শাওণৰ জীপাল সপোন – মঞ্জু হাজৰিকা

Pc- istockphoto

শাওণৰ জীপাল সপোন

মঞ্জু হাজৰিকা
ডিফু

কি স’তে বুজাওঁ তোমাক
শাওণৰ জীপাল সপোনৰ কথা

প্ৰাকৃতিক সৌন্দর্য
নাঙলৰ মুঠিত ধৰি চিৰসেউজ
গিৰিমালাতে শাওণৰ পথাৰৰ
সদ্যপুস্পিতা কিম্বা
ষোড়শী গাভৰু ৰোৱণীৰ
মন উতনুৱা কৰা তোমাৰ
কেট্ ৱাক , অনন্য
য’ত নামে মেঘাচ্ছন্ন আকাশতো
প্ৰেমৰ বন্যা
মই যে তোমাৰ অলকানন্দা,

তুমিটো,,,,

সেউজ কোঁৱৰ সেউজীধৰাৰ
জোৱান অৱ আৰ্ক তুমি
তুমিয়েই কিউপিড্ পেৰিচৰ
লুভ্ ভাৰ কায়েচ, ফৰহাদ্ ।

তুমিয়েই হজৰত ইব্রাহীম
মোৰ আপোনৰো আপোন
তুমি মোৰ,,,,
শাওণৰ জীপাল সপোন।।