শান্তুলৈ আদ্য শ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলি – অঞ্জু শাণ্ডিল্য

শান্তুলৈ আদ্য শ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলি

অঞ্জু শাণ্ডিল্য

২২জুলাইৰ আগবেলা কবিতাই কান্দোনসনা মাতেৰে ফোন কৰি কৈছিল, “ৰেণুপেহীৰ ল’ৰা শান্তুৰ আজি ৰাতিপুৱা সঞ্জীৱনী হস্পিতেলত মৃত্যু হৈছে ।” কথাটো বিশ্বাসেই হোৱা নাছিল ।আমি তিতাবৰৰ ৰঙাজান চাহ বাগানত থকাৰেপৰা শান্তুক লগ পাই আহিছো।ৰেণুপেহী মাৰ শৈশৱৰ বান্ধবী ।সেইসূত্ৰে আমাৰ দুয়ো ঘৰৰ মাজত সঘনাই অহা-যোৱা ঘটিছিল ।কণমানি শান্তু আমাৰ ঘৰলৈ আহিলে দাদা-ভাইটিহতক লগ পাই যাবলৈ ইচ্ছা নকৰে।কণমানি শান্তু ডাঙৰ হৈছিল ।যোৰহাটলৈ অকলেই আহিবপৰা হৈছিল আৰু আমাৰ যোৰহাটৰ ঘৰলৈও আহিছিল ।হাঁহি মুখীয়া শান্তুৰ সকলোৰে লগত মিলি যাব পৰা গুণ আছিল ।বৃহত্তৰ তিতাবৰ অঞ্চলত বহুত অনুষ্ঠানৰ সৈতে জড়িত আছিল ।পূৱ তিতাবৰ সমবায় সমিতিৰ আজি যি পৰ্যায়ত উপনীত হৈছে, তাত শান্তুৰ অশেষ অৱদান, ভূমিকা আছিল ।অসম গণ পৰিষদ দলৰ দীৰ্ঘদিনীয়া সদস্য হৈ পাছত বিজেপিৰ সক্ৰিয় সদস্যৰূপে কেইবাবছৰৰ কাৰ্য্যনিৰ্বাহ কৰিছিল ।তিতাবৰ পৌৰসভাৰ পদেন সদস্য আছিল ।সেই শান্তুৰ মৃত্যুমুখত পৰা কথা সকলোৱে সহিব পৰা নাই ।মাত্ৰ দুমাহ আগতে পিতৃহাৰা হোৱা শান্তুৰ মাতৃও সাতমাহৰ আগতে মৃত্যু হৈছে ।ভগৱানে শান্তুকো পিতৃ-মাতৃৰ কাষলৈ লৈ গ’ল ।অকলশৰীয়া হৈ পৰিল একমাত্ৰ পুত্ৰ আৰু মৰমৰ পত্নী ।তেওঁলোকক শান্তনা দিয়াৰ ভাষা নাই ।শান্তুৰ আত্মাই চিৰশান্তি লাভ কৰক।