শাওণ— সম্ভাৱনাৰ ভ্ৰুণ
ৰিজুমণি বৰা কলিতা
বন্ধ কোঠাৰ দুৱাৰ খুলি চালোঁ
আকাশত ইমান ডাৱৰ !
নিশব্দত মোৰ বুকুতো গজে
নিৰাশাৰ ক’লীয়া ডাৱৰ ,
সশব্দে নামি আহিব নাজানে
যিদৰে মূধচেৰে
গুৰি গুৰিকৈ মেঘবোৰ সৰে ,
তথাপি বৰ্ষাস্নাত গছৰ আহ্লাদত মই হাঁহো
ধুমুহাত মূলচ্ছেদিত গছৰ বিষাদত মই কান্দো ।
চৰাইজাক দূৰণিলৈ উৰি গুছি যায়
যিদৰে পথাৰ বিমুখ মোৰ গাঁৱৰ ডেকাজাক
বিদেশৰ কাৰখানাত নিৰুদ্দিষ্ট হয়,
নিশকতীয়া কান্ধত আজিও লৈ ফুৰো
জহাধানৰ কঠীয়া এদোণ
চন পৰা মাটি ডৰাতে তেওঁ
পুতি থৈ গৈছে
তেজ আৰু ঘামেৰে সিক্ত
ৰ’দ ৰঙী চেকুৰা চেকুৰ সোণ ,
মেঘৰ গৰ্জন নেওচি
মুকলি পথাৰলৈ যাও আহ
শাওণৰ বোকাত গুঁজি দিও
নতুন সম্ভাৱনাৰ ভ্ৰুণ
চৰাইজাক উলটি অহাৰ বাটেৰেই
লহপহকৈ বাঢ়ি আহক সোণালী আঘোণ ।