। কিন্তু সেই ঘৰখনত বিয়াৰ আগৰ সময়ছোৱালৈ একেবাৰে জন্মৰ পৰা তুলি-তালি ডাঙৰ-দীঘল কৰোৱাই এগৰাকী মাতৃয়ে । অৰ্থাৎ বোৱাৰীৰ সম্বন্ধ অনুসৰি এগৰাকী শাহুৱেক হ’ব নহয়নে ? মই ইয়াতে বোৱাৰীৰ ঘৰৰ অৰ্থাৎ বিয়া কৰোৱা ল’ৰাৰ শাহুৱেকৰ কথা উল্লেখ কৰা নাই। কাৰণ বিয়াৰ পিছত লৰাই নিজ ঘৰতে ছোৱালী এজনীক লৈ অনাৰ নিয়ম প্ৰচলিত আছে যিহেতু বোৱাৰী এগৰাকীয়ে জন্মগ্ৰহন কৰাৰ ঘৰৰ লগত প্ৰতিদিনে সংস্পৰ্শলৈ অহা নহয়। সেয়েহে সেই বিষয়ে ইমান বহলাই আলোচনা নকৰোঁ। কিন্তু যেতিয়া বিয়া কৰাই অনা বোৱাৰী ল’ৰাৰ ঘৰত লাহে লাহে পুৰণি হৈ পৰে তেন্তে নিজ ঘৰ,নিজ শাহুৱেক আৰু নিজ স্বামীৰ ওপৰত কিছুমান বোৱাৰীয়ে বা নাৰীয়ে আধিপত্য স্থাপন কৰিব বিচাৰে। কিন্তু পৰিয়াল এখনত সকলো সদস্যৰ স্থান সদায় সুকীয়াকৈ প্ৰদান কৰিব লাগে বুলি কিছুমান বোৱাৰীয়ে কিয় পাহৰি যায় ? বোৱাৰী এগৰাকীয়ে সদায় ঘৰখনে উচ্চ আসনত ৰাখিলেও প্ৰকৃত অৰ্থত কবলৈ হ’লে বোৱাৰী এগৰাকী নিজে নিজৰ স্থান ক’ত সেইবোৰ কথা সদায় উপলব্ধি কৰি চলিব লাগে। আচলতে যেতিয়া বিয়া কৰায় নতুন নতুনকৈ ল’ৰাৰ ঘৰত সোমাই প্ৰতিটো কথা কওতো বা প্ৰতিটো কাম কৰোঁতে বহুতো ভাবি-চিন্ত আগবঢ়া নতুন বোৱাৰী এগৰাকীয়ে সময়ৰ লগে লগে প্ৰায়বোৰ নাৰীয়ে কিয় আপোন পহৰা হৈ পৰে। প্ৰকৃততে নতুনকৈ ঘৰৰ সোমোৱাৰ সময়ত প্ৰতিগৰাকী নাৰীয়ে নিজে উপলব্ধি কৰিবলৈ সক্ষম হয় সেইখন ঘৰত তাইৰ স্থান ক’ত নহয়নে ?  গতিকে এগৰাকী ল’ৰাৰ মাতৃ বা শাহুৱেক আৰু এগৰাকী বোৱাৰী দুয়োজনেই প্ৰকৃততে নাৰী বা এখময়ত কাৰোবাৰ ঘৰৰ ছোৱালী।গতিকে ঘৰএখন ব্যৱস্থিত ৰূপত পৰিচালনা কৰাৰ দায়িত্ব যিমানেই এগৰাকী শাহুৱেকৰ হ’ব লাগে সিমানেই দায়িত্ব কিন্তু এগৰাকী বোৱাৰীৰো হোৱা উচিত। সেয়েহে নিজ নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰিলে অৰ্থাৎ শাহুৱেকে এগৰাকী বোৱাৰীক পৰাপক্ষত নিজ জন্ম দিয়া জীয়ৰীতকৈ আৰু অধিক ৰূপত মৰম,আদৰ কৰিলে আৰু আনহাতে বোৱাৰী এগৰাকীয়ে নিজৰ শাহুৱেকক নিজ জন্ম দিয়া মাতৃতকৈ অত্যাধিক ৰূপত মৰম আৰু শ্ৰদ্ধা কৰিলেহে প্ৰতিখন ঘৰ-সংসাৰ সৰ্গৰ দৰে আমোল মুলাই উঠিব। কোন,কেনেকুৱা আছে এইবোৰ কথা বাদ দি কোনে,কাক, কেনেদৰে গ্ৰহণ কৰিছে বা উপলব্ধি কৰিবলৈ সক্ষম হৈ সেইমতে সকলোকে গ্ৰহণ কৰি ঘৰ সংসাৰখন আগুৱাই নিবলৈ পাৰিলেই প্ৰতিটো সম্বন্ধতে এক অটুট সুন্দৰতাৰ সৃষ্টি হ’ব পাৰে।