শাওন
গীতাৰ্থী ঠাকুৰ,দেৰগাঁও
প্ৰতিশ্ৰুতি আছে হেনো তাত
ওন্দোলা মেঘত আউজি ৰোৱা
আকাশ ক’লে।
আকাশৰ আঁজলিত বৰষা।
বৰষুণ হৈ নামি আহা
চুই চোৱা, বুকুৰ উহঁত
ওফন্দি অহা
এজেৰুৱা অভিমান।
বেঙুনীয়া
নে নীলা ?
ডুবিব পৰাকৈ
আছেনে চকুত
এখন লুণীয়া সাগৰ ?
হেৰাব পৰাকৈ আছেনে বুকুত
এখন অৰণ্য ?
মই মৌপিয়া
চুহিম ওঠৰ হেঙুলীয়া।
তুমি ক’ত
তুমি ক’ত?
ক’ত বিচাৰোঁ তোমাক?
সাগৰত?
আকাশত ?
বৰষুণত?
অৰণ্যত ?
এন্ধাৰত ?