শব্দ – কাজি শ্বাহাদত ইছলাম 

শব্দ
কাজি শ্বাহাদত ইছলাম 
জনিয়া , বৰপেটা
ধুমধামেৰে ওলাই অহা কিছু শব্দ
চেপি ৰাখিছোঁ কণ্ঠস্বৰৰ তলদেশত।
মোৰ শালিকীজনী অনাহাৰে আজি বহু দিন…
তেওঁ শব্দৰ ভোকাতুৰ।
সৌ সিদিনা কিছু জুই বৰষিছিল,
গোলাপী আপেলত ক’লা দাগ কাটি
বতাহৰ সৈতে উৰি গৈছিল অচিন প্ৰান্তলৈ।
মই ভবাই নাছিলোঁ মৰমৰ অত তেজ,
ৰঙীন চাদৰক বগা কাফন কৰোঁতে
নলয় অণুপল সময়ো , কাতি হ’ল সৰ্ব আমেজ।
চাই আছোঁ চাই আছোঁ অভিমানৰ অভিযান,
ৰক্তাশ্ৰুৰ নদী নবওক মনে পালে উমান।
আপাততঃ মই বৈৰী, মই পংগু, মই বোবা, মই অন্ধ!
শেতেলীত মোৰ শব্দৰ খেলত জয়ী হোৱাৰ হেঁপাহ।
চাও, বঠাহীন নাৱৰ শেষ প্ৰান্ত কি !