শাশুণৰ পথাৰ
শ্ৰী মিন্টু গোৱলা, লখিমপুৰ
ৰ’দৰ প্ৰখৰত জিলিকি থকা সেই মোৰ শাশুণৰ পথাৰ বোৰ!!
পথাৰত ৰোৱনিৰ এপল ও মূৰ দাঙি চাবলৈ সময় নাই
মাথোঁ আছে ভূঁই ৰোৱা।
গছি গছি কঠিয়াৰ বোলোৱাহে সময়,
নাই কোনো দুখ-সুখৰ কথা পাতিব সময়!!
হালোৱাৰ কপালৰ ঘাম মাটিত পেলাই সোনৰ পুলি ৰোৱে,
ৰোৱনিয়ে বছৰজোৰাই খাম বুলি।
কি সুমধুৰ এই শাশুণৰ পথাৰ খনিত
ব্যস্ত মাথোঁ চৌদিশে ভূঁই ৰোৱাই,
ভূঁই ৰোৱা
কঠিয়া তুলাই,
কঠিয়া তুলিব
মাথোঁ কাম আৰু কাম কাকো চাবলৈ সময় নাই!!!
শাশুণৰ সুবাস কৃষকৰ শুৱনি
কেঁচা মাটিৰ গোন্ধে ,সোনৰ গোন্ধ দিয়ে
কৃষকৰ ভৰে সুখেৰে
এয়ে মোৰ শাশুণৰ সুবাস
এয়ে মোৰ সোনালি ধাননিৰ মন।।