শান্তি বিচাৰি
এহিয়া আহমেদ
বৰথল কছাৰী গাওঁ, মৈৰাবাৰী, মৰিগাওঁ
বিষন্নতাত জৰ্জৰিত মোৰ মন,
বিচাৰো নিৰিবিলি কোলাহলমুক্ত এটি স্থান।
যত নাই কোনো জনমানবৰ হিংসাত্মক পাশাখেল,
উদ্বিগ্ন হোৱাৰ নাই কোনো কাৰণ।
আছে মাথো চৰাই-চিৰিকতিৰ কলৰব,
পাৰভঙা নদীৰ খৰস্ৰোতাৰ শব্দ,
সূৰ্য্যাস্ত যোৱাৰ এটি মাধূৰ্য্যপূৰ্ণ দৃশ্য।
থাকিম মই তাতে ৰৈ,
শান্তিৰে লম এটি উশাহ।।