শাওণ – মিতালী গোস্বামী

শাওণ

মিতালী গোস্বামী,দেৰগাঁও

এবাটি ফিকাপানী
তৰবৰীৰ এচকল মৰম
কেঁচা তামোলৰ বকটুত চুন চাদাৰ ৰং
ওঁঠত এমোকোৰা শাওণ৷

পিঠিত যিদিনা ৰ’দে ডাঁকে
ঘামচিৰ জোলাবোৰ পকে
কাঁচিৰ আগত মৰম ফুটে
তৰবৰী গা ভাৰী হয় মৰমতে৷

পথাৰৰ বোকাৰ গোন্ধটো
বুকুত বৈ ফুৰে সিহঁতে
হাঁহিবোৰ শাওণত আঁঠুলৈকে তিতে
জাকৈ চালনিত সুখ ৰ
নাঙল পিঠাৰ লুথুৰি পকে৷

এনেকৈয়ে দহমাহ দহদিন
গৰ্ভত আশাৰ গোজৰ গেৰ ধৰিলেহে
ভঁৰালৰ ধানে হাঁহে
বোকা দিবলৈ পানী লাগে বাবেইতো
বান আহে,পথাৰে তেতিয়াই হাঁহে৷