শাওণৰ গান – পাৰিজাত বৰুৱা

শাওণৰ গান

পাৰিজাত বৰুৱা,গোলাঘাট

মেঘৰ নাচোনত
চঞ্চল পথাৰত পানী আঙুলিৰো নাচ
শাওণাই আওৰায় পিতাই শিকোৱা শইচৰ গান
সেই গানতে মান গানতে ধান ৷
বোকাৰ গোন্ধত বাউল হৃদয়ত
শাওণীৰ চেলাপটীয়া ভোক ওপৰলৈ উজায়
ভোকতে ভোগ ভোগতে সুখ
তাই গোজে এমাডিমা আশাৰ কঠীয়া
সি মৈয়াই গ’ল বুকু-বহল পথাৰ
লেপথেপীয়া কৰি গ’ল তাইৰ ঘামগোন্ধোৱা গা
সি বন্ধা কেঁচা আলিয়েদি তাই সপোনত দেখে
জৰক্‌ জৰক্‌ মাতেৰে দৌৰি অহা আঘোণ এটা ৷