শাওন
শিখা ৰাণী দাস ,গোৰেশ্বৰ
হৃদয়ৰ কোণেৰে আলফুলকৈ সৰকা,
এইয়া শাওনৰ বৰষুণৰ টোপোলত
কৃষকৰ আশাৰ জয় গান,,,,
মেঘে মাদল বজাই নীল আকাশত
সপোন সিচে শাওনৰ অনুৰাগীক,
মেদিনীৰ অফুৰন্ত হেঁপাহে ঢাপলি মেলে পথাৰলৈ বুলি
তেওঁ যে অনুৰাগী
শাওনৰ থপথপীয়া বোকা মাটিৰ,,,
শাওন মানেই হেঁপাহৰ দলিচাত সোণগুটি সৃষ্টিৰ
সেউজ স্বপ্নৰে শ্যামলীমা পথাৰ গঢ়াত সহযোগ কৰে
কৃষকৰ দুবাহুত এক অফুৰন্ত শক্তি,
আপ্ততাৰ পোহৰ বিলাই ৰোৱনীয়ে
সৃষ্টি কৰে সেউজীয়া আলি,
কঠিয়াৰ মুঠিবোৰে সপোনগুটি কঢ়িয়াই,
চিপ্ চিপ্ বৰষুণৰ বোকোচাত উঠি
অনুৰাগীয়ে সোৱাদ লয় শাওনৰ,,,,
