শাওণ- পংকজ সভাপণ্ডিত

istockphoto

শাওণ

শাওণ,

স্পন্দিত সময়ৰ এক আশা,
শাওণৰ পথাৰত অঙ্কুৰিত হয়
চহা খেতিয়কৰ ভৱিষ্যতৰ সপোন,
ৰোৱনি আৰু খেতিয়কৰ
প্ৰানচঞ্চল হাহি আৰু অপৰিসীম শ্ৰমৰ
এখন ছবি শাওণৰ পথাৰ…..
কজলা মেঘ,টোপাল,টোপাল বৰষুণ,
বুকু কপোৱা গাজনি,
বোকাৰে লুতুৰি শৰীৰ,
গুচি গুচি কঠিয়া খুপি খুপি ৰোৱা,
শাওণৰ পথাৰ এখন জীয়া ছবি।
অনাগত দিনৰ সপোন পুৰাবলৈ
শাওণৰ পথাৰতেই আছে মেহনতি হাতৰ পৰশ
অপেক্ষা মাথো আঘোনত সোণগুটি বুটলিবলৈ…

পংকজ সভাপণ্ডিত
উত্তৰ লখিমপুৰ