শাওণ
মনালিছা শইকীয়া
বোকাখাত
জালিকটা ৰ’দৰ ফাঁকত
ন কুঁহিপাতৰ অব্যক্ত অপৰাহ্ন
সৌৱা
কলীয়া মেঘৰ দুন্দুভি বজাই
নৃত্যৰতা পৃথিৱীত সম্ভাৱনাৰ ঋতু
ভৰ বাৰিষাৰ দোকোল-টকা বানত
চহা জনতাৰ আটকীয়া সপোনবোৰ
উটি ভাহি যোৱাৰ নিৰ্দয় সময়বোৰতো
নৈ অথবা বাৰিষা আমাৰ পূৰ্ণতাৰ পাঠ
আমাৰযে
এধানি চেতনাৰ মঙ্গলময় সমদলত
এজাক পোহৰমুখী মানুহৰ সৈতে অনন্তযাত্ৰা
শাওণ
সম্ভাৱনাৰ অনন্ত উৎস
সেউজীয়া ভূঁইৰ গজালিত থিতাপি লোৱা
খেতিয়কৰ সোণ হালধীয়া সপোনৰ কৰ্ষণ …