শান্তিৰ ন’বেল বঁটা বিজয়ী মাৰিয়া কৰিনা মাচাডোলৈ স্বাগতম – নাছিৰ আহমেদ

Pc Politico

শান্তিৰ ন’বেল বঁটা বিজয়ী মাৰিয়া কৰিনা মাচাডোলৈ স্বাগতম

নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা

ভেনিজুৱেলাৰ স্বৈৰাচাৰী ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰাৰ বিৰুদ্ধে গণতান্ত্ৰিক শাসন-ব্যৱস্থা প্ৰতিষ্ঠা কৰাৰ ববে স্বৈৰাচাৰিতাৰ বিৰুদ্ধেকেইবা দশক ধৰি নিৰ্ভীক ভাৱে ন্যায় সঙ্গত আৰু শান্তিপূৰ্ণ যুঁজত অৱতীৰ্ণ হৈ ভেনিজুয়েলাৰ বিৰোধী দলৰ নেতৃত্ব প্ৰদান কৰা আইৰণ লেডি মাৰিয়া কৰিনা মাচাডোলৈ ২০২৫ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা ঘোষণা কৰা হয়।

নৰৱেৰ ন’বেল বঁটা কমিটীয়ে এই শান্তিৰ ন’বেল বঁটা প্ৰদান কৰাৰ সময়ত মন্তব্য আগবঢ়ায় যে, গণতান্ত্ৰিক প্ৰসাৰৰ বাবে আগবঢ়োৱা অক্লান্ত প্ৰয়াসৰ স্বীকৃতি ৰূপে মাৰিয়া কৰিনা মাচাডোক ২০২৫ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা বিজয়ী হিচাপে মান্যতা প্ৰদান কৰা হৈছে।

ভেনিজুৱেলাৰ স্বৈৰাচাৰী ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰাৰ বিৰুদ্ধে হিংসা বা সশস্ত্ৰ সংগ্ৰামৰ পৰিৱৰ্তে মহাত্মা গান্ধীৰ ৰাজনৈতিক মতাদৰ্শ অহিংস তথা শান্তিপূৰ্ণ গণ আন্দোলন আৰু ৰাজনৈতিক আলোচনাৰ মাজেৰে স্বৈৰাচাৰী শাসন-ব্যৱস্থাৰ পৰিবৰ্তন সাধন কৰিব বিচাৰিছিল।

ন’বেল বঁটা কমিটীয়ে তেওঁৰ এই প্ৰচেষ্টাক গণতান্ত্ৰিক মূল্যবোধৰ বিশ্বব্যাপী প্ৰতিৰক্ষাৰ প্ৰতীক বুলি অভিহিত কৰিছে। ভেনিজুৱেলাত গণতন্ত্ৰৰ প্ৰতি ডাঙৰ প্ৰত্যাহ্বান আৰু উদ্বেগৰ কাৰণ হোৱাৰ সময়তে মাৰিয়া কৰিনা মাচাডোলৈ শান্তিৰ ন’বেল বঁটা প্ৰদান কৰা হৈছে। আৰু মাৰিয়া কৰিনা মাচাদোৰ অপ্ৰতিৰোধ্য শান্তিপূৰ্ণ গণ আন্দোলনৰ বাবেই ভেনিজুৱেলাৰ নাগৰিক সমাজে শক্তিশালী ক্ষমতা লাভ কৰিবলৈ সক্ষম হৈছিল।

মাৰিয়া কৰিনা মাচাদোৰ ১৯৬৭ চনৰ ৭ অক্টোবৰত ভেনিজুৱেলাৰ কাৰাকাছৰ এটি শিল্পপতিৰ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেওঁ আন্দ্ৰেছ বেলো কেথলিক বিশ্ববিদ্যালয়ৰ পৰা ঔদ্যোগিক অভিযান্ত্ৰিকতাৰ ডিগ্ৰী লাভ কৰে আৰু   পিছলৈ কাৰাকাছৰ আই,ই,এছ,এ( IESA) ৰ পৰা বিত্তীয় বিষয়ক স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ ২০০৯ চনত ইয়েল অৱাৰ্ল্ড ফেলোশ্বিপ প্ৰোগ্ৰামত অংশগ্ৰহণ কৰিছিল।

তেওঁ ১৯৯২ চনত কাৰাকাছৰ বাটৰ শিশুসকলৰ বাবে ফাণ্ডাচিয়ন এটেনিয়া নামৰ এটা সংস্থা প্ৰতিষ্ঠা কৰিছিল।

২০০২ চনত মাৰিয়া কৰিনা মাচাদোয়ে ” “সুমাত” নামৰ নাগৰিক অধিকাৰ সংগঠনৰ সহ-প্ৰতিষ্ঠাপক হিচাপে ভেনিজুৱেলাৰ নিৰ্বাচনৰ স্বচ্ছতাৰ নিশ্চিত কৰাৰ ওপৰত কাম কৰিছিল।

মাৰিয়া কৰিনা মাচাদোয়ে ২০১০ চনত ভেনিজুৱেলাৰ ৰাষ্ট্ৰীয় বিধানসভালৈ অভিলেখ সংখ্যক ভোট লাভ কৰি নিৰ্বাচিত হোৱা সত্ত্বেও কেৱল স্বৈৰাচাৰী ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰাৰ বিৰুদ্ধে স্বৈৰাচাৰী শাসন-ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাৰ বাবে তেওঁক ২০১৪ চনত ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰাইৰ চৰকাৰে অন্যায় ভাৱে জাতীয় পৰিষদৰ পৰা বহিষ্কাৰ কৰে। তেওঁ ২০১২ চনত ” ভেন্টে ভেনিজুৱেলা ” নামৰ ৰাজনৈতিক দল গঠন কৰি স্বৈৰাচাৰী শাসন-ব্যৱস্থাৰ বিৰুদ্ধে শান্তিপূৰ্ণ গণ  আন্দোলন চলাই গৈছিল।

যাৰ ফলত, তেওঁ ২০২৪ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী ৰাজনৈতিক দলসমূহৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে ৯২% ভোট লাভ কৰিছিল ; তথাপি ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰাইয়ে তেওঁক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ অযোগ্য বুলি ঘোষণা কৰিছিল। ইয়াৰ পিছত তেওঁ প্ৰাণনাশৰ ভাবুকি পোৱাৰ বাবে অজ্ঞাত স্থানত আত্মগোপন কৰিবলগীয়া হৈছে।

তেওঁ গণতন্ত্ৰ আৰু মানৱ-অধিকাৰ ৰক্ষাৰ বাবে নিৰলস সংগ্ৰাম চলাই যোৱাৰ বাবে শান্তিৰ ন’বেল বঁটা লাভ কৰাৰ আগতে একাধিক আন্তৰ্জাতিক পুৰস্কাৰ লাভ কৰিছিল। তাৰ ভিতৰত ভাক্লাভ হাভেল মানৱ অধিকাৰ বঁটা ( ২০২৪ চনত) আৰু ছাকাৰভ বঁটা ( ২০২৪ ) উল্লেখযোগ্য।

যেতিয়া মিঃ গণজালেজে ভেনিজুৱেলাত থাকিলে যিকোনো মুহূৰ্ত্তত স্বৈৰাচাৰী ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰাইৰ দ্বাৰা তেওঁ হয় জে’লত বা চৰম শাস্তিৰ সন্মুখীন হ’ব পাৰে বুলি ভাৱি ২০২৪ চনত স্পেইনত কুটনৈতিক আশ্ৰয় বিচাৰি  গৈছিলহি , তেতিয়াও তেওঁ মাৰিয়া কৰিনা মাচাদোৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিছিল। কাৰণ, মাৰিয়া কৰিনা মাচাদো আছিল এগৰাকী স্বাধীনতা মুক্তি যুঁজাৰু।

কেৱল সেয়ে নহয়, তেওঁ মুক্ত অৰ্থনৈতিক সংস্কাৰৰ পক্ষত আছিল আৰু ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত শিল্প-বাণিজ্যসমূহ বিশেষকৈ ভেনিজুৱেলাৰ তেল উদ্যোগ বা কোম্পানীসমূহক ব্যক্তিগতকৰণ কৰাৰ বাবে প্ৰচাৰ চলাইছিল। তেওঁ সদায় জনকল্যাণমূলক আঁচনি প্ৰস্তুত কৰাৰ বাবে সমৰ্থন আগবঢ়াইছিল  ; যিবোৰ আঁচনিয়ে দৰিদ্ৰ, নিচলা মানুহবোৰক আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি তেওঁ বিশ্বাস কৰিছিল।

যাৰ কাৰণে, মাৰিয়া কৰিনা মাচাদোলৈ ২০২৫ বৰ্ষৰ ১০ অক্টোবৰ শুক্ৰবাৰে শান্তিৰ ন’বেল বঁটা ঘোষণা কৰাৰ সময়ত ন’বেল কমিটীয়ে স্পষ্টীকৰণ দি কৈছিল যে, শান্তিৰ ন’বেল বঁটা লাভ কৰাৰ বাবে যি যি গুণৰ প্ৰয়োজন, আটাইখিনি বৈশিষ্ট্য মাৰিয়া কৰিনা মাচাদোৰ ব্যক্তিগত আৰু ৰাজনৈতিক জীৱনত হুবহু ভাৱে তাৰ প্ৰতিফলন আমি দেখিবলৈ পাইছোঁ বা  প্ৰকাশ হৈছে।

মাৰিয়া কৰিনা মাচাদোয়ে শান্তিৰ ন’বেল বঁটা বিজয়ী হিচাপে ন’বেল কমিটীৰ এজন সদস্যৰ লগত হোৱা ম’বাইল ফোনত হোৱা বাৰ্তালাপত জানিবলৈ পাই মনৰ ভাৱ প্ৰকাশ কৰিছে,এনে ধৰণে—–

“I am in shock . I can’t believe this —- my God!

গণতন্ত্ৰ ৰক্ষাৰ অতন্দ্ৰ প্ৰহৰী, সমাজ সেৱক, মানৱ অধিকাৰৰ বাবে যুঁজ দিয়া মহীয়সী নাৰী, প্ৰগতিশীল চিন্তাধাৰাৰ ধাৰক- বাহক আৰু ২০২৫ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা বিজয়ী মাৰিয়া কৰিনা মাচাদোলৈ জনাইছোঁ প্ৰীতিভৰা স্বাগতম!