শাওণ – অলক ঠাকুৰীয়া

শাওণ

অলক ঠাকুৰীয়া
টিহু

সেউজবুলীয়া সাঁকোৰে
বাট বুলা
শইচৰ
অতনু উচাহ।

স্বর্ণাভ দ্যুতিৰ
উন্মুখ আশা
পৰাণ জুৰোৱা

সুষমা সপোনৰ
সঞ্জীবনী সুধা।