শাওণৰ সপোন – নিৰ্মিতা বৰগোহাঁই

শাওণৰ সপোন

নিৰ্মিতা বৰগোহাঁই,গুৱাহাটী

বাৰিষা দোপালপিতা বৰষুণত
জীপাল হৈ পৰে
শাওণৰ গাভৰু পথাৰ
কৃষকৰ বুকুত বাজে
সভ্যতাৰ সেউজীয়া গান
কান্ধত নাঙল লৈ
ৰ’দ,বৰষুণ নেওচি
টকৌপতীয়া জাপিৰ তলত
কৃষকে সপোন ৰচে
টোমত গজালি মেলে
জহা,বৰা,সুৱাগমণিৰ
মুঠিয়ে মুঠিয়ে সিঁচে
হেঁপাহৰ সোণগুটি বীজ
লহ্‌পহ্‌কৈ বাঢ়ি আহে
কোমল সেউজীয়া কঠীয়া
সেউজীয়াত চিটিকি পৰে
এজাক কাকতী-ফৰিং
ৰোৱণীৰ নিমজ কলাফুলত
আলটীয়া বোকা মাটি
উশাহত উজাই আহে
আশাৰ অনামি সুবাস
সঁজাল কঠীয়াৰ শিপায়ে
শাওনৰ পথাৰখনিক
লাহেকৈ খামুচি ধৰে।