শান্তিৰ বাতাৱৰণ সৃষ্টিৰ প্ৰয়াসত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা- দিগন্ত কলিতা

pc- Twitter

শান্তিৰ বাতাৱৰণ সৃষ্টিৰ প্ৰয়াসত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

দিগন্ত কলিতা,
লেখক কমলপুৰ সমষ্টিৰ বিধায়ক

এখন ৰাষ্ট্ৰ অথবা ৰাজ্যৰ উত্তৰণৰ বাবে অতিশয় প্রয়োজনীয় দিশ হৈছে শান্তি। শান্তি অবিহনে উন্নয়নৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰাটো কোনোপধ্যে সম্ভৱ নহয়। জনগণৰ মনত আত্মবিশ্বাসৰ ভাব প্রগাঢ় কৰাৰ ক্ষেত্ৰত শান্তিপূৰ্ণ বাতাৱৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। শান্তিৰ অপৰিহাৰ্যতাক লৈ কোনো প্রশ্নই উঠিব নোৱাৰে। সুদীর্ঘ সময় ধৰি আমাৰ ৰাজ্যখনে ভয়, সন্ত্ৰাসৰ মাজেৰে পাৰ কৰিবলগীয়া হৈছিল। ইয়ে জনগণৰ মাজত উদ্বিগ্নতা কঢ়িয়াই অনাৰ লগতে বিকাশৰ প্রক্রিয়াক বাধাপ্রাপ্ত কৰি তুলিছিল। শংকাৰ মাজেৰে ৰাজ্যবাসীয়ে দিন অতিবাহিত কৰিবলগীয়া হৈছিল। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ দিশত প্ৰধান কাৰক হিচাপে থিয় দি আহিছে সন্ত্রাসবাদ। সন্ত্রাসবাদে অকল বিভীষিকাৰে সৃষ্টি কৰা নাছিল, দেশ তথা বিশ্বৰ সন্মুখত এই অঞ্চলটো সুকীয়া ৰূপত প্ৰতিষ্ঠিত হৈ পৰিছিল। এই অঞ্চলৰ জনসাধাৰণে সদায়ে কেন্দ্ৰৰ দ্বাৰা অৱহেলিত, এনে ধাৰণাৰে বিকাশৰ গতিত আগুৱাই গৈছিল। নতুন প্রজন্মই নিজৰ সমস্যা সমাধানৰ বাবেই হাতত অস্ত্ৰ তুলি লৈছিল। নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে উত্তৰ-পূবৰ উন্নয়ন আৰু সন্ত্ৰাসবাদৰ সমস্যা সমাধানৰ বাবে লোৱা প্ৰয়াসৰ বাবেই আজি অঞ্চলটোৱে বিকাশৰ ক্ষিপ্ৰগতিৰে আগুৱাই যোৱাৰ লগতে সন্ত্রাসবাদী সংগঠনৰ লগত আলোচনা কৰি মূলসুঁতিলৈ ঘূৰাই অনাৰ এনে এক পৰিৱেশ নিৰ্মাণ কৰিছে, যাৰ ফলত অঞ্চলটোলৈ শান্তি আৰু প্ৰগতিৰ নব্যধাৰা প্ৰৱাহিত হ’বলৈ আৰম্ভ কৰিছে৷ এইক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভূমিকা আছিল অতিশয় প্রশংসনীয়।
মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে ড০ হিমন্ত বিশ্ব শৰ্মাই এখন শান্তিপূর্ণ ৰাজ্য গঢ়ি তুলি উন্নয়নৰ ধাৰাবাহিকতা সূচনা কৰিবলৈ লোৱা প্ৰয়াসৰ বাবে যোৱা চাৰি মাহত শান্তিৰ এক নতুন বাতাৱৰণৰ সূচনা হৈছে। ইয়াৰ লগে লগে চৰকাৰখনে লোৱা উন্নয়নৰ আঁচনি আৰু কাৰ্যসূচীয়ে বিকাশৰ নতুন অধ্যায়ৰ পাতনি মেলিছে। মুখ্যমন্ত্ৰীয়ে সন্ত্রাসবাদীক দমন কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ মনৰ বেদনা উপলব্ধি কৰিবলৈ সক্ষম হোৱা বাবে সন্ত্রাসবাদ নির্মূলৰ দৃঢ় পদক্ষেপ ল’বলৈ সক্ষম হৈছে। পৰিস্থিতি আজি এনেভাৱে সলনি হৈ পৰিছে যে সন্ত্রাসবাদী সংগঠনবোৰে আলোচনাৰ মেজলৈ অহাৰ লগতে গণতান্ত্রিক ব্যৱস্থাটোৰ প্ৰতিও আস্থা প্ৰদৰ্শন কৰিছে। এয়া মুখ্যমন্ত্ৰীগৰাকীৰ দূৰদৰ্শী চিন্তাৰ বাবেহে সম্ভৱ হৈ পৰিছে। শেহতীয়াভাৱে নতুন দিল্লীত কাৰ্বি আংলঙৰ ছটা উগ্ৰপন্থী সংগঠনৰ প্ৰতিনিধিৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত স্বাক্ষৰিত চুক্তিয়ে শাস্তিৰ এক বাতাৱৰণৰ সূচনা কৰাৰ লগতে স্বায়ত্তশাসিত পৰিষদ এলেকাত বিকাশৰ এক নতুন লহৰৰ সূচনা হোৱাটো নিশ্চিত হৈ পৰিল । চুক্তিত সন্নিৱিষ্ট দফাসমূহ ৰূপায়ণ হোৱাৰ লগে লগে পাহাৰীয়া জিলা দুখনে ৰূপান্তৰমুখী যাত্ৰাত অধিক দুৰন্ত গতিত আগুৱাই যাবলৈ সক্ষম হ’ব। বি টি আৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত স্বাভাৱিকতে মানুহৰ মনত সংশয় হৈছিল যে চুক্তিৰ বাস্তৱ ৰূপায়ণ সম্ভৱ হ’বনে ? পূর্বতে এনে বহু চুক্তি স্বাক্ষৰিত হৈছিল; কিন্তু বাস্তৱ ৰূপায়ণ সম্ভৱ হোৱা নাছিল বাবেই জনসাধাৰণৰ আত্মবিশ্বাস হেৰাই গৈছিল। নতুন প্ৰজন্মৰ বহু যুৱকে হাতত পুনৰ অস্ত্ৰ তুলি লৈছিল৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কথা আৰু কামৰ মাজত সামঞ্জস্য ৰাখি কাম কৰাৰ বাবেই মানুহৰ মানসিকতাৰ আজি সলনি হৈছে। বড়ো চুক্তিৰ নব্বৈ শতাংশতকৈ অধিক দফা ৰূপায়ণ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। বড়োলেণ্ডৰ উন্নয়নৰ প্ৰতি বৰ্তমানৰ ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। বড়োলেণ্ড কল্যাণ বিভাগ নামেৰে এটা সুকীয়া বিভাগ সৃষ্টি কৰাত কেবিনেটে অনুমোদন জনাইছে৷ কোকৰাঝাৰত বড়োলেণ্ড প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয় স্থাপনৰ বাবেও কেবিনেটে অনুমোদন জনাইছে। এইবোৰে জনসাধাৰণৰ আত্মবিশ্বাস বঢ়াইছে আৰু নতুন প্ৰজন্মই ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰিছে। শান্তিৰ বাতাৱৰণ সূচনা কৰিব লাগিলে জনসাধাৰণৰ মনত সদিচ্ছাৰ ভাব উন্মেষ কৰিবই লাগিব ৷ ৰাজ্য চৰকাৰে এনে দৃষ্টিভংগীৰে কাম কৰাৰ ফলত উন্নয়নৰ বাবেই যে শান্তি অপৰিহাৰ্য তাক উপলব্ধি কৰিবলৈ সক্ষম হৈছে। যোৱা চাৰি মাহত চৰকাৰখনে প্ৰতিটো কামতে যি দৃঢ়তা দেখুৱাইছে ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছে যে কাৰ্বি আংলং চুক্তি যথার্থভাৱে ৰূপায়ণ হোৱাটো সুনিশ্চিত।
সুদীর্ঘ সময় ধৰি সন্ত্রাসমূলক কার্যকলাপ অব্যাহত থকাৰ ফলত বহু নিৰীহ লোকৰ মৃত্যু হোৱাৰ লগতে ব্যাপক পৰিমাণৰ সা-সম্পত্তি বিনষ্ট হৈছিল। এনে অৱস্থাত এই সমস্যা সমাধান সুদূৰপৰাহত বুলিও জলসাধাৰণে ভাবিবলৈ বাধ্য হৈছিল। সন্ত্রাসবাদী সংগঠনসমূহক গণতান্ত্রিক ভাবধাৰাৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে কোনো প্রয়াস চলোৱা হোৱা নাছিল। মুখ্যমন্ত্রীয়ে এখন শান্তিপূর্ণ অসম গঢ়াৰ বাবে লোৱা পদক্ষেপৰ বাবেই আজি এই সংগঠনসমূহ আলোচনাৰ মেজলৈ আহি গণতান্ত্রিক ব্যৱস্থাটোৰ প্ৰতি আস্থাৰ ভাব পোষণ কৰিছে। ৰাজ্যৰ উগ্ৰপন্থী সমস্যাৰ স্থায়ী সমাধানৰ বাবে ৰাজ্য চৰকাৰে সর্বতোপ্ৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। বি টি আৰ চুক্তি সম্পাদনাৰ পিছত বাথাৰ নেতৃত্বত এন এল এফ বি নামৰ সংগঠনটোৱে পুনৰ হাতত অস্ত্র তুলি লৈছিল যদিও চৰকাৰৰ আন্তৰিক প্ৰয়াসৰ বাবে ইতিমধ্যে বাথা নেতৃত্বাধীন সংগঠনৰ প্ৰায় সকলো সদস্য মূলসুঁতিলৈ উভতি আহিছে। ইয়াৰ ফলত বি টি এ ডি অঞ্চলৰ লগতে সামগ্রিকভাৱে ৰাজ্যলৈ শান্তি উভতি আহিছে। আলফাৰ দ্বাৰা অপহৃত অ’ এন জি চিৰ কৰ্মচাৰীক বিনাচৰ্তে মুকলি কৰি আনিবলৈ সক্ষম হোৱাৰ জৰিয়তে প্রমাণিত হৈছে মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী কাৰ্যব্যৱস্থা। শান্তিপূর্ণ সহাৱস্থান সম্ভৱ হোৱা বাবেই ৰাজ্যখনৰ বিকাশে নতুন স্তৰলৈ গতি কৰিছে।
সুদীর্ঘ সময় ধৰি কাৰ্বি আংলং জিলাত অশান্তিময় পৰিৱেশ বিৰাজ কৰি থকা বাবে উন্নয়ন বাধাপ্রাপ্ত হৈছিল। জিলাখনৰ পৰা দিছপুৰৰ দূৰত্ব হ্রাস কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে পদক্ষেপ লৈছে। প্রথমবাৰৰ বাবে ডিফুত জিলা উপায়ুক্তসকলৰ সন্মিলন অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰীয়ে অকল প্রশাসন ব্যৱস্থাতে নহয়, জিলাখনৰ জনসাধাৰণৰ মনতো প্রত্যয়ৰ ভাব গঢ়ি তুলিবলৈ সক্ষম হৈছে ৷ কাৰ্বি চুক্তি অনুসৰি জিলাখনৰ আৰ্থ-সামাজিক ৰূপান্তৰৰ বাবে যি এহাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰা হৈছে, সেয়া নিশ্চিতভাৱে উন্নয়নৰ যাত্ৰাপথক অধিক ত্বৰান্বিত কৰিব। স্বায়ত্ত পৰিষদৰ আসনৰ সংখ্যা বৃদ্ধিৰ লগতে জনজাতিৰ বাবে সংৰক্ষিত কৰাৰ বাবে লোৱা চুক্তিৰ দফাই ইতিবাচক পৰিৱেশ নিৰ্মাণ কৰিব। অকল পাহাৰত বসবাস কৰা কাৰ্বি লোকেই নহয়, ভৈয়ামত বসবাস কৰা এই জনগোষ্ঠীৰ লোক উপকৃত হ’ব পাৰিব। আনহাতে কেইবাটাও প্রতিষ্ঠান স্থাপনৰ বাবে চুক্তিত দফা সন্নিৱিষ্ট কৰা হৈছে৷ ইয়ে অকল কাৰ্বি আংলঙকে

নহয়, সমগ্ৰ ৰাজ্যখনৰ নতুন প্রজন্মক নিয়োগমুখী যাত্ৰাৰে আগুৱাই যোৱাৰ বাবে মসৃণ পথৰ সূচনা কৰিব। চুক্তিখনৰ জৰিয়তে কাৰ্বি ভাষাৰ প্ৰতি যি শ্রদ্ধাৰ মনোভাব দেখুওৱা হ’ল, ইয়ে জনগোষ্ঠীয় ভাষাৰ উত্তৰণত এক নির্ণায়াত্মক ভূমিকা ল’বলৈ সক্ষম হ’ব। বড়ো শান্তি চুক্তিৰ দৰে কাৰ্বি শান্তি চুক্তিৰ জৰিয়তে বিদ্ৰোহীসকলৰ পুনৰ সংস্থাপন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে৷ ইয়াৰ জৰিয়তে মূলসুঁতিৰ পৰা সুদীর্ঘ দিন বিৰত থকা নতুন প্রজন্মই এখন শক্তিশালী অসম গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰিব পাৰি। মুখ্যমন্ত্ৰীয়ে লোৱা প্ৰয়াসৰ বাবে যিবোৰ উগ্ৰপন্থী সংগঠন এতিয়াও আলোচনাৰ মেজলৈ অহা নাই, সেইসকল মূলসুঁতিলৈ উভতি আহিব বুলি জনগণ আজি পতিয়ন গৈছে। আমাৰ দৰে বিভিন্ন জাতি-জনগোষ্ঠীৰে পৰিপূৰ্ণ ৰাজ্যখনৰ বাবে জনগোষ্ঠীয় সমন্বয় অতিশয় প্রয়োজনীয়। বিভিন্ন জাতি-জনগোষ্ঠীৰ বিকাশ আৰু সকলোৰে মাজত ঐক্যৰ পৰিৱেশ নিৰ্মাণ কৰিব নোৱাৰিলে শান্তি প্রতিষ্ঠা কৰাটো সম্ভৱ নহয়। এই বিষয়টো উপলব্ধি কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো জাতি-জনগোষ্ঠীক সর্বাংগীণ বিকাশেৰে আগুৱাই নিয়াৰ প্ৰয়াস চলাইছে। প্ৰতিটো সৰু বৰ জনগোষ্ঠীয়ে যাতে মর্যাদাসহকাৰে জীৱন-যাপন কৰি ৰাজ্যৰ বিকাশৰ অংগ হ’ব পাৰে সেই দিশত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰাটো অতিশয় প্রশংসনীয়। ৰাজ্যখনৰ অনুসূচিত জনজাতি এক উপজাতি হিচাপে তালিকাত থকা লালুং শব্দটোৰ স্থানত তিৱা শব্দটো ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰে ভাৰত চৰকাৰক অনুৰোধ জনোৱাৰ বাবে কেবিনেট সিদ্ধান্ত লোৱাটো এক উল্লেখনীয় দিশ। ৰাজ্য চৰকাৰে নতুনকৈ গঠন কৰা স্বায়ত্তশাসিত পৰিষদসমূহৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী সদস্যসকলক পূৰ্বৰ স্বায়ত্ত শাসিত পৰিষদসমূহৰ সৈতে সমহাৰত দৰমহা প্ৰদানৰ বাবে লোৱা সিদ্ধান্তই প্ৰতিটো জনগোষ্ঠীকে উপকৃত কৰিব। খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ মনত আত্মবিশ্বাসৰ ভাব প্রগাঢ় কৰাৰ বাবে কেবিনেটে ‘খিলঞ্জীয়া তথা জনজাতীয় বিশ্বাস আৰু সংস্কৃতি’ নামৰ নতুন বিভাগ গঠনত আনুষ্ঠানিক ভাৱে অনুমোদন জনাইছে। জনগোষ্ঠীয় ক্ষোভ প্রশমন আৰু উত্তৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰে আৰম্ভণিৰে পৰা লোৱা পদক্ষেপসমূহৰ বাবে সন্ত্ৰাসবাদত আশ্ৰয় লোৱা যুৱ প্ৰজন্মৰ মাজত এক বিশ্বাসৰ ভাব ৰোপণ হৈছে। সেইবাবেই তেওঁলোকে শান্তিৰ সন্ধানত গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত আস্থা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে জনগোষ্ঠীয় উত্তৰণৰ জৰিয়তে বিশ্বাস সৃষ্টি আৰু নতুন প্ৰজন্মক সেই বিশ্বাসৰ সৈতে খাপ খোৱাই এখন সমৃদ্ধিশালী অসম গঢ়াৰ বাবে লোৱা পদক্ষেপে ৰাজ্যখনক আৰু বহুদূৰ আগুৱাই লৈ যাব বুলি আমি বিশ্বাস কৰোঁ।