শান্তিপুৰত অভিনন্দন অনুষ্ঠান
ৰঙিলী বাৰ্ত্তাসেৱা- ১২নং ৱাৰ্ডৰ পাৰিষদ দীপাংকৰ বৈশ্যৰ উদ্যোগত শান্তিপুৰ নামঘৰ প্ৰেক্ষাগৃহত প্ৰায় ১০০ গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠানত মধ্য গুৱাহাটী বিধান পৰিষদৰ সম্পাদক ভূপেন ঠাকুৰীয়া,১৩নং ৱাৰ্ডৰ পৰিষদ তথা অসম মহিলা পৰিষদৰ সভানেত্ৰী পূৰবী তালুকদাৰ,অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা মধ্য গুৱাহাটী যুৱ পৰিষদৰ সভাপতি সুশান্ত দেৱ চৌধুৰী,মধ্য গুৱাহাটী বিধান পৰিষদৰ সহ সম্পাদক মুকুট কলিতা,মধ্য গুৱাহাটী মহিলা পৰিষদৰ সভানেত্ৰী গীতাৰাণি কলিতা,সহ সম্পাদিকা জয়া দাস,১২নং ৱাৰ্ডৰ যুৱ পৰিষদৰ সভাপতি ভাৰ্গব শৰ্মা,সম্পাদক সুনীল দাস,দিবাকৰ ৰাজবংশী,১১নং ৱাৰ্ডৰ যুৱ পৰিষদৰ সভাপতি জাভেদ আলী,শেখৰ সিং, শঙ্কৰ পাল,১৩ নং ৱাৰ্ডৰ ৰতন পাল উপস্থিত থাকে।