শালীনতা – পাহাৰী শইকীয়া

pc Pixels
শালীনতা
পাহাৰী শইকীয়া, যোৰহাট
নীতা তুমি এই কুৰ্টি আৰু লেগিংছটো পিন্ধি ক’ত যোৱা?তাতে দুপট্টাখনো লোৱা নাই।হ’ল বুলিয়ে যিহকে মন যায় তাকে পিন্ধিবা নেকি?এইখন ঘৰৰ মান-সন্মান আছে আৰু এই মান-সন্মান তোমাৰ পৰা ক্ষুণ্ণ হোৱাটো নিবিছাৰোঁ মই।এইখন ঘৰৰ মান-সন্মান এতিয়া তোমাৰ হাতত।কথাবোৰ ভাবি চাবা এবাৰ। নহয় ‘মা”আজি মোৰ অফিচৰ কলিগ এজনৰ পৰিয়াল এটা শিৱসাগৰলৈ ফুৰিব আহিব।মোকো লগ ধৰিছিল বাবে মই আজি এনেকৈ পিন্ধি যাম বুলি ভাবিছিলোঁ।ভুল হৈছে যদি ক্ষমা কৰিব।মই অফিচলৈ যাওঁতে সদায়ে দেখোন চাদৰ মেখেলাই পিন্ধি যাওঁ।আজি বহুত দিনৰ মূৰত বাহিৰলৈ ফুৰিবলৈ যাম বাবেহে পিন্ধিছিলোঁ।গৰমো বহুত পৰিছে।আপুনি যেতিয়া বেয়া পাইছে মই সলাই আহোঁ।এইবাৰ ওচৰতে থকা জীয়েক মনামীয়ে মাত লগালে।মই দেখোন মা সকলোঁ পিন্ধো।মইও এখন ঘৰৰ বোৱাৰী।মোক কিন্তু আজিলৈকে এইটো পিন্ধা এইটো নিপিন্ধিবা বুলি শহুৰ-শাহুৱে কোনোদিন কোৱা নাই।অৱশ্য মই সদায় য’ত যি পিন্ধিব লাগে সেইয়াহে পিন্ধো।অ ‘মা” তুমি তোমাৰ বোৱাৰীকো নিজৰ জী বুলি ভাবিব নোৱাৰানে?মই পিন্ধিলে ভাল আৰু বোৱাৰীয়ে পিন্ধিলে বেয়া হয়।ই কেনেকুৱা কথা।যি কাপোৰে নহওঁক ‘মা” শালীনতা বজাই ৰাখি পিন্ধা যায় ই কেতিয়াওঁ দেখিবলৈ অশোভনীয় নহয়।অৱশ্য আমাৰ অসমীয়া চাদৰ মেখেলা যোৰৰ লগত কোনো কাপোৰেই তুলনা নহয়।পৰিবেশ পৰিস্থিতি সাপেক্ষে আবুৰতা ৰাখি যি কাপোৰেই পিন্ধা নাযাওঁক সি দেখিবলৈ কেতিয়াওঁ হয়তো অশুভনীয় নহয় ‘মা”।এইবাৰ বৰুৱানীয়ে ভাবিব ধৰিলে আমাৰ দৰে এখন গাওঁত বাস কৰা লোকৰ বোৱাৰীয়ে যদি চুইদাৰ বা কুৰ্টি পিন্ধবলৈ লয় কিমান যে পৰনিন্দা সহ্য কৰিব লগীয়া হ’ব পাৰে চহৰীয়া জীয়েক জানো বুজি পাব।