শাসকৰ ধনবল,বাহুবল,কূট- কৌশলক পৰাভূত কৰি ধনঞ্জয় দাসক জয়ী কৰাই ৰাইজে ৰাখিলে বিৰোধীৰ দম আৰু দাম
নিৰ্দলীয়ক ভোট নিদিবলৈ অঞ্জন গোস্বামীয়ে জনোৱা আহ্বান ওলোটা হ’ল ঝাৰোবড়ীত
শৈলেন কুমাৰ,মিৰ্জা, ৰঙিলী বাৰ্ত্তাসেৱা– যুদ্ধৰ আৰম্ভ হয় আৰু যুদ্ধৰ এদিন শেষও হয়। সৰ্বসাধাৰণ ৰাইজে চাই থাকে যুদ্ধ। শেষ যুদ্ধত ৰাইজৰ জয় হয়। এই পৃথিৱীত যুগে যুগে চলি অহা অত্যাচাৰ,দাদাগিৰি, অসভ্য লোকৰ শাসন- শোষণ জনতাৰ ৰায়ত মষিমূৰ হৈ আহিছে। জনতাৰ ৰায় শাসক শোষকে মানি লয় বা নলয় সেয়া তেওঁলোকৰ কথা। প্ৰত্যেকে প্ৰত্যেকক চাই আছে। কোন সঠিক কোন বেঠিক। কি শুদ্ধ কি অশুদ্ধ। দুৰাচাৰী তথা স্বাৰ্থন্বেষী লোকৰ সান্দহ খোৱা বাতি তল গ’লেই নাৰী বা অশ্লীল বাক্যবাণৰ আশ্ৰয় লয়। কোনে কাক সমৰ্থন কৰিছে সেয়া ডাঙৰ কথা নহয়। কেনে মানুহক কোন শ্ৰেণীৰ মানুহে সমৰ্থন কৰিছে। কি শ্ৰেণীৰ মানুহে কি শ্ৰেণীৰ মানুহক ভাল পাইছে সেয়াহে ডাঙৰ কথা। এইবাৰ আহো পঞ্চায়ত নিৰ্বাচনৰ প্ৰসংগলৈ। পলাশবাৰী সমষ্টিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বাঢ়ন্তি মণিয়েৰী পাৰাকুছি গাঁও পঞ্চায়তত ভোটাৰ ৰাইজে শাসকৰ ধনবল বাহুবল আৰু ৰণ-কৌশলক পৰাভূত কৰা ঘটনা সঁচাকৈয়ে চিন্তনীয়। ক’ব পাৰি এই ৰায় জনতাৰ,এই ৰায় ক্ষোভৰ। অঞ্চলটোৰ বিভিন্ন দল সংগঠন,সচেতন লোক,বৌদ্ধিক মহল,নেতৃত্বৰ প্ৰতি ক্ষোভিত একাংশ বিজেপিৰ সমৰ্থিত নেতা পালিনেতাৰ সমৰ্থিত ধনঞ্জয় দাসৰ আৰম্ভণিৰপৰাই জয়ৰ সম্ভাৱনীয়তাৰ দৌৰত আছিল। আনকি একাংশ প্ৰভাৱশালী বিজেপিৰ কৰ্মীয়ে কৈছিল-এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী ধনঞ্জয় দাস(ধন)ক জয়ী কৰাৰ মূলতে থাকিব অঞ্চলটোৰ মানুহৰ দম আৰু দাম। সেই কথা ৰাখিলে অঞ্চলটোৰ ৰাইজে। গুৰুত্বপূৰ্ণ কথা এসময়ৰ প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতাৰ সোঁহাতস্বৰূপ তথা দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামীয়ে ৰঙামাটিত অনুষ্ঠিত এখন সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকা সময়ত ৰাজনৈতিক তুষ্টিকৰণ চিন্তাৰে বক্তব্য ৰাখি নিৰ্দলীয়ক ভোট দিয়াৰ কাম নাই বুলি কৈছিল। কিন্তু প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতাই নিৰ্দলীয়ভাৱে ভোট খেলাৰ সময়ত এইজন অঞ্জন গোস্বামীয়ে টেটুফালি প্ৰণৱ কলিতাক ভোট দিয়াৰ আহ্বান জনাইছিল। আজি আৰু নিৰ্দলীয়ৰ কাম নাই বুলি তেওঁ ৰাইজক আহ্বান জনোৱাতো ইতিমধ্যেই এক স্বাৰ্থনিহিত বিষয় বুলি ভোটাৰ ৰাইজে বুজি লৈছে। এইবেলি যে প্ৰাৰ্থী নিৰ্দলীয়কে দিয়া হৈছিল সেই কথাও পাহৰিলে। যাৰবাবে এই ভাষণটো ওলোটা হৈ অৱশেষত নিজৰ দলৰে বৃহৎ ক্ষতি হ’ল। জিকিলে তেওঁৰ ঘৰৰ কাষৰে নিৰ্দলীয় প্ৰাৰ্থী ধনঞ্জয়। হাৰিলে বিজেপিৰ প্ৰাৰ্থী কৌশিক তালুকদাৰ। উল্লেখ যে,ৰাজনীতিত যে ত্যাগ থাকে সেই কথা অঞ্জন গোস্বামীহঁতে পাহৰি গৈছে। তেওঁলোক মানুহ চিনাত বিফল হৈছে। মানুহে এবাৰেই জীৱন পায় তাতেই কিমান যে নিকৃষ্ট ৰাজনীতি।অন্যায়,অনিয়ম দেখিও নিমাত হৈ থকাৰ এয়া ফল বুলি ৰাইজে মত প্ৰকাশ কৰিছে। যাৰবাবে পলাশবাৰীৰ তিনিখন নিৰ্বাচনী সভালৈ অহা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাষণেও কাম নিদিলে বুলি চৰ্চা চলিছে।কথা হ’ল ৰাজনীতি ইমান সহজ বিষয়ো নহয় যে কেৱল ধনবল আৰু বাহুবলেই জয়ৰ বাট মোকোলাই দিব। ভদ্ৰ আচৰণো যে নিৰ্বাচন জিকাৰ এটি বাট হ’ব পাৰে, ঠিক সেয়াই প্ৰমাণ কৰিলে ধনঞ্জয়ৰ জয়ৰ ঘটনাই।সকলোৱে মনত ৰখা ভাল ক্ষমতা,বাহুবল অস্থায়ী।ভাল কাম,সঠিক চিন্তা,মানুহৰ ভদ্ৰতা,শিষ্টাচাৰ স্থায়ী।ৰাজনীতিত মানুহ,সমাজ ভালপাব জনাটোহে দক্ষতা। সমাজ বিচ্ছিন্ন হৈ মানুহ আৰু সমাজক কেৱল ধনেৰে জুখিব গ’লেই জীৱনৰ পৰাজয় নিশ্চিত। তাতোকৈ গুৰুত্বপূৰ্ণ কথা এই পঞ্চায়তখনত বিজেপিৰ সকলো ৰথী মহাৰথীৰ জন্মঠাই। অথচ বহুতৰ পৰাজয়। ক’ব পাৰি বিজেপিৰ আভ্যন্তৰীণ কন্দল,প্ৰাৰ্থী বাচনিৰ বিফলতা। আনহাতে বিৰোধীৰ ঐক্যবদ্ধ প্ৰচেষ্টা জোৰদাৰ নোহাৱাৰ বাবেই কেইবাজনো প্ৰাৰ্থীয়ে জয়ী হোৱাত কেণা লাগে। কথা যে কুমজেলেকুৱাৰ ঠেং বেছি, কিন্তু তাৰ গতি মন্থৰ।
