শাওন
বন্তি বৰা
বৰপথাৰ
নাঙলৰ ফালে কটা সীৰলুত
পিতাইৰ সপোনে নাচে
শাওনীয়া দেহত মুকুতা সৰে
শাওনৰ আকুল আহ্বানত
সাঙোৰ খাই পৰে
মাটি আৰু মানুহৰ নিবিড় সহৃদয়তা
চহাই মৈয়াই সাজু কৰা হয়
ৰজস্বলা পথাৰ
পিতাইৰ দুচকুত আঘোণৰ সপোন
বুকুত সোণগুটি চপোৱাৰ আশা
ভূঁই ৰুই থকা দুপৰীয়া
হাঁহি বোৰে গতি কৰে
সেউজীয়া কবিতা বোৰে প্ৰাণ পাই উঠে
শাওনীয়া কলাফুলত
খামুচি ধৰে চেলাপটি জোক
ভয় নাই বুকুত আঘোণৰ সপোন
সোণোৱালী, ৰূপোৱালী মাছবোৰৰ খলকনিত
উদুলি মুদুলি শাওনৰ পদূলি
জাকৈয়া গাভৰুৰ উচ্ছাসত
মেঘমল্লাৰ নামে
চেঙেলীয়া বতাহচাটিয়ে সুৰৰ লহৰ তোলে
শুকুলা সাজেৰে পথাৰৰ পাৰত
বগলীবোৰে মেল পাতে
কথা চহকী ভেকুলীবোৰেও
টোৰ টোৰ কৰি শাওনক
আদৰে
চঞ্চলা গাভৰুজনীয়ে পথাৰত মেলে
খৰিছা পোৰামাছ আৰু কঁঠাল গুটিৰে
পইতা ভাতেৰে এসাজ
ঘেলঘেলীয়া বোকামাটিত গুজিদিয়ে ৰোৱনীয়ে সপোন সম্ভাৰ
ৰ’দৰ ৰসত ৰোৱনীৰ ৰূপ চৰে
হাতৰ কুশলতাত পথৰুৱাৰ সপোনে নাচে
শাওন প্ৰাপ্তিৰ প্ৰতিশ্ৰুতি
শাওন জীৱন সঞ্জীৱনী
শাওন খেতিয়কৰ হেঁপাহ
শাওন সুদিনৰ আত্মপৃষ্ঠা
শাওন জীৱন জুৰুৱা
এটি মিঠা কবিতা