শব্দ-বাণ

p.c-linkedln
শব্দ-বাণ
শব্দৰ বাণে
ভেদিব পাৰে হৃদয়
তচনচ কৰিব পাৰে
এটা মধুৰ সম্বন্ধ–!
উত্তেজনা কাৰনো নাথাকে?
বশীভূত কৰিব নোৱাৰিলেই
অপ্ৰিয় শব্দৰ বৰষুণ পৰে।
সহজেই ক’ব পাৰি
“মোৰ গৰজ পৰা নাই।”
উত্তেজনা শাম কটাৰ পিছত
ঘূৰাই ল’ব পাৰি জানো
সেই প্ৰক্ষেপিত শব্দ ?
কিন্তু সেই শব্দৰ প্ৰতিক্ৰিয়া
বৈ যায় হৃদয় ভেদি।
অব্যৰ্থ শব্দ-বাণত
ভাঙি পৰা হৃদয়ত
ছিঙি যায় বিশ্বাসৰ এনাজৰী।
আয়নাল হক , ধুবুৰী