শাওণ মাহৰ ওপৰত একলম – লখিমী শৰ্মা

শাওণ মাহৰ ওপৰত একলম

লখিমী শৰ্মা, যোৰহাট

আমি ভাৰতীয় সকলৰ বাবে শাওণ মাহ অতিকৈ গুৰুত্বপূৰ্ণ মাহ । পবিত্ৰ এটি মাহৰ কথাৰে এই মাহটোত মহাদেৱৰ পূজা কৰোঁতে চাকি , ধূপ , ধূনা , নৈবেদ্যৰ লগতে ডম্বৰুৰ ধ্বনি মহাদেৱৰ শ্ৰী চৰণত অৰ্পণ কৰিব লাগে । যিসকল লোক মহাদেৱৰ ভক্ত ! বহু দিন ধৰি মহাদেৱক স্মৰণ কৰি পূজা কৰি আহিছে অৰ্থাৎ মহাদেৱক ভক্তিভাৱেৰে সেৱা জনাই  ব্ৰত ৰাখি শুদ্ধ মনেৰে পূজা অৰ্চণা  কৰি আহিছে তেওঁলোকৰ  বাবে এই শাওণ মাহটো ডাঙৰ মাহ হিচাপে পৰিলক্ষিত হয় । সাগৰ মন্থন কৰাৰ সময়ত তেতিয়া তাৰ পৰা বিহ নিৰ্গত হৈছিল । সমগ্ৰ জগতক ৰক্ষা কৰিবৰ কাৰণে শিৱই বিহ পান কৰি নীলকণ্ঠ হৈছিল, আৰু সমগ্ৰ পৃথিৱীক ৰক্ষা কৰিছিল । যেতিয়া শিৱই বিহ পান কৰিছিল তেতিয়া সমগ্ৰ দেৱ – দেৱীয়ে তেওঁৰ শিৰত আৰু দেহত গাখীৰ আৰু পানী ঢালিছিল কাৰণ তেওঁ যাতে বিহ মুক্ত হয় । সেই সময়ত শাওণ মাহ আছিল । সেই শাওণ মাহতেই সাগৰ মন্থন হৈছিল । তেতিয়াৰ পৰাই শিৱক জ্বলাভিষেক কৰা হয় ! কোনো পবিত্ৰ নদীৰ পৰা পানী আনি খালি ভৰিৰে শিৱৰ লিংগত জল প্ৰদান কৰিলে মানুহৰ মনৰ আশা সম্পূৰ্ণ হয় বুলি ধাৰণা আছে । সেইগতিকে  এই মাহত অগণন মহাদেৱৰ ভক্ত সকলে ” বল বম ” যাত্ৰা কৰে, মহাদেৱৰ আশীষ বিচাৰি । শাওণ মাহত বৰ্ষা ঋতুৰ আগমনৰ ফলত জলাধাৰ সৃষ্টি হয় । অন্যহাতে এই শাওণ মাহটো প্ৰেমৰ মাহ হিচাপেও মনা যায় । শাওণ মাহত ” মা ” পাৰ্বতীয়ে শিৱৰ কাৰণে প্ৰাৰ্থনা কৰিছিল।কোৱা হয় যে, কোনোবা অবিবাহিত থাকিলে মহাদেৱে তেওঁলোকৰ ওপৰত কৃপাদৃষ্টি প্ৰদান কৰে বুলি  জনা যায় । এই শাওণ মাহত ভগৱান বিষ্ণু যোগ নিন্দ্ৰাত থাকে । গতিকে শাওণ মাহত সমগ্ৰ পৃথিৱীৰ দায়িত্ব থাকে মহাদেৱ শিৱৰ । গতিকে শাওণ মাহত যাতে মহাদেৱ অসন্তুোষ্ট নহয় সেই কাৰণে শাওণ মাহত মহাদেৱক আৰাধনা কৰা হয় ।সকলো মানুহ জ্ঞাত যে ভগৱান শিৱ সহজ সৰল ! আপুনি যি ধৰণেৰে শিৱক আৰাধনা কৰিব তেওঁ সেই ধৰণেৰে প্ৰাৰ্থনা স্বীকাৰ কৰি লয় । ভগৱান শিৱক বেলপাত দিওঁ পূজা – অৰ্চণা  কৰা হয় । কোনোবা অবিবাহিত ল’ৰা বা ছোৱালীৰ মনত কিবা আশা থাকে এই আশা পূৰণ কৰা উপায় হ’ল মহাদেৱক জ্বলাভিষেক কৰা । তেতিয়া তেওঁলোকৰ মনৰ আশা সম্পূৰ্ণ হয় ।