শাওণ
মালবিকা দেৱী, শোণিতপুৰ
শাওণত সঘনাই বৰষুণ দিয়ে
কৃষকৰ মনত আনন্দ লাগে।
পুৱাতে পথাৰলৈ ওলাই গৰু হাল লৈ
কান্ধত নাঙল হাতত এচাৰি লৈ
পিছে পিছে ৰোৱনী যায় ভূঁই ৰোবলৈ।
হালোৱাই হাল বাই বোকা দি যায়
ৰোৱনীয়ে ভূঁই ৰুই পথাৰ উপচাই।
শাওণৰ পথাৰত কৃষকে সপোন দেখে
আঘোণত ভৰিব পথাৰ সোণগুটিৰে।
হাড়ক মাটি আৰু তেজক পানী কৰি
কৃষকে শ্ৰম কৰে শাওণৰ পথাৰতে।
কৃষক ৰোৱনী আমি চহা গাঁৱলীয়া
শাওণৰ বোকা পথাৰ আমাৰ লগৰীয়া।
কৃষক ৰোৱনী আমি পথাৰেই আপোন
শাওণৰ পথাৰত দেখো ন-ন সপোন।