শাওন এক প্ৰতিশ্ৰুতি
ৰুলী গোঁহাই,মৰিগাঁও
নতুন প্ৰতিশ্ৰুতি লৈ শাওন
সদায়েই আহে!
চিৰাল ফটা ধৰিত্ৰীক জীপাল কৰিবলৈ
বাৰিষাৰ ধল হৈ শাওন নামি আহে,
খেতিয়কৰ দুচকুলৈ শাওনে
লৈ আনে হেজাৰ সপোন।
মন ভৰি আশাৰ জোৱাৰ নামে।
নাঙলৰ সীৰলুত ঘামবোৰে
সোণগুতিৰ বীজ সিঁচে।
প্ৰতিশ্ৰুতি ভৰা শাওন!
খেতিয়কৰ সপোনৰ ভূঁইৰ
গুজবোৰ আশাৰ গজালি হৈ উঠে।
সেউজীয়া শাওন, সেউজীয়া..সেউজীয়া..
সেউজীয়াৰ মাজত ফুল-ফুলাৰ
উক-মুকনি..তাতে,
প্ৰকৃতিৰ প্ৰত্যাহ্বান নেওচি
খেতিয়কৰ সপোনবোৰে থোৰ হৈ
আকাশ চুব খোজে।
শাওনে সৃষ্টিৰ পোহাৰ মেলি
মেলানি মাগে….
সেউজীয়াৰ বুকুত আশাবোৰে
হেঁপাহৰ ৰং সানি বাট চাই ৰয়
আঘোনৰ সোনোৱালী দিনবোৰলৈ…
শাওন গুছি যায়…
ঘূৰিবেলি অহাৰ প্ৰতিশ্ৰুতি লৈ
সেউজীয়া শাওন…প্ৰতিশ্ৰুতিভৰা শাওন….