শাওণ গ’লগৈ
ৰুমী কলিতা দত্ত
২নং কেন্দুগুৰি,ডিব্ৰু গড়
আহাৰৰ পাছে পাছে গ’লগৈ শাওণৰ সেন্দুৰী মেঘ, বোকা মাটিৰ গোন্ধটিও লগতে লৈ গ’ল ।প্ৰখৰ ৰ’দৰ প্ৰতাপত কৃষক জনকো নিদিলে সংসাৰৰ সপোনবোৰৰ সতে খেলিবলৈ,এই উচ্চ ৰক্তচাপে বহুতৰে জীৱন কাঢ়িছে । জীৱন এনেকুৱাই কচুপাতৰ পানী , কণ কণ শিশু দুটিৰ সতে আজি মঞ্জুলাই এযোৰ বগা সাজ পৰিধান কৰিব , য’ত থাকিব পবিত্ৰতা ।দগমগীয়া সেন্দুৰকণে আজি বাগৰ সলাই তাই স্বামীৰ পৰা অকাৰণে পাই অহা তিৰস্কাৰ খিনিকো লৈ গ’ল।